Skip to main content

ক্ৰিপ্ট’ আৰু বিটকইন ROI কেলকুলেটৰ (Crypto & Bitcoin ROI Calculator)

By আগষ্ট 23, 2021মে’ 4th, 20222 minute read
crypto-roi-calculator

প্ৰতিজন বিনিয়োগকাৰীৰ বাবে বিনিয়োগৰ ওপৰত মুনাফা (ROI) হৈছে মুখ্য গুৰুত্ব। ROI হৈছে এক মানদণ্ড, বিভিন্ন বিনিয়োগৰ পূৰ্বানুমান কৰা লাভৰ মূল্যাঙ্কন কৰিবলৈ বহুলভাৱে ব্যৱহৃত ব্যৱসায়ৰ সূচক সংখ্যা। এই ব্যৱসায়ৰ সূচক সংখ্যাটো ষ্টক, কৰ্মচাৰী, ক্ৰিপ্ট’ বা আনকি ভেড়াফাৰ্মকে ধৰি যিকোনো বস্তুৰ মূল্যাঙ্কন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। মূলতঃ যিকোনো বস্তু আৰু লাভ প্ৰাপ্ত কৰাৰ সম্ভাৱনা থকা সকলোবোৰ ব্যয়ৰ এটা ROI আৱণ্টন থাকিব পাৰে।

এনে বিনিয়োগৰ মুনাফা মূল্যায়ন কৰাৰ পিছতহে এক উচিত বিনিয়োগৰ সিদ্ধান্ত ল’ব পাৰি। 

বিনিয়োগকাৰীসকলে সাম্ভাব্য মুনাফা গণনা কৰিবলৈ একাধিক কৌশল ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন প্লেটফৰ্মে ইয়াৰ মূল্যাঙ্কন কৰিবলৈ কেলকুলেটৰ আৰু কৌশল আগবঢ়ায়। যদিও পৰম্পৰাগত বিনিয়োগবোৰৰ মূল্যাঙ্কনৰ বাবে বিভিন্ন প্ৰক্ৰিয়া আছে কিন্তু ক্ৰিপ্ট’ বজাৰখন অস্পৰ্শিত হৈ আছে। বিটকইন, ইথেৰিয়াম, আৰু অন্যান্য ক্ৰিপ্ট’ৰ দৰে ডিজিটেল সম্পদৰ চাহিদা সৰ্বকালৰ সৰ্বাধিক হৈছে আৰু ইয়াৰ বাবে তথ্যপূৰ্ণ সিদ্ধান্ত লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ।

আমি WazirX ত বিনিয়োগ কৰাৰ আগতে সদায় পুংখানুপুংখ গৱেষণাৰ ওপৰত জোৰ দি আহিছো। আমাৰ বিনিয়োগকাৰী আৰু ক্ৰিপ্ট’ সম্প্ৰদায়ক বৃহৎ পৰিমাণে সহায় কৰিবলৈ আমি আমাৰ ক্ৰিপ্ট’/বিটকইন ROI কেলকুলেটৰ মুকলি কৰিছো।

ইয়াত চেষ্টা কৰক!

ক্ৰিপ্ট’/বিটকইন ROI কেলকুলেটৰৰ সৈতে আপুনি কৰিব পাৰে:

  • বিনিয়োগৰ সঘনতাৰ ওপৰত আধাৰিত কৰি আপোনাৰ ক্ৰিপ্ট’ বিনিয়োগৰ মুনাফা গণনা কৰক (মাহিলী বা একমুঠ পৰিমাণ),
  • একাধিক সময় ফ্ৰেমৰ বাবে মুনাফা গণনা কৰক,
  • সাম্ভাব্য মুদ্ৰাস্ফীতিৰ বিষয়েও বিবেচনা কৰক,
  • আপোনাৰ প্ৰিয় ক্ৰিপ্ট’ৰ অতীতৰ প্ৰদৰ্শন মূল্যাঙ্কন কৰক আৰু বিনিয়োগৰ আদৰ্শ হাৰ নিৰ্ধাৰণ কৰক,
  • চলাচল কৰি থাকোতে সিদ্ধান্ত লওক।

ক্ৰিপ্ট’/বিটকইন ROI কেলকুলেটৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে?

আমি প্ৰক্ৰিয়াটো যিমান সম্ভৱ সিমান সৰল কৰিছো।

পদক্ষেপ 1: কেলকুলেটৰত প্ৰথমে বিনিয়োগৰ সঘনতা বাছনি কৰক – মাহিলী বা এক মুঠ পৰিমাণ

পদক্ষেপ 2: বিনিয়োগৰ পৰিমাণ প্ৰবিষ্ট কৰক

পদক্ষেপ 3: আশা কৰা অনুসৰি মুনাফাৰ হাৰ যোগ দিয়ক। আপুনি ইয়াত আপোনাৰ পছন্দৰ ক্ৰিপ্ট’ৰ অতীতৰ প্ৰদৰ্শনো পৰীক্ষা কৰিব পাৰে।

পদক্ষেপ 4: বিনিয়োগৰ ম্যাদ বাছনি কৰক। 

পদক্ষেপ 5: মুদ্ৰাস্ফীতিৰ পূৰ্বানুমান কৰা হাৰ যোগ দিয়ক (যদি প্ৰয়োজন হয়)। 6% অবিকল্পিত হাৰ স্বয়ংক্ৰিয়ভাৱে প্ৰয়োগ কৰা হয়।

পদক্ষেপ 6: সিমানখিনিয়েই! আপোনাৰ বিনিয়োগৰ পৰিমাণ আৰু লাভ কৰিব পৰা সম্ভাৱ্য সম্পদ আপোনাৰ সন্মুখত দৃশ্যমান হ’ব।

ওপৰত উল্লেখ কৰাৰ দৰে আপোনাৰ ক্ৰিপ্ট’ বিনিয়োগৰ সাম্ভাব্য লাভ/লোকচান মূল্যাঙ্কন কৰাৰ বাবে বিনিয়োগৰ ওপৰত মুনাফা (ROI) হৈছে এক জনপ্ৰিয় পদক্ষেপ। আমি আশা কৰোঁ এই ROI কেলকুলেটৰে আপোনাক আপোনাৰ গৱেষণাত সহায় কৰিব। এইটো স্মাৰ্ট উপায়েৰে কৰক আৰু আজিয়েই আপোনাৰ ক্ৰিপ্ট’ যাত্ৰা আৰম্ভ কৰক!

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply