Skip to main content

WazirX-ত একাউণ্ট এটা কেনেদৰে সৃষ্টি কৰিব? (How to create an account on WazirX?)

By নৱেম্বৰ 9, 2021মে’ 13th, 20224 minute read
Praveen R

WazirX একাউণ্ট এটাৰ বাবে ছাইন আপ কৰাটো এটা অতি সৰল প্ৰক্ৰিয়া।

আপুনি কৰিবলগীয়া প্ৰথম কামটো হ’ল ছাইন আপ পৃষ্ঠালৈ যোৱা।আপুনি আপোনাৰ স্ক্ৰীণৰ ওপৰৰ সোঁফালে থকা ছাইন-আপ বুটামত ক্লিক কৰি ছাইন-আপ পেজলৈ যাব পাৰে।

ইয়াৰ পিছত আপোনাক এটা দ্ৰুত 4 পদক্ষেপ প্ৰক্ৰিয়াৰ মাজেৰে লৈ যোৱা হ’ব যাতে আপুনি লগইন এটা সৃষ্টি কৰিব পাৰে আৰু প্ৰমাণীকৰণৰ বাবে আপোনাৰ বিৱৰণ দাখিল কৰিব পাৰে।

পদক্ষেপ 1 – ইমেইল আইডি আৰু পাছৱৰ্ড

ছাইন-আপ প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপটো হ’ল লগইন ইমেইল ঠিকনা এটা বাছনি কৰা আৰু পাছৱৰ্ড এটা ছেট কৰা।

Get WazirX News First

* indicates required
  • ইমেইল আপোনাৰ সম্পূৰ্ণ ইমেইল ঠিকনা প্ৰবিষ্ট কৰক। এইটো ইমেইল ঠিকনা আপুনি লগইন কৰিবলৈ আৰু লগতে আমাৰ পৰা যিকোনো যোগাযোগ প্ৰাপ্ত কৰিবলৈ আপুনি ব্যৱহাৰ কৰিব।পিছত আপুনি আপোনাৰ লগইনৰ ইমেইল ঠিকনা সলনি কৰিব নোৱাৰিব।
  • পাছৱৰ্ড আপুনি মনত ৰাখিব পৰা এটা শক্তিশালী পাছৱৰ্ড প্ৰবিষ্ট কৰক।পাছৱৰ্ডসমূহ কমেও 6 টা বৰ্ণ দীঘল আৰু সৰ্বাধিক 64 টা বৰ্ণ থকা হ’ব লাগিব।আমি 10 টা বৰ্ণতকৈ দীঘল পাছৱৰ্ড ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিওঁ।আপুনি ইতিমধ্যে আন এটা ৱেবছাইটত ব্যৱহাৰ কৰা পাছৱৰ্ডসমূহ ব্যৱহাৰ নকৰিব।আপোনাৰ পাছৱৰ্ডত বৰ ফলাৰ আখৰ আৰু সাংখ্যিকৰ সৈতে @#$%^*ৰ দৰে বিশেষ বৰ্ণসমূহ মিহলি কৰিবলৈ চেষ্টা কৰিব।

পদক্ষেপ 2 – ইমেইল প্ৰমাণীকৰণ

আপুনি আপোনাৰ ইমেইল, পাছৱৰ্ড প্ৰবিষ্ট কৰাৰ পিছত আৰু ছাইন আপত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ইমেইল ঠিকনাত এটা প্ৰমাণীকৰণ ইমেইল প্ৰাপ্ত কৰিব।

  • ইমেইলত থকা ভেৰিফাই ইমেইল বুটামটোত ক্লিক কৰক।আপোনাক WazirX ৱেবছাইটলৈ ঘূৰাই লৈ যোৱা হ’ব য’ত আপোনাৰ প্ৰমাণীকৰণ নিশ্চিত কৰা হ’ব!মন কৰিব যে প্ৰমাণীকৰণ ইমেইলটো কেৱল 15 মিনিটৰ বাবেহে বৈধ হব।যদি আপুনি 15 মিনিটত প্ৰমাণিত নকৰে তেনেহ’লে আপোনাৰ WazirX একাউণ্টত পুনৰ লগইন কৰক আৰু ৰিচেণ্ড ভেৰিফিকেচন ইমেইল বুটামত ক্লিক কৰক।

মই প্ৰমাণীকৰণ ইমেইলটো কিয় প্ৰাপ্ত কৰা নাই?

