Skip to main content

এগৰাকী নতুন ক্ৰিপ্ট’ বিনিয়োগকাৰীৰূপে জানিবলগীয়া ৫ টা কথা (আৰু ৫ টা এৰাই চলিবলগীয়া ভুল) (5 Must-Know Tips As A Newbie Crypto Investors & 5 Mistakes To Avoid)

By এপ্ৰিল 7, 2022জুন 3rd, 20224 minute read
5 Must-Know Tips As A Newbie Crypto Investors

এগৰাকী নতুন ক্ৰিপ্ট’ বিনিয়োগকাৰীৰূপে, আপুনি নিশ্চয় এনেধৰণৰ প্ৰশ্নসমূহ নিজকে সুধিছেঃ

  • Bitcoinৰ বাব’লটো ফুটিলে নে?
  • আৰম্ভ কৰিবৰ বাবে বহুত পলম হ’ল নেকি? আৰু
  • এই সদায় বিকশিত বিনিয়োগৰ বজাৰত সফল হ’বলৈ প্ৰয়োজনীয় সৰ্বশ্ৰেষ্ঠ কৌশলবোৰ কি?

এই বস্তুবোৰৰ বিষয়ে ভাৱি থাকোঁতে আপুনি নিশ্চয় ক্ৰিপ্ট’কাৰেন্সী বজাৰৰ অস্থিৰতাও লক্ষ্য কৰিছে। অৱশ্যে, ক্ৰিপ্ট’কাৰেন্সীৰ সৈতে সম্পৰ্কিত প্ৰতিটো খৱৰ ৰখাৰ স্বত্বেও, পক্ষে হওঁক বা বিপক্ষে, আমি জানো যে ই মৃত হোৱাৰ পৰা বহু দূৰত, আৰু ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ কৰি নিৰ্বাণ লাভ কৰাৰ পথ আগতকৈ অধিক আশাব্যঞ্জক।

গতিকে, আপোনাৰ ক্ৰিপ্ট’ বিনিয়োগৰ যাত্ৰা আৰম্ভ কৰাৰ আগেয়ে কিছুমান জানিবলগীয়া কথা ইয়াত দিয়া হ’ল পঢ়ি যাওঁক!

যদি আপুনি ক্ৰিপ্ট’ চৰ্তাৱলীসমূহ জানিবলৈ বিচাৰে, ইয়াত এটি চমু নিৰ্দেশিকা আগবঢ়োৱা হ’ল।

Get WazirX News First

* indicates required

ক্ৰিপ্ট’ বিনিয়োগকাৰীৰূপে জানিবলগীয়া ৫ টা কথা

1. যিমান পৰিমাণৰ লোকচান আপুনি সহিব পাৰে সিমান পৰিমাণৰ ধনহে বিনিয়োগ কৰক

আপোনাৰ দীৰ্ঘম্যাদী বিত্তীয় স্থিৰতা নিশ্চিত কৰিবলৈ ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, SIP, ঋণ পুঁজি, বীমা, আৰু জৰুৰীকালীন পুঁজিত বিনিয়োগ কৰক। যদি এই সুৰক্ষা লোৱাৰ পিছতো আপোনাৰ ওচৰত ধন আছে, আপুনি নিশ্চিতভাৱে ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ কৰিব পাৰে কিয়নো এয়া হৈছে আপুনি আৰ্থিকভাৱে প্ৰভাৱিত নোহোৱাকৈ হেৰুৱাব পৰা ধন।

2. আপোনাৰ গৱেষণা কৰি লওক।

বন্ধু বা আত্মীয়ৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি অন্ধভাৱে বিনিয়োগ কৰাটো সহজ। অৱশ্যে, এটা কথা মনত ৰাখিব যে এইয়া হৈছে আপোনাৰ ধন, আৰু বিনিয়োগ বিফল হ’লে কোনো আপোনাৰ সহায়ৰ বাবে আগবাঢ়ি নাহে।  ফলস্বৰূপে, ক্ৰিপ্ট’কাৰেন্সী বজাৰত যিকোনো ধন লগোৱাৰ আগতে ভালদৰে বুজি লোৱাটো ভাল। প্ৰথমতে, Bitcoin, Ethereum, Tether, Polygon আৰু আন ক্ৰিপ্ট’কাৰেন্সীসমূহৰ বিষয়ে জানি লওক। তাৰ পিছত, যিকোনো বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে, এইবোৰৰ ব্যৱহাৰ আৰু সম্ভাৱনাৰ বিষয়ে জানক।

3. এক নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য এক্সচেঞ্জ বাছি লওক

ক্ৰিপ্ট’কাৰেন্সীএক্সচেঞ্জবোৰ সঘনাই হেক কৰা হয় বা এইবোৰ বিনিয়োগকাৰীসকলক বিপথে পৰিচালিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। সেয়েহে, এই কথা নিশ্চিত কৰিব যে আপুনি যাতে প্ৰমাণিত ট্ৰেক ৰেকৰ্ড থকা ডাঙৰ এক্সচেঞ্জৰ সৈতে একাউন্ট এটা খুলে আৰু হেকৰ পৰা সুৰক্ষিত হোৱাকৈ আপোনাৰ যাতে বীমা কভাৰেজ থাকে।

4. কাৰিকৰী বিষয়বোৰৰ সৈতে পৰিচিত হওক

যদি আপুনি ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগৰ ক্ষেত্ৰত প্ৰকৃততেই আগ্ৰহী, আপোনাৰ ডিজিটেল ৱালেটবোৰ কেনেদৰে ডিজাইন কৰিব লাগে বা আপোনাৰ পুঁজি সুৰক্ষিত কৰিবলৈ এটা নাম থকা হাৰ্ড ৱালেট কেনেদৰে ক্ৰয় কৰিব লাগে শিকাটো ভাল। তাৰ পিছত, আপোনাৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ লিকুইডিটি মাইনিং, ষ্টেকিং, বিকেন্দ্ৰীকৃত ধন, আৰু আন বিষয়বোৰ শিকক।

5. ঠগ-প্ৰবঞ্চকৰ পৰা আঁতৰি থাকিব

ঠগ-প্ৰবঞ্চকবোৰে বিনিয়োগকাৰীসকলক ঠগি ধন লুটিবলৈ অহৰহ চেষ্টা কৰি থাকে। ভুৱা এয়াৰড্ৰপ, পাম্প-এণ্ড-ডাম্প কেলেংকাৰী, আৰু সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা অহা বাৰ্তা আদি সকলোবোৰৰ পৰা আঁতৰি চলিব লাগে। ঠগ-প্ৰবঞ্চকবোৰে বিনিয়োগকাৰীসকলক ঠগিবলৈ ভুৱা ৱেবছাইট ব্যৱহাৰ কৰে।

আপোনাৰ তথ্য দাখিল কৰাৰ আগতে, এক্সচেঞ্জৰ URL পুনৰাই পৰীক্ষা কৰক। ট্ৰেডিং এপ্লিকেচন সদায় Google প্লে ষ্ট’ৰ বা Apple এপ ষ্ট’ৰৰ দৰে নাম থকা ছাইটৰ পৰা ডাউনল’ড কৰিব। সামাজিক মাধ্যমত অন্যান্য ক্ৰিপ্ট’ অনুৰাগী আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে সংযোগ কৰাটো লাভজনক, কিন্তু কেতিয়াও তেওঁলোকৰ পৰামৰ্শৰ ওপৰত আধাৰ কৰি বিনিয়োগ নকৰিব।

বিনিয়োগ কৰাৰ আগতে এই কথাখিনি সদায় মনত ৰাখিব আৰু সদায় সচেতন হৈ থাকিব।

এগৰাকী নতুন ক্ৰিপ্ট’ বিনিয়োগকাৰীৰূপে এৰাই চলিবলগীয়া ৫টা ভুল

আপুনি যেতিয়া আপোনাৰ ক্ৰিপ্ট’ যাত্ৰা আৰম্ভ কৰিব, আপোনাৰ দ্বাৰা ভুল হোৱাটো ধুৰূপ। কিন্তু, ইয়াত আমি পাঁচটা ভুল তালিকাভুক্ত কৰিছোঁ যাক আপুনি এজন নৱাগত বিনিয়োগকাৰী হিচাপে এৰাই চলিব পাৰে। নিম্নলিখিতসমূহ চাওক:

1. মাথোঁ কম মূল্য দেখি বিনিয়োগ কৰা

কম মূল্যৰ অৰ্থ সদায় এক ভাল চুক্তি নুবুজাবও পাৰে। অৱশ্যে, কেতিয়াবা কিবা কাৰণত মূল্য কমিবও পাৰে! ব্যৱহাৰকাৰীৰ সংখ্যা কমি যোৱা কইনৰ ওপৰত চকু ৰাখিব।

বিকাশকসকলে কেতিয়াবা সঘনাই প্ৰকল্প ত্যাগ কৰে, যাৰ ফলত ই উন্নীত হোৱাত ব্যৰ্থ হয়, আৰু ইয়াৰ বাবে ক্ৰিপ্ট’টো অসুৰক্ষিত হৈ পৰে।

2. সকলোবোৰ ঠিক-ঠাক কৰা।

কিছুমান পৰামৰ্শদাতাই আপোনাক আপোনাৰ মুনাফা বৃদ্ধি কৰিবৰ বাবে যিমান সম্ভৱ সিমানৰ বাজী লগাবলৈ উপদেশ দিব পাৰে। কিন্তু, সাৱধান হওক, এনে কৰিলে আপোনাৰ দেউলীয়া হোৱাৰ সম্ভাৱনা আছে।

ক্ৰিপ্ট’ বিনিয়োগৰ উপযুক্ত পৰামৰ্শ হ’ব আপোনাৰ বিনিয়োগৰ ধন এক নিৰ্দিষ্ট শতাংশলৈ সীমিত কৰা – যেনে, ৫% বা ১০% – আৰু আপোনাৰ সঞ্চয় একাউণ্টত থকা বাকী ধনে আপোনাৰ জৰুৰীকালীন সময়ত নগদ সঞ্চয় হিচাপে কাম কৰিব।

3. ক্ৰিপ্ট’কাৰেন্সীক ‘ইজি মানী’ বুলি ভৱা

যিকোনো বিত্তীয় সামগ্ৰী, ষ্টক, শ্বেয়াৰ বা ৰূপ আৰু সোণৰ ট্ৰেডিং কৰি ধন উপাৰ্জন কৰাটো সহজ নহয়।  কিন্তু দুৰ্ভাগ্যক্ৰমে, ক্ৰিপ্ট’কাৰেন্সীও একে নাৱৰে যাত্ৰী।

অনৰ্থক দাবী কৰা যিকোনো ব্যক্তিয়ে আপোনাক ক্ৰিপ্ট’ত ভুল কৰাই ঠগিবলৈ বিচৰাৰ সম্ভাৱনা অধিক।

4. আপোনাৰ ক্ৰিপ্ট’ keyৰ গতি হেৰুওৱা

যদি আপুনি আপোনাৰ ক্ৰিপ্ট’কাৰেন্সী এটা হাৰ্ডৱেৰ ৱালেটত ৰাখি আপোনাৰ চাবিটো পাহৰি পেলাইছে, তেন্তে ই আপোনাৰ বাবে keys সঞ্চয় বাকচত সুৰক্ষিতবভাৱে থোৱাৰ দৰে হ’ব।

যদি আপুনি আপোনাৰ keyটো হেৰুৱাই, আপোনাৰ সকলো ক্ৰিপ্ট’কাৰেন্সী চিৰদিনৰ বাবে হেৰাই যাব। মনত ৰাখিব!

5. ঠগ-প্ৰবঞ্চকৰ দ্বাৰা প্ৰবঞ্চিত হোৱা

প্ৰথমতে আকৰ্ষণীয় যেন লগা ক্ৰিপ্ট’ চুক্তিৰ বিষয়ে অধিক সতৰ্ক হওঁক। আমি চাৰিটা সচৰাচৰ দেখা ক্ৰিপ্ট’কাৰেন্সী কেলেংকাৰীৰ বিষয়ে উল্লেখ কৰিছোঁ:

  • ক্লাউড বৃদ্ধি কৰা কাৰকৰ সৈতে কেলেংকাৰী 

প্ৰৱঞ্চকসকলে মাজে মাজে “বিনিয়োগৰ সুযোগ”ৰ সৈতে ইমেইল বা মোবাইল বাৰ্তাৰ জৰিয়তে ভুক্তভোগীসকলৰ সৈতে যোগাযোগ কৰে। তেওঁলোকে দাবী কৰে যে যিসকল বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন এটা নিৰ্দিষ্ট ডিজিটেল ৱালেটত জমা কৰে, সেইসকলৰ বিটকইনত কৰা বিনিয়োগৰ দুগুণ বা তিনিগুণ কৰি বিনিয়োগকাৰীসকলক ঘূৰাই দিব।

মনত ৰাখিব: বিনামূলীয়াকৈ প্ৰদান কৰা ধন সদায় সাৱধানতাৰে ল’ব লাগে।

  • পাম্প আৰু ডাম্প

অপৰাধীসকলে সৰু বা অজ্ঞাত কইনৰ মূল্য দ্ৰুততাৰে বৃদ্ধি বা হ্ৰাস কৰি কিছুমান ক্ষেত্ৰত এই কইনবোৰৰ মূল্য বৃদ্ধি হ’ব পাৰে।

অপৰাধীসকলে যিকোনো মুহূৰ্ততে বৃহৎ পৰিমাণৰ ক্ৰিপ্ট’কাৰেন্সী আবদ্ধ কৰি ৰাখিব পাৰে (প্ৰাক-মাইনিঙৰ জৰিয়তে, এইবোৰ সকলোৰে বাবে উপলব্ধ হোৱাৰ আগতে)

যেতিয়া অসন্দিগ্ধ ট্ৰেডাৰসকলে তেওঁলোকৰ মুনাফা হ্ৰাস কৰিবলৈ হাবাথুৰি খাই, অপৰাধীসকলে তেওঁলোকৰ সকলো কইন বিক্ৰী কৰাৰ আগতে মূল্য বৃদ্ধি হোৱালৈ অপেক্ষা কৰে, যাৰ ফলত মূল্য হ্ৰাস হয়।

তেওঁলোকে ইয়াক অধিক মূল্যত বিক্ৰী কৰাৰ আগতে সামাজিক মাধ্যমত বিপণন কৰি মূল্য বৃদ্ধি কৰিব পাৰে।

  • বিপদজনক ৱালেট ছফ্টৱেৰ

সুপৰিচিত ক্ৰিপ্ট’ ৱালেটৰ সৈতে থাকক

Google Play বা App Storeত পোৱা অনুপযুক্ত বা অজ্ঞাত ৱালেটবোৰে আপোনাৰ ক্ৰিপ্ট’ সম্পদ চুৰি কৰিবলৈ কৌশলী প্ৰ’গ্ৰামিং ব্যৱহাৰ কৰিব পাৰে।

  • ভুৱা কইন

বজাৰত ইমানবোৰ ক্ৰিপ্ট’কাৰেন্সীৰ ভিতৰত কোনটো প্ৰকৃত আৰু কোনটো ভুৱা তাক পৃথক কৰাটো অসম্ভৱ।

অপৰাধীসকলে আপোনাৰ পৰিচয় প্ৰাপ্ত কৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত, আপুনি যদি ভুৱা কইন ক্ৰয় কৰে তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধন পানীত পৰিবও পাৰে। 

কাৰো পৰামৰ্শ নল’ব; কইন ক্ৰয় কৰাৰ আগতে যিমান সম্ভৱ সিমান উৎসৰ ব্যৱহাৰ কৰি গৱেষণা কৰক।

তলৰ শাৰী

ক্ৰিপ্ট’কাৰেন্সী হৈছে বিত্তীয় স্বতন্ত্ৰতা প্ৰাপ্ত কৰাৰ এক মাধ্যম, আৰু বিশ্বব্যাপী ক্ৰিপ্ট’ সম্প্ৰদায় দিনক দিনে বাঢ়ি গৈ আছে। ২০২১ চনত, বিশ্বই ক্ৰিপ্ট’কাৰেন্সীত ৩০ বিলিয়ন ডলাৰতকৈও অধিক বিনিয়োগ কৰিছিল। আনহাতে, ক্ৰিপ্ট’ হৈছে অবিৰত অস্থিৰতাৰ সৈতে এক উচ্চ-বিপদাশংকাযুক্ত, উচ্চ-পুৰস্কাৰৰ খেল।

মৌলিক বিষয়বোৰত নিজকে শিক্ষিত কৰা আৰু আপোনাৰ বিনিয়োগ সম্প্ৰসাৰিত কৰাৰ প্ৰৱণতা বিকশিত কৰাটো গুৰুত্বপূৰ্ণ। ক্ৰিপ্ট’ৱে বিনিয়োগকাৰীসকলক তেওঁলোকৰ ধনৰ ওপৰত স্বায়ত্তশাসন প্ৰদান কৰে, কিন্তু বিনিয়োগকাৰীসকলে প্ৰচাৰৰ ওপৰত ভিত্তি কৰি বিনিয়োগ কৰিবলৈ পৰিহাৰ কৰিব লাগে।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply