
This article is available in the following languages:
WazirX-য়ে ইয়াৰ প্লেটফৰ্মত TradingView-ৰ চাৰ্টসমূহ সমৰ্থন কৰে (ৱেব/মোবাইল)।বহুতো ব্যৱহাৰকাৰী ইয়াৰ বিষয়ে অৱগত নহ’বও পাৰে কিন্তু আপুনি TradingView ব্যৱহাৰ কৰি এক অতি বিতং কাৰিকৰী বিশ্লেষণ কৰিবলৈ প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰে।
এইটো ব্লগত মই সেইয়া কেনেদৰে কৰিব লাগে তাক বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আৰম্ভ কৰোঁ আহক।
যেতিয়া আপুনি আপোনাৰ ডেস্কটপৰ পৰা আপোনাৰ WazirX একাউণ্টত লগইন কৰে তেতিয়া আপুনি স্ক্ৰীণৰ ঠিক মাজতে TradingView চাৰ্ট দেখা পাব। প্ৰথমে এইখিনি বুজিবলৈ চেষ্টা কৰোঁ আহক।
P1: ইয়াতেই আপুনি চাৰ্টৰ নাম আৰু বজাৰখন চাব পাৰে যিখন আপুনি বিচাৰি আছে। এই ক্ষেত্ৰত চাৰ্টখন হৈছে BTC/INR বজাৰৰ।
P2: ইয়াতেই আপুনি কেণ্ডেলষ্টিকৰ সময়সীমা সলনি কৰিব পাৰে।1M মানে হৈছে 1 মিনিট, 5M মানে হৈছে 5 মিনিট, 1H মানে হৈছে 1 ঘণ্টা, 1D মানে হৈছে 1 দিন আৰু 1W মানে হৈছে 1 সপ্তাহ। ইয়াত মই 1D বাছনি কৰিছোঁ – যাৰ অৰ্থ হৈছে চাৰ্টৰ প্ৰতিটো কেণ্ডেলষ্টিক 1 দিনৰ সময়সীমাৰ। মই আৰু গভীৰলৈ যাব পাৰোঁ আৰু যদি মই 1H বাছনি কৰোঁ তেন্তে অধিক ক্ষুদ্ৰ ক্ষুদ্ৰ বিৱৰণ চাব পাৰোঁ। মই যিমানে গভীৰতালৈ যাওঁ বজাৰখন সিমানেই অস্থিৰ যেন লাগে।
P3: ইয়াত আপুনি সেই নিৰ্দিষ্ট কেণ্ডেলষ্টিকৰ তথ্য চাব পাৰে য’ত কাৰ্চৰটো ঘূৰি আছে। মই চাব পাৰো যে তথ্যবোৰ BTC/INR বজাৰত দেখুওৱা হৈছে আৰু WazirX-ত 1D কেণ্ডেলষ্টিক দেখুওৱা হৈছে। O (খোলা) H (উচ্চ) L (নিম্ন) C (বন্ধ) মূল্য, অন্তিম কেণ্ডেলষ্টিক (+3951) বন্ধ হোৱাৰ পিছত মূল্য পৰিৱৰ্তন আৰু ইয়াৰ শতাংশ পৰিৱৰ্তনো (0.09%) দৃশ্যমান হৈছে।
P4: ইয়াত আপুনি ট্ৰেডৰ পৰিমাণ আৰু বৰ্তমানৰ কেণ্ডেলষ্টিকৰ উচ্চতা-নিম্নতা চাব পাৰে। WazirX-ত BTC-ৰ ট্ৰেড হোৱা অন্তিম মূল্যটোও দৃশ্যমান হয়।
P5: Fx-ৰ অৰ্থ হৈছে ফাংচন বা ইণ্ডিকেটৰ। মই ইয়াক তলত অধিক আঁতি-গুৰি মাৰি আলোচনা কৰিম। যদি আপুনি ইয়াৰ কাষৰ বাকচটোত ক্লিক কৰে তেতিয়া আপুনি ফুল-স্ক্ৰীণ মোডত সোমাব।
P6: আপুনি এই বিন্দুত ক্লিক কৰি এই BTC/INR বজাৰখন আপোনাৰ প্ৰিয় হিচাপে ছেট কৰিব পাৰে।
P7: ইয়াত ক্লিক কৰিলে TradingView-ৰ অধিক সঁজুলি দেখুৱাব যাক কাৰিকৰী বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। মই পিছত ইয়াক বিতংভাৱে বৰ্ণনা কৰিম।
P8: ইয়াত মই ইয়াৰ ওপৰৰ কেণ্ডেলষ্টিকৰ বাবে হোৱা ট্ৰেডৰ পৰিমাণ দেখিছোঁ। এইটো ট্ৰেডৰ পৰিমাণ যিটো ইয়াৰ ওপৰত থকা কেণ্ডেলষ্টিকৰ নিম্নতম আৰু সৰ্বোচ্চ মূল্যৰ মাজত সংঘটিত হৈছিল।
P9: এইবোৰ হৈছে সেইবোৰ কেণ্ডেলষ্টিক য’ত মই ক্ৰিপ্ট’ৰ মূল্যৰ স্থান-পৰিৱৰ্তন দেখা পাওঁ।
P10: চাৰ্টৰ X-অক্ষ হৈছে তাৰিখ।
P11: চাৰ্টত সালসলনি কৰিবলৈ এইটো হৈছে চেটিংছৰ বুটাম। মই সোনকালেই এইটো পৰীক্ষা কৰিম।
P12: Y-অক্ষ হৈছে ক্ৰিপ্ট’ৰ মূল্য
এতিয়া যিহেতু মই প্ৰতিটো স্ক্ৰীণ উপাদানৰ বিষয়ে জানো, সোঁফালে শীৰ্ষত Fx বুটামটো ক্লিক কৰি মই MACD আৰু RSI ইণ্ডিকেটৰ (বা ফাংচন) যোগ দিওঁ আহক।
যেতিয়া আপুনি Fx-ত ক্লিক কৰে তেতিয়া আপুনি ওপৰৰ ছবিখনত দৃশ্যমান হোৱাৰ দৰে পপআপটো দেখিব। আপুনি ইয়াত MACD আৰু RSI বিচাৰিব পাৰে। আপুনি সেইবোৰ আপোনাৰ চাৰ্টত যোগ দিয়াৰ সময়ত আপুনি কি কি জানিব পাৰিব সেয়া তলত দিয়া হৈছে।
এইটো অলপ ভিৰ হোৱা যেন দেখিছে। ফুল-স্ক্ৰীণ মোডলৈ যাওঁ আহক।
আপুনি ফুল-স্ক্ৰীণ বুটামত ক্লিক কৰিলে ওপৰোক্ত ছবিখন দেখিব। ইয়াত আপুনি MACD আৰু RSI অধিক ভালদৰে চাব পাৰে। এতিয়া TradingView-ৰ অধিক সঁজুলি দেখুৱাবলৈ তলৰ বাওঁফালে থকা নীলা বুটামত ক্লিক কৰোঁ আহক।
মই এতিয়া বহুতো সঁজুলি দেখা পাওঁ যাক মই স্ক্ৰীণৰ চাৰ্টবোৰ বিশ্লেষণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু মই আগবাঢ়ি যোৱাৰ আগতে তলৰ সোঁফালে চেটিংছ বিকল্পত ক্লিক কৰি থীমটো ডাৰ্ক-মোডলৈ সলনি কৰোঁ আহক।
বুটামটোত ক্লিক কৰাৰ পিছত মই তালিকাৰ তলৰ পিনে ‘ছেটিংছ’ বিকল্পটো দেখা পাওঁ।
ইয়াত মই এতিয়া ‘অবয়ব’ বিকল্পটো চাব পাৰোঁ আৰু মই বেকগ্ৰাউণ্ডটো ক’লা হিচাপে বাছনি কৰিব পাৰোঁ আৰু উলম্ব আৰু পথালি গ্ৰিডলাইনবোৰ এটা শ্বেড পাতল কৰিব পাৰোঁ। গতিকে ডিচপ্লেত কিছুমান সামান্য পৰিৱৰ্তন কৰাৰ পিছত এইটো এনেকুৱা দেখাব।
এতিয়া মোৰ মতে এইটো বহুত ভাল দেখাইছে। গতিকে বাওঁফালে তলৰ চুকত ক্লিক কৰি প্ৰবেশাধিকাৰ পাব পৰা TradingView-ৰ সঁজুলিবোৰলৈ মন দিওঁ আহক।
ইয়াত শীৰ্ষত আপুনি দেখা পাব যে মই এইটো চাবলৈ ট্ৰেণ্ড লাইন সঁজুলিটো ব্যৱহাৰ কৰিছো যে BTC-য়ে যোৱা কেইদিনমানৰ পৰা (বা যোৱা কেইটামান কেণ্ডেলষ্টিকত) দিশ সলনি কৰি ওপৰলৈ গৈ আছে। লগতে মই লক্ষ্য কৰিছিলো যে BTC হ্ৰাস হৈ থকাৰ সময়ত ট্ৰেডৰ পৰিমাণ তুলনামূলকভাৱে কম আছিল।
মই এইটোও লক্ষ্য কৰিছিলো যে MACD ইণ্ডিকেটৰটো ওলট-পালট হৈ আছে আৰু তাত গতিৰ ওলট-পালট হোৱা যেন লাগিছে। মইএইটোও দেখিবলৈ পাওঁ যে শেষবাৰৰ বাবে এই ওলট-পালট সংঘটিত হোৱাৰ সময়ত BTC-ত এক গুৰুত্বপূৰ্ণ মূল্য বৃদ্ধি হৈছিল।
RSI-ৰ বিশ্লেষণ কৰিলে এইটোও দেখায় যে BTC-ৰ বাবে বিকাশৰ অধিক ঠাই আছে।
চাৰ্টত ব্যৱহাৰ কৰিব পৰা আন বহুতো সঁজুলি আছে। ট্ৰেণ্ড চিনাক্ত কৰিবলৈ আৰু আপোনাৰ ট্ৰেডিঙৰ স্থিতি পৰিচালনা কৰিবলৈ TradingView হৈছে এক শক্তিশালী সঁজুলি।WazirX চাৰ্টত উপলব্ধ সঁজুলিবোৰৰ তালিকা তলত উল্লেখ কৰা হৈছে:
মই আমাৰ টিউট’ৰিয়েলৰ বাবে কিছুমান সঁজুলি ব্যৱহাৰ কৰিছোঁ: ট্ৰেণ্ড লাইন টুল (চাৰ্টত ৰেখা চিহ্নিত কৰিবলৈ) আৰু এন’টেচন টুল (স্ক্ৰীণত লিখিবলৈ)। আপুনি আজিয়েই আপোনাৰ WazirX একাউণ্টত আৰু কিছুমান সঁজুলি অন্বেষণ নকৰে কিয়? আৰু যদি আপুনি বুজি নোপোৱা যেন অনুভৱ কৰে তেনেহ’লে তলৰ মন্তব্য শাখাত আপোনাৰ সংশয়সমূহ লিখিব পাৰে আৰু মই আপোনাৰ বাবে সেইবোৰৰ উত্তৰ দিম।