কিছুমান ক্ষেত্ৰত প্ৰমাণীকৰণ ইমেইলটো আহি পাবলৈ 10 মিনিটলৈকে সময় লাগিব পাৰে।অনুগ্ৰহ কৰি ধৈৰ্য্য ধৰিব।যদি তেতিয়াও ইমেইলটো আহি নাপায় তেনেহ’লে লে অনুগ্ৰহ কৰি আপোনাৰ স্পাম/জাংক/প্ৰম’চন ফ’ল্ডাৰ পৰীক্ষা কৰক।যদি আপুনি আপোনাৰ স্পাম/জাংক/প্ৰম’চন ফ’ল্ডাৰত ইমেইলটো বিচাৰি পায় তেনেহ’লে সেইটোক স্পাম/জাংক নহয় বুলি চিহ্নিত কৰক।

পুনৰ ইমেইল প্ৰেৰণ কৰা – আপুনি WazirX-ক ৰিচেণ্ড ভেৰিফিকেচন ইমেইল বুটামত ক্লিক কৰি ইমেইলটো পুনৰ প্ৰেৰণ কৰিবলৈও ক’ব পাৰে।

পদক্ষেপ 3 – 2FA ছেটআপ

আপোনাৰ ইমেইল প্ৰমাণীকৰণ কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপটো হ’ল বৰ্ধিত সুৰক্ষাৰ বাবে 2FA ছেট আপ কৰা।

  • প্ৰমাণীকৰণ 2FA(অনুমোদিত)টু-ফেক্টৰ প্ৰমাণীকৰণ (2FA) – ছেটআপ, পৰিৱৰ্তন আৰু পুনৰুদ্ধাৰ
  • মোবাইল SMS – আপোনাৰ 10 টা অংকৰ ভাৰতীয় মোবাইল নম্বৰ প্ৰবিষ্ট কৰক।আৰম্ভণিতে দেশৰ কোড বা ‘0’ অন্তৰ্ভুক্ত নকৰিব।আপোনাৰ WazirX একাউণ্টত লগ ইন কৰোঁতে আপুনি OTP প্ৰাপ্ত কৰিব লগা নম্বৰটোও এইটোৱেই হ’ব।আপুনি SMS ৰ জৰিয়তে এটা OTP প্ৰাপ্ত কৰিব।প্ৰমাণীকৰণ বাকচত OTP টো প্ৰবিষ্ট কৰক আৰু ভেৰিফাই-ত ক্লিক কৰক।

মই কিয় OTP SMS প্ৰাপ্ত কৰা নাই?

কিছুমান ক্ষেত্ৰত প্ৰমাণীকৰণ SMS টো আহি পাবলৈ 10 মিনিটলৈকে সময় লাগিব পাৰে।অনুগ্ৰহ কৰি ধৈৰ্য্য ধৰিব।লগতে আপুনি সঠিক ম’বাইল নম্বৰটো প্ৰবিষ্ট কৰিছেনে নাই পুনৰ পৰীক্ষা কৰক।

OTP পুনৰ প্ৰেৰণ আপুনি WazirX-ক ৰিচেণ্ড ভেৰিফিকেচন ক বুটামত ক্লিক কৰি প্ৰমাণীকৰণ OTP পুনৰ প্ৰেৰণ কৰিবলৈও ক’ব পাৰে।

পদক্ষেপ 4 – KYC-ৰ বিৱৰণ

এই পদক্ষেপটোৱে আপোনাক আপোনাৰ KYC সম্পূৰ্ণ কৰাৰ বিকল্প প্ৰদান কৰে বা আপুনি স্কিপ ফৰ নাউ বুটামত ক্লিক কৰি ইয়াক এৰি যাবও পাৰে।যদি আপুনি এই পদক্ষেপটো এৰি যায় তেনেহ’লে আপুনি কেৱল আপোনাৰ একাউণ্টত ক্ৰিপ্ট’ জমা কৰিবলৈ আৰু সেইবোৰৰ ট্ৰেড কৰিবলৈহে সক্ষম হ’ব।আপুনি একাউণ্ট ছেটিংছ মেনুৰ অধীনত থকা ভেৰিফাই KYCবিকল্পত ক্লিক কৰি পিছত আপোনাৰ KYC সম্পূৰ্ণ কৰিব পাৰিব। অৱশ্যে যদি আপুনি এতিয়া আপোনাৰ KYC সম্পূৰ্ণ কৰিব বিচাৰে তেনেহ’লে আপুনি আপোনাৰ ক্ৰিপ্ট’সমূহ জমা কৰিবলৈ বা উলিয়াবলৈ, ট্ৰেড কৰিবলৈ সক্ষম হ’ব আৰু P2Pব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব! আপুনি ড্ৰপডাউনৰ পৰা আপোনাৰ দেশখন বাছনি কৰি আৰু কমপ্লিট KYC-ত ক্লিক কৰি আপোনাৰ KYC সম্পূৰ্ণ কৰিব পাৰে। তাৰ পিছত আপোনাৰ বিৱৰণ প্ৰবিষ্ট কৰিবলৈ আৰু প্ৰমাণীকৰণৰ বাবে KYC নথিপত্ৰ আপলোড কৰিবলৈ আপোনাক পৰৱৰ্তী পদক্ষেপলৈ লৈ যোৱা হ’ব।

  • নাম – আপোনাৰ KYC নথিত থকাৰ দৰে আপোনাৰ নাম প্ৰবিষ্ট কৰক।উদাহৰণ স্বৰূপে – যদি আপোনাৰ নথিত নামটো ৰাহুল তুকাৰাম শ্বেট্টিগাৰ আছে তেনেহ’লে অনুগ্ৰহ কৰি প্ৰপত্ৰখনত ৰাহুল তুকাৰাম শ্বেট্টিগাৰ প্ৰবিষ্ট কৰক।
  • জন্মৰ তাৰিখ – DD/MM/YYYY আৰ্হিত আপোনাৰ DOB প্ৰবিষ্ট কৰক।উদাহৰণ স্বৰূপে – যদি আপোনাৰ DOB 1 এপ্ৰিল 1989 হয় তেনেহ’লে 01/04/1989 প্ৰবিষ্ট কৰক।WazirX একাউণ্টৰ বাবে আবেদন কৰিবলৈ আপোনাৰ বয়স 18 বছৰ বা তাতকৈ অধিক হ’ব লাগিব।
  • ঠিকনা – আপোনাৰ KYC নথিত থকাৰ দৰে আপোনাৰ সম্পূৰ্ণ ঠিকনা প্ৰবিষ্ট কৰক।এই বক্সত নগৰ, ৰাজ্য আৰু পিন ক’ড প্ৰবিষ্ট নকৰিব কিয়নো তাৰ বাবে পৃথক বক্স আছে
  • নথি-পত্ৰসমূহ – আপুনি বাছনি কৰা দেশখনৰ ওপৰত নিৰ্ভৰ কৰি আপুনি KYC নথিপত্ৰৰ এটা ছেট আপলোড কৰিব লাগিব।সংশ্লিষ্ট ক্ষেত্ৰসমূহত বিৱৰণ বোৰ সাৱধানে পূৰণ কৰক আৰু ছাইন আপ প্ৰপত্ৰত দেখুওৱাৰ দৰে স্কেন কৰা প্ৰতিলিপি বা আপোনাৰ KYC নথিৰ এখন ফটো আৰু আপোনাৰ চেল্ফি আপলোড কৰক।

আপুনি চাবমিটত ক্লিক কৰাৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ সকলো বিৱৰণ আকৌ এবাৰ পৰীক্ষা কৰক যাতে টাইপিঙত আপোনাৰ কোনো ভুল হোৱা নাই।ই আপোনাৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো দ্ৰুত কৰিব।

সঘনে কৰা প্ৰশ্ন

মই মোৰ প্ৰমাণীকৰণৰ বিৱৰণ দাখিল কৰাৰ পিছত কি হব?

আপুনি চাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ বিৱৰণ আৰু নথিপত্ৰসমূহ প্ৰমাণীকৰণ প্ৰক্ৰিয়ালৈ যায়।যেতিয়া প্ৰমাণীকৰণ সম্পূৰ্ণ হয় তেতিয়া আপুনি আপোনাৰ একাউণ্ট অনুমোদিত হোৱা বুলি আমাৰ পৰা এটা ইমেইল প্ৰাপ্ত কৰিব!ছাইনআপৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰমাণীকৰণ প্ৰক্ৰিয়াটোত 72 ঘণ্টালৈকে সময় লাগিব পাৰে।কিন্তু আমি যিমান সম্ভৱ দ্ৰুতভাৱে কাম কৰিবলৈ চেষ্টা কৰোঁ।

যদি কোনো কাৰণত আপোনাৰ একাউণ্ট অনুমোদিত নহয় তেনেহ’লে ইমেইলটোত ইয়াৰ সাম্ভাব্য কাৰণ উল্লেখ কৰা হ’ব আৰু আপোনাক প্ৰয়োজনীয় সালসলনি কৰিবলৈ কোৱা হ’ব যাতে আমি পুনৰ প্ৰমাণিত কৰিব পাৰো 🙂

মোৰ KYC প্ৰমাণীকৰণ কিয় অনুমোদিত হোৱা নাই?

WazirX প্লেটফৰ্মটো প্ৰমাণিত বিনিয়োগকাৰী আৰু ট্ৰেডাৰসকলৰ দ্বাৰা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ আমি আমাৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াত এক উচ্চ মানদণ্ড বজাই ৰাখো।আপোনাৰ KYC প্ৰমাণীকৰণ অনুমোদিত নোহোৱাৰ নিম্নলিখিত সচৰাচৰ কাৰণবোৰৰ 1 বা অধিক কাৰণ থাকিব পাৰে –

  • বিৱৰণৰ মিল নথকা আপোনাৰ বিৱৰণ যেনে নাম আৰু ঠিকনা, পৰিচয় পত্ৰৰ নম্বৰ আপুনি দাখিল কৰা KYC নথিপত্ৰৰ সৈতে মিলা নাই।দাখিল কৰাৰ আগতে সদায়ে সকলো বিৱৰণ আকৌ এবাৰ পৰীক্ষা কৰিব।
  • ডুপ্লিকেট একাউণ্ট আপুনি ইতিমধ্যে আন এটা WazirX একাউণ্টৰ বাবে একে বিৱৰণ দাখিল কৰিছে।কোনো ব্যক্তিৰে 1 টাতকৈ অধিক WazirX একাউণ্ট থাকিব নোৱাৰে।

WazirX-ৰ বিষয়ে শেহতীয়া আপডেট আৰু ঘোষণাসমূহৰ বাবে আমাক Twitter-ত (@wazirxindia) ফ’ল’ কৰক আৰু WazirX Telegram চেনেলত (https://t.me/wazirx) যোগদান কৰক।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply