Skip to main content

ভাৰতত ডে’ ট্ৰেডিং কৰিবৰ বাবে ৫ টা শ্ৰেষ্ঠ ক্ৰিপ্ট’কাৰেন্সী (২০২২) (5 Best Cryptocurrencies For Day Trading In India 2022)

By এপ্ৰিল 21, 2022মে’ 30th, 20226 minute read
Best cryptocurrencies for day trading in India (2021)-WazirX

বিঃদ্ৰঃ এই ব্লগটো এগৰাকী বাহ্যিক ব্লগাৰে লিখিছে। এই পোষ্টৰ ভিতৰত প্ৰকাশিত দৃষ্টিভঙ্গী আৰু মতামতসমূহ লেখকৰ নিজৰ। 

বিগত কেইবছৰমানত, ক্ৰিপ্ট’কাৰেন্সীয়ে সমগ্ৰ বিশ্বতে যথেষ্ট নাম অৰ্জন কৰিছে। এলন মাস্কৰ টুইটাৰৰ পৰা আপোনাৰ বিদ্যালয়ৰ শ্ৰেষ্ঠ বন্ধুৰ ফেচবুক ৱাললৈকে, ক্ৰিপ্ট’ৱে সকলো ঠাইতে উপস্থিত। আৰু নহ’বই বা কিয়?  এল চালভাডৰত Bitcoinক আইনী নিবিদা হিচাপে অন্তৰ্ভুক্ত কৰাটোৱে ক্ৰিপ্ট’কাৰেন্সীক fiat মুদ্ৰাৰ এক সম্ভৱপূৰ্ণ বিকল্প হিচাপে প্ৰক্ষেপ কৰিছে।

ক্ৰিপ্ট’কাৰেন্সীৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ আন এটা কাৰণ হৈছে এইবোৰৰ অত্যধিক অস্থিৰ প্ৰকৃতি। ক্ৰিপ্ট’কাৰেন্সীবোৰৰ অস্থিৰতাই এইবোৰক হ্ৰস্বম্যাদী বিনিয়োগৰ এক আকৰ্ষণীয় বিকল্প কৰি তোলে। আনকি, ভাৰতত সম্প্ৰসাৰিত ক্ৰিপ্ট’ বজাৰত, বহুতো ট্ৰেডাৰে ডে’ ট্ৰেডিংৰ বাবে ক্ৰিপ্ট’কাৰেন্সীলৈ গতি কৰিছে। গতিকে বেছি পলম নকৰাকৈ, ভাৰতত দ্ৰুতগতিত বিকশিত হোৱাৰ সম্ভাৱনাপূৰ্ণ ক্ৰিপ্ট’কাৰেন্সীসমূহ চাওঁ আহক। কিন্তু, তাৰ পূৰ্ৱে, আপোনাৰ ক্ৰিপ্ট’ আৰু ট্ৰেডিং কুশলতা তীক্ষ্ণ কৰিবলৈ গুৰুত্বপূৰ্ণ জাৰ্গনৰ ওপৰত ব্ৰাছ কৰোঁ আহক। বৈশিষ্ট্যসমূহৰ বিষয়ে জানি লওঁ আহক।

ডে’ ট্ৰেডিং কি? 

ডে’ ট্ৰেডিং হৈছে এক ব্যৱসায়িক অনুশীলন য’ত এজন ট্ৰেডাৰে ক্ৰয় কৰাৰ দিনাই সেই বিত্তীয় সঁজুলিটো বিক্ৰী কৰে। এই কৌশলৰ ষ্টক বজাৰতো ব্যৱহাৰ কৰা হয়। ডে’ ট্ৰেডিংত মুনাফা আদায় কৰিবলৈ এনে কেইবাটাও কৌশল ব্যৱহাৰ কৰা হয় যাক ইণ্ট্ৰাডে কৌশল বুলি কোৱা হয়। এই কৌশলসমূহে অস্থিৰ বজাৰত মুনাফা আদায় কৰাত সহায় কৰে। ডে’ ট্ৰেডিংত লিপ্ত হোৱা ট্ৰেডাৰসকলক speculators বুলি কোৱা হয়। 

Get WazirX News First

* indicates required

যদিও ইয়াক যথেষ্ট লাভজনক কেৰিয়াৰ বুলি গণ্য কৰা হয়, প্ৰথম অৱস্থাত ডে’ ট্ৰেডিং যথেষ্ট প্ৰত্যাহ্বানজনক হ’ব পাৰে। ইয়াত থকা বিপদাশংকাৰ সম্ভাৱনাৰ বাবে ইয়াক প্ৰায়ে জুৱাখেলৰ সমতুল্য বুলি গণ্য কৰা হয়। তৎসত্ত্বেও, ইয়াত চিন্তা কৰিবলগীয়া একো নাই। আপোনাৰ কেৱল সম্পত্তিৰ ভাল জ্ঞান, কিছু উদ্দেশ্য, আত্ম-অনুশাসন আৰু আকৰ্ষণীয় লেনদেনসমূহ লাভ কৰিব পৰাকৈ অলপ ভাগ্য থাকিব লাগিব।  ই কেৱল আপোনাৰ সুবিধাৰ বাবে অস্থিৰতা বৃদ্ধি কৰি আহিছে!

ডে’ ট্ৰেডিং কৰিবৰ বাবে ক্ৰিপ্ট’কাৰেন্সীৰ বাছনি কেনেদৰে কৰিব লাগে? 

ক্ৰিপ্ট’কাৰেন্সীৰ মূল্যৰ সাল-সলনি তিনিটা উপাদানে নিৰ্ণয় কৰে। এইবোৰ হৈছে- এটা কইনৰ অস্থিৰতা, আয়তন আৰু শেহতীয়া গতিবিধি ডে’ ট্ৰেডিংৰ বাবে উপযুক্ত ক্ৰিপ্ট’ নিৰ্ধাৰণ কৰিবলৈ আৰু ডে’ ট্ৰেডিং ৰ বাবে কেনেদৰে ক্ৰিপ্ট’ বাছনি কৰিব লাগে শিকিবলৈ, আপুনি এই তিনিটা উপাদান বিবেচনা কৰিব লাগিব। 

১. অস্থিৰতা

ই  ক্ৰিপ্ট’কাৰেন্সীৰ মূল্যত হোৱা দৈনিক উঠা-নমাক বুজায়। এটা কথা মনত ৰাখিব লাগিব যে ক্ৰিপ্ট’ সাধাৰণতে এটা অত্যন্ত অস্থিৰ বজাৰ। সেয়েহে, আপুনি ১০% ৰ পৰা ৫০% লৈকে যিকোনো হাৰ আশা কৰিব পাৰে – অস্থিৰতা যিমানে বেছি হয়, লাভ সিমানেই বেছি হয়। অৱশ্যে, এইটো কথা মনত ৰাখিব লাগে যে ইয়াৰ অৰ্থ হৈছে বিনিয়োগত অধিক বিপদাশংকাও আছে। 

 ক্ৰিপ্ট’কাৰেন্সী বজাৰত প্ৰৱেশ কৰিব বিচৰা এজন ট্ৰেডাৰে {১} উৰ্ধমুখী অস্থিৰ মূল্যৰে কোনো এক সম্পত্তিত তেওঁৰ ধন বাজি লগাবলৈ বিচাৰিব। এনে কৰিলে এই কথা নিশ্চিত হ’ব যে যেতিয়া সম্পত্তি বৃদ্ধি হ’ব, আপুনি ভাল মুনাফা আদায় কৰিব পাৰিব। 

২. পৰিমাণ

কোনো এক ক্ৰিপ্ট’কাৰেন্সী ৰ পৰিমাণ ইয়াৰ চাৰিওফালে ঘটি থকা কাৰ্যকলাপসমূহৰ বাবে দায়বদ্ধ। পৰিমাণে নিৰ্ধাৰণ কৰে যে পৰ্যাপ্ত মানুহে সেই cyptocurrency ক্ৰয় বা বিক্ৰী কৰিছে নে নাই। উচ্চ পৰিমাণৰ ট্ৰেডিঙে সূচায় যে অধিক লোকে ক্ৰয় কৰিছে আৰু বিক্ৰী কৰিছে। উচ্চ পৰিমাণে কাৰিকৰী সূচকবোৰক অধিক নিৰ্ভৰযোগ্য কৰি তোলে আৰু অপ্ৰত্যাশিতভাৱে মূল্যবৃদ্ধি বা  মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা কম কৰে। 

শেহতীয়া খৱৰ

ক্ৰিপ্ট’ ইয়াৰ চাৰিওফালে হোৱা আলোচনাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয়। আৰু কেতিয়াবা, আনকি এনে কিছুমান আলোচনাৰ দ্বাৰাও প্ৰভাৱিত হয় যাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।  উদাহৰণ স্বৰূপে, যেতিয়া এলন মাস্কে শিবু প্ৰজাতিৰ কুকুৰ পোৱালী এটাৰ গৰাকী হোৱাৰ ইচ্ছাৰ বিষয়ে টুইট কৰিছিল, তেতিয়া SHIB কইনৰ মূল্য বৃদ্ধি হয়।  ক্ৰিপ্ট’ বিনিয়োগেৰে সফল হ’বলৈ হ’লে আপুনি সদায় সজাগ হৈ থাকিব লাগিব। ক্ৰিপ্ট’ৰ প্ৰতিষ্ঠাপকসকলৰ বিষয়ে পঢ়া, তেওঁলোকৰ সামাজিক মাধ্যমৰ জৰিয়তে হোৱা কথোপকথনৰ হিচাপ ৰখা, আৰু ক্ৰিপ্ট’কাৰেন্সীৰ বিষয়ে যিকোনো নতুন আলোচনা আদি চালে লাভজনক প্ৰমাণিত হ’ব পাৰে। এনে কৰিলে আপোনাৰ বাবে ভাৰতত উদ্ভাৱন হ’বলগীয়া পৰৱৰ্তী ক্ৰিপ্ট’কাৰেন্সী নিৰ্ধাৰণ কৰাত সহায়ক হ’ব। 

ভাৰতত ডে’ ট্ৰেডিং কৰিবৰ বাবে শ্ৰেষ্ঠ ক্ৰিপ্ট’কাৰেন্সী

এই বিষয়টোৱে আমাক এই আলোচনাটোৰ গুৰুত্বপূৰ্ণ অংশলৈ লৈ আহিছে। সাম্ভাব্য ক্ৰিপ্ট’’ সম্পত্তিসমূহ এবাৰ চাই লওঁ আহক।

#১ Ethereum

Ethereum হৈছে বজাৰৰ অতি জনপ্ৰিয় অল্টকইন। Ethereumৰ চাহিদা কেতিয়াও শেষ নহয়, যি কথা ২০২১ চনত ইয়াৰ আকৰ্ষণীয় মূল্য বৃদ্ধিৰ দ্বাৰা প্ৰতিপন্ন হয়। ই হৈছে ক্ৰিপ্ট’sphereৰ স্মাৰ্ট চুক্তি আৰু এপ বজাৰৰ শাসক যাৰ মূল্য পূৰ্ৱৰ বছৰত আশ্চৰ্যজনকভাৱে ৪২৫% বৃদ্ধি পাইছিল। 

কেৱল এয়াই নহয়, Ethereum এ ভাল অস্থিৰতা প্ৰদান কৰে আৰু দ্ৰুততাৰে যথেষ্ট মুনাফা আদায় কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে।  আমোদজনক ভাৱে, ২০২২ চনত Ethereum এক বৃহৎ পৰিৱৰ্তনৰ পথত অৱতীৰ্ণ হৈছে আৰু লগতে ব্লকচেইনে এই বছৰ ETH-2 প্ৰটোকল গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই গ্ৰহণৰ প্ৰতিক্ৰিয়া সম্পৰ্কে উদ্যোগটোত থকা অজ্ঞতাৰ বাবে ই ইতিমধ্যে বজাৰত Ethereumৰ অস্থিৰতাক ইন্ধন যোগাইছে। ডে’ ট্ৰেডিংৰ বাবে ক্ৰিপ্ট’কাৰেন্সী বিচাৰি থাকোতে ইথেৰিয়ামত ৰৈ যোৱাৰ এয়াই হৈছে সকলো কাৰণ!

#২ MATIC

MATICহৈছে এই বছৰৰ এক অন্যতম প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰিপ্ট’কাৰেন্সী।  ই ইয়াৰ মূল্যত ১ জানুৱাৰী ২০২১ তাৰিখৰ  $০.০১ ৰ পৰা ২০২১ চনৰ শেষৰ ফালে $২.৯ পৰ্যন্ত এক ডাঙৰ বৃদ্ধি অভিজ্ঞতা কৰিছিল! এতিয়া কথা হ’ল ডে’ ট্ৰেডিংৰ বাবে MATIC কিয় ইমান লাভজনক পছন্দ? কেইবাটাও পূৰ্বানুমান সেৱাই ২০২২ চন আৰু তাৰ পৰৱৰ্তী সময়ৰ বাবে  MATIC সন্দৰ্ভত এক তীব্ৰ দৃষ্টিভংগীৰে ভৱিষ্যতবাণী কৰিছে। জানুৱাৰী ২০২২-ৰ শেষৰ ফালে, এই কইনটো লাহে লাহে হ্ৰাস পাইছিল। 

আৰু ইয়েই এই কইনটোক ভাৰতত এক দ্ৰুত গতিত বৃদ্ধিৰ সম্ভাৱনাপূৰ্ণ ক্ৰিপ্ট’কাৰেন্সীৰূপে প্ৰতিষ্ঠিত কৰিছে। ইথেৰিয়ামৰ আগন্তুক উন্নীতকৰণৰ সময়তে MATICৰ ব্লকচেইন পলিগনৰ চাৰিওফালে গুঞ্জন বাঢ়ি আহিছে। শ্বেয়াৰৰ নিম্নমুখী মূল্যৰ সমস্যা নোহোৱা হ’ব, তেতিয়া পৰৱৰ্তী সময়ত এই কইনটো বাঢ়িব।  MATIC ক্ৰয় কৰি আপোনাৰ ডে’ ট্ৰেডিংৰ স্থিতি উন্নত কৰিবলৈ WazirX  চাওক।

#৩ চ’লানা (SOL)

২০২১ চনত চ’লানা মূলসুঁতিৰ ক্ৰিপ্ট’কাৰেন্সী হৈ পৰিছিল। বছৰটোত Solanaৰ মূল্য ১১,০০০% বৃদ্ধিৰে এই ক্ৰিপ্ট’’ কইন বজাৰ মূলধনৰ দ্বাৰা ৫ম সৰ্ববৃহৎ ক্ৰিপ্ট’ সম্পদৰ স্থানলৈ উন্নীত হয়! দ্ৰুত লেনদেন আৰু কম খৰচৰ বাবে এই ক্ৰিপ্ট’’ক প্ৰায়ে ‘Ethereum-killer’ বুলি কোৱা হয়।

ইয়াৰ অত্যন্ত ক্ৰমমান ইতিহাসে ইয়াক ডে’ ট্ৰেডিং ৰ বাবে উপলব্ধ সৰ্বশ্ৰেষ্ঠ ক্ৰিপ্ট’কাৰেন্সীসমূহৰ এক যোগ্য অংশ কৰি তুলিছে। আৰু ইয়াৰ কাৰণ হৈছে এইটো।  নতুন প্ৰকল্পবোৰৰ ব্লকচেইনত যোগদানেৰে Solana পৰিস্থিতিতন্ত্ৰ প্ৰতিদিনে বৰ্দ্ধিত হৈ গৈ আছে।  আপুনি কেৱল এটা একাউণ্ট সৃষ্টি কৰিব লাগিব, আপোনাৰ KYC সম্পূৰ্ণ কৰিব লাগিব, পুঁজি জমা কৰিব লাগিব, পৰিমাণটোৰ বাছনি কৰিব লাগিব আৰু বিনিয়োগ কৰিবলৈ বিচৰা ক্ৰিপ্ট’টো বাছি উলিয়াব লাগিব। এই সকলোবোৰে Solanaৰ অস্থিৰতা বৃদ্ধি কৰাৰ ফলত ই ভাৰতত ডে’ ট্ৰেডিংৰ বাবে এক উৎকৃষ্ট ক্ৰিপ্ট’কাৰেন্সী হৈ পৰিছে।

#৪ Ripple (XRP)

বৰ্তমান ৬১.৮৯ টকা মূল্যৰ Ripple হৈছে ইয়াৰ অন্যান্য সমকক্ষৰ তুলনাত এক সস্তা বিনিয়োগ।  যদিও ২০২১ চনত কইনটোৰ মূল্য হ্ৰাস হ’বলৈ আৰম্ভ হৈছিল, এই এসময়ৰ জনপ্ৰিয় ক্ৰিপ্ট’ সম্পদটোৰ বাবে সকলো ৰাস্তা বন্ধ হোৱা নাছিল। বজাৰখন Rippleৰ বাবে বেয়াৰ ফালে ঢাল খাইছিল যদিও এইটো আছিল কইনটোৰ বাবে মাথোঁ ক্ষণস্থায়ী বিফলতা। 

উদ্যোগ বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছে যে Rippleঅনাগত মাহবোৰত হ্ৰাস হৈয়েই থাকিব। ইয়াৰ কাৰণ হৈছে Ripple আৰু ইয়াৰ প্ৰতিষ্ঠাপকসকলৰ বিৰুদ্ধে তৰা SECৰ মোকৰ্দমা।  সঠিকভাৱে ক’বলে গ’লে, বজাৰত বিনিয়োগকাৰীৰ অনুভূতিয়েই সম্পদ এটাৰ মূল্য নিৰ্ধাৰণ কৰে। এই একেটা কথা ক্ৰিপ্ট’কাৰেন্সীৰ ক্ষেত্ৰতো হয়। আৰু ই এতিয়ালৈকে Rippleৰ সমৰ্থন নাই কৰা।

অৱশ্যে, বিশেষজ্ঞসকলে দিয়া পৰামৰ্শ অনুসৰি ২০২২ চনৰ মাজভাগত পৰিস্থিতি সলনি হ’ব।  Ripple দলটোৱে SEC-ৰ বিৰুদ্ধে লোৱা তেওঁলোকৰ স্থিতিত আনন্দিত, আৰু ই ইতিমধ্যে বজাৰৰ মনোভাৱক প্ৰভাৱিত কৰিছে।  এই কথা পাহৰিব নালাগে যে আগশাৰীৰ বেংকবোৰৰ সৈতে কৰ নতুন চুক্তিবোৰ হৈছে Rippleৰ ব্যয়ৰ মুখ্য কাৰণ। উদাহৰণস্বৰূপে, ২০২১ৰ আগষ্ট মাহত, ভাৰতৰ বৃহত্তম বেংক HDFC এ RippleNetৰ সৈতে যোগদান দিয়ে। আৰু এই বেংকিং খণ্ডটো এই সম্পত্তিৰ আঁৰত সমবেত হৈ আছে। ৰিপল ভাৰতত বিস্ফোৰণ হ’বলগীয়া পৰৱৰ্তী সম্ভাৱ্য ক্ৰিপ্ট’কাৰেন্সীসমূহৰ এটা হ’ব পাৰে।

#৫ Binance coin (BNB) 

Binance Coin বজাৰৰ তৃতীয় সৰ্ববৃহৎ কইন হৈ পৰিছে আৰু ই উপলব্ধ সৰ্ববৃহৎ ক্ৰিপ্ট’ এক্সচেঞ্জ Binanceৰ দ্বাৰা সমৰ্থিত। বিশ্বৰ ক্ৰিপ্ট’ বজাৰত বিনেন্সৰ আধিপত্য থকাৰ লগতে বিনেন্স কইন হৈছে ডে’ ট্ৰেডিংৰ বাবে এক সুৰক্ষিত বিনিয়োগ। আৰু ইয়াৰ কাৰণ হৈছে এইটো

Binance গেমিং আৰু কৃষিৰ ক্ষেত্ৰত বৰ্ধিত NFT উদ্যোগত বহুত বেছি পৰিমাণে নিহিত হৈ আছে।  এক্সচেঞ্জটোৱে এনে এক প্লেটফৰ্ম প্ৰদান কৰে য’ত আপুনি pan-ক্ৰিপ্ট’ উদ্যোগৰ যিকোনো সামগ্ৰীৰ অংশৰ ট্ৰেডিঙত অংশগ্ৰহণ কৰিব পাৰে। ই ইয়াকেই সূচাই যে BNBৰ চাহিদা আৰু বাঢ়িব।

এই ক্ৰিপ্ট’কাৰেন্সীটোৰ সৈতে সফল বিনিয়োগ কৰিবলৈ, আপুনি ইয়াৰ সৈতে সম্পৰ্কিত ক্ৰিপ্ট’ এক্সচেঞ্জৰ খবৰবোৰৰ বিষয়ে অৱগত হ’ব লাগিব। ইয়াৰ কাৰণ হ’ল এক্সচেঞ্জৰ যিকোনো পদক্ষেপে কইনৰ মূল্যত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।  আমোদজনকভাৱে, এই কইনটোৱে Ethereumতকৈ অধিক অস্থিৰতাৰ প্ৰদৰ্শন কৰে।

ভাৰতত ডে’ ট্ৰেডিং কৰিবৰ বাবে সৰ্বশ্ৰেষ্ঠ ক্ৰিপ্ট’কাৰেন্সীত কেনেদৰে বিনিয়োগ কৰিব? 

এতিয়া যেতিয়া আপুনি জানে যে ক’ত বিনিয়োগ কৰিব লাগে, এতিয়াও উত্তৰ দিব লগা এটা প্ৰশ্ন হ’ল যে কেনেদৰে কৰিব লাগে। 

ভাৰতত এতিয়াও ক্ৰিপ্ট’কাৰেন্সী ট্ৰেডিংৰ বাবে এটা প্ৰতিষ্ঠিত গাঁথনিৰ উপস্থিতিৰ অভাৱ আছে। ইয়াতেই আপোনাৰ উদ্ধাৰৰ বাবে আহে ক্ৰিপ্ট’ এক্সচেঞ্জবোৰ। আপোনাক আৰম্ভ কৰাত সহায় কৰিবলৈ কেইবাটাও এক্সচেঞ্জত ব্যৱহাৰকাৰীৰ সহায়ক ইন্টাৰফেচ আছে। ইয়াৰে এটা হৈছে WazirX। আপুনি কেৱল এটা একাউণ্ট সৃষ্টি কৰিব লাগিব, আপোনাৰ কেৱাইচি সম্পূৰ্ণ কৰিব লাগিব, পুঁজি জমা কৰিব লাগিব, পৰিমাণ টোৰ বাছনি কৰিব লাগিব আৰু বিনিয়োগ কৰিবলৈ বিচৰা ক্ৰিপ্ট’টো বাছি উলিয়াব লাগিব।  সিমানেই! আপুনি এই প্লেটফৰ্মত দিয়া সকলো নীতি মনোযোগেৰে পঢ়াটো আপোনাৰ বাবেই ভাল হ’ব। এটা কথা নিশ্চিত কৰিব যে আপুনি যাতে ইয়াত প্ৰয়োজন হ’বলগীয়া সকলো নথি-পত্ৰ আপোনাৰ সৈতে সাজু ৰাখে।  

আৰু তাৰ পিছত আপুনি মাথোঁ আপোনাৰ বিনিয়োগ কৰিলেই হ’ল। এই প্ৰক্ৰিয়া আগতে কেতিয়াও ইমান সহজ নাছিল।

সামৰণি 

ভাৰতত ডে’ ট্ৰেডিংৰ বাবে সৰ্বশ্ৰেষ্ঠ ক্ৰিপ্ট’কাৰেন্সীৰ জ্ঞান থকাৰ লগতে, আপুনি আপোনাৰ বাজেট আৰু বিপদাশংকাৰ ওপৰত ভিত্তি কৰি আপুনি ট্ৰেড কৰিব বিচৰা ক্ৰিপ্ট’কাৰেন্সীবোৰৰ বাছনি কৰিব পাৰে। আপুনি ডে’ ট্ৰেডিং ক্ৰিপ্ট’ৰ জৰিয়তে উপাৰ্জন কৰিব পৰা ধনৰ কোনো সীমা নাই। অৱশ্যে, বুজন পৰিমাণৰ মুনাফা আদায় কৰাৰ বাবে আপুনি যথেষ্ট মূলধন লগাব লাগিব। ইয়াতেই আপুনি আপোনাৰ বস্তুনিষ্ঠতা ব্যৱহাৰ কৰিব লাগিব আৰু আপুনি বাছনি কৰা ক্ৰিপ্ট’ মূল্যৱান হয় নে নহয় নিৰ্ধাৰণ কৰিব লাগিব। ক্ৰিপ্ট’ উদ্যোগটোৰ বিকাশ আৰু উন্নতি হ’বলৈ ধৰিছে। আপুনি মাথোঁ প্ৰচলিত ধাৰাসমূহৰ অধ্যয়ন কৰাৰ লগতে আপোনাৰ বিশ্বাসৰ ভিত্তিত বিনিয়োগ কৰিব লাগিব।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।
Shashank

Shashank is an ETH maximalist who bought his first crypto in 2013. He's also a digital marketing entrepreneur, a cosmology enthusiast, and DJ.

Leave a Reply