Skip to main content

ক্ৰিপ্ট’ কেলেংকাৰী: সেইবোৰ কেনেদৰে চিনাক্ত কৰিব লাগে? (Crypto Scams: How to spot them?)

By অক্টোবৰ 26, 2021মে’ 4th, 20225 minute read
crypto scams

আমাৰ জীৱনৰ এটা বা অধিক সময়ত আমি সকলোৱে ইমেইল আৰু টেক্সত বাৰ্তা পাইছো য’ত দাবী কৰা হয় যে, আমি এনে এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে মিলিয়ন ডলাৰ জিকিছো, যিবোৰৰ বিষয়ে আমি অৱগতই নাছিলো। সাধাৰণতে আমি সকলোৱে এনেবোৰ বাৰ্তাক ভালদৰে হাঁহি উৰুৱাই দিওঁ আৰু নিজৰ নিজৰ কামত আগবাঢ়ি যাওঁ কিয়নো আমি লগে লগে চিনাক্ত কৰিব পাৰোঁ যে আমালৈ অহা সেই ইমেইল বা বাৰ্তাসমূহ একো একোটা প্ৰৱঞ্চনা।

কিন্তু যেতিয়া ক্ৰিপ্ট’কাৰেন্সীৰ কথা আহে আপুনি ভাবেনে যে আপুনিও এনে কৰিব পাৰে? আপুনি কিমান সহজে এটা বৈধ প্ৰকল্পৰ পৰা এটা ক্ৰিপ্ট’ কেলেংকাৰী চিনাক্ত কৰিব পাৰে? ইয়াত আপুনি জানিব লগা সকলোবোৰ বিষয় আলোচনা কৰা হৈছে।

ক্ৰিপ্ট’ কেলেংকাৰীসমূহ যথেষ্ট বৃদ্ধি পাইছে

প্ৰতিটো পাৰ হৈ যোৱা দিনৰ সৈতে ক্ৰিপ্ট’কাৰেন্সীৰ জনপ্ৰিয়তা আৰু অধিক উচ্চতালৈ বৃদ্ধি হৈ আছে। যিহেতু ক্ৰিপ্ট’বোৰে সমগ্ৰ বিশ্বতে ব্যক্তি আৰু প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰি আছে সেয়েহে সেইবোৰ প্ৰবঞ্চকসকলৰ বাবেও লক্ষ্য হৈ পৰিছে যিসকলে দ্ৰুততাৰে ধনী হ’বলৈ যিকোনো কাম কৰা ব্যক্তিসকলক শোষণ কৰি কিছু সহজ লাভ উপাৰ্জন কৰিব বিচাৰিছে।

প্ৰবঞ্চকসকলে প্ৰায়ে বিশ্বাসযোগ্য প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোকৰ সুবিধাৰ বাবে ইণ্টাৰনেটৰ নামহীনতাৰ সুবিধা ব্যৱহাৰ কৰি ক্ৰিপ্ট’ৰ জগতত একত্ৰিত হয়। প্ৰায়ে এই প্ৰতিশ্ৰুতিবোৰ দেখাৰ পিছত সঁচা হ’ব যেন লাগে আৰু ব্যক্তিসকলে সোনকালে এইবোৰৰ প্ৰতি আকৰ্ষিত হৈ পৰে। এনে হয় কিয়নো মানুহৰ এটা ডাঙৰ গোট এতিয়াও ক্ৰিপ্ট’কাৰেন্সীৰ সৈতে ভালদৰে পৰিচিত নহয় – তেওঁলোকৰ বেছিভাগৰ বাবে কোনটো বৈধ আৰু কোনটো প্ৰৱঞ্চনা সেয়া ঠিৰাং কৰাটো কঠিন হৈ পৰে। আৰু লগতে বহুত মানুহে বিশ্বাস কৰে যে ক্ৰিপ্ট’কাৰেন্সী হৈছে কাৰিকৰী বস্তু যাক সকলোৱে সহজে বুজি নাপাবও পাৰে।

Get WazirX News First

* indicates required

সেয়েহে, আপুনি ক্ৰিপ্ট’কাৰেন্সী ব্যৱহাৰ কৰা আৰম্ভ কৰাৰ আগতে বা ইয়াত বিনিয়োগ কৰাৰ আগতে ক্ৰিপ্ট’কাৰেন্সীয়ে কেনেদৰে কাম কৰে আৰু ই নগদ ধন আৰু অন্যান্য পৰিশোধ পদ্ধতিৰ পৰা কেনেদৰে পৃথক হয় সেইটো বুজি পোৱাটো গুৰুত্বপূৰ্ণ। যদি আপুনি ফান্দত পৰিব নিবিচাৰে আৰু আপোনাৰ সম্পূৰ্ণ সঞ্চয় হেৰুৱাব নিবিচাৰে তেনেহ’লে আপুনি ক্ৰিপ্ট’কাৰেন্সী কেলেংকাৰী চিনাক্ত কৰিবলৈ আৰু গণ্ডগোল থকা ক্ৰিপ্ট’ একাউণ্টবোৰ চিনাক্ত কৰিবলৈও শিকিব লাগে।

ইয়াত কিছুমান জনপ্ৰিয় ক্ৰিপ্ট’ কেলেংকাৰী আৰু আপুনি সেইবোৰ কেনেদৰে চিনাক্ত কৰিব পাৰে সেইবিষয়ে আলোচনা কৰা হৈছে।

ভণ্ড কেলেংকাৰী 

ভণ্ড কেলেংকাৰীবোৰে প্ৰায়ে চৰকাৰী বিষয়া, নিগম বা প্ৰখ্যাত ব্যক্তিসকলক নকল কৰে। বৰ্তমানে, প্ৰতিবেদিত লোকচানৰ মাত্ৰ 14% বাবে ক্ৰিপ্ট’কাৰেন্সী দায়বদ্ধ। এই প্ৰৱঞ্চনাবোৰৰ বেছিভাগ (প্ৰায় 86%) ফিয়েট নগদ ধন ব্যৱহাৰ কৰি সংঘটিত কৰা হয়। অৱশ্যে যিহেতু ক্ৰিপ্ট’ উদ্যোগটো তীব্ৰ গতিত বৃদ্ধি হৈ আছে সেয়েহে এই অনুপাত সলনি হোৱাৰ সম্ভাৱনা আছে। যদি বৰ্তমানৰ ধাৰা অব্যাহত থাকে তেনেহ’লে অহা কেইবছৰমানত ডিজিটেল মুদ্ৰা লোকচানৰ শতাংশ নিঃসন্দেহে বৃদ্ধি হ’ব। 

দৰাচলতে FTC ৰ তথ্য অনুসৰি 2020 চনৰ পৰা ক্ৰিপ্ট’ জালিয়াতিৰ অভিযোগ নিৰন্তৰ ভাৱে বাঢ়ি আহিছে। এতিয়ালৈকে 7000 ৰো অধিক গ্ৰাহকে মুঠ 80 নিযুত ডলাৰৰ অধিক লোকচানৰ দাবী কৰিছে। ছদ্মবেশধাৰী কেলেংকাৰীবোৰ প্ৰায়ে বিনামূলীয়া উপহাৰৰ কেলেংকাৰীৰ সৈতে লগ লগাই কৰা হয় য’ত ভণ্ডসকলে তেওঁলোকক পৰিশোধ কৰা ক্ৰিপ্ট’ দুগুণ বা সমান মূল্যৰ দিয়াৰ প্ৰস্তাৱ দিয়ে। কেইবাজনো ব্যৱহাৰকাৰীয়ে প্ৰবঞ্চকৰ ৱালেটলৈ ক্ৰিপ্ট’ প্ৰেৰণ কৰাৰ প্ৰতিবেদন দিছে য’ত প্ৰবঞ্চকজনক এজন চেলিব্ৰিটি বা প্ৰভাৱশালী ব্যক্তি বুলি ভুলকৈ ধৰি লোৱা হৈছিল। উদাহৰণ স্বৰূপে ব্যৱহাৰকাৰীসকলে যোৱা ছয় মাহত ইলন মাস্কৰ ছদ্মবেশধাৰীসকললৈ 2 নিযুত ডলাৰৰ অধিক ক্ৰিপ্ট’কাৰেন্সী স্থানান্তৰ কৰা বুলি প্ৰতিবেদন দিছে।

প্ৰবঞ্চকসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু টেলিগ্ৰাম গোটত WazirX চাপ’ৰ্ট, মেনেজমেণ্ট বা কৰ্মচাৰীসকলৰ ছদ্মবেশ ল’ব পাৰে আৰু প্ৰৱঞ্চনামূলক লিংক পোষ্ট কৰিব পাৰে। এনেধৰণৰ ভুৱা একাউণ্ট গোটেই ইণ্টাৰনেটত দেখিবলৈ পোৱা যাব পাৰে। অনুগ্ৰহ কৰি টুইটাৰ বা ফেচবুকৰ পৰা অহা অফাৰবোৰ বিশ্বাস নকৰিব, বিশেষকৈ যদিহে ফলাফলসমূহ প্ৰাপ্ত কৰাটো অসম্ভৱ যেন লাগে।

ভণ্ড একাউণ্ট এটা চিনাক্ত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল আপুনি লাভ কৰিব লগা মুনাফাবোৰ মূল্যাঙ্কন কৰা। যদি এটা ক্ৰিপ্ট’ অফাৰ বহুত বেছি ভাল হোৱাৰ কাৰণে আপোনাৰ মনত সন্দেহ উপজে, তেন্তে সেইয়া মূল্যাংকণ কৰিবলৈ আপোনাক প্ৰয়োজন এখন ৰঙা পতাকাৰ অৰ্থাত বিপদৰ সংকেতৰ । সেইয়া হয়তো বহুত ভাল হ’ব পাৰে, কিন্তু সেইয়া প্ৰকৃততে সঁচা নহয় । 

ক্ল’ন ৱেবছাইটসমূহ

ভুৱা ৱেবছাইটবোৰ আন এটা সাধাৰণ কৌশল যাক প্ৰবঞ্চকসকলে অতিকৈ ব্যৱহাৰ কৰে। বহুতো ব্যক্তিৱে ৱেবছাইটবোৰ পৰিদৰ্শন কৰোঁতে প্ৰতাৰিত হৈছে যিবোৰ ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ বা মাইনিঙৰ সুযোগ প্ৰদান কৰা ৱেবছাইট যেন লাগে কিন্তু প্ৰকৃততে সেইবোৰ ভুৱা। এই ৱেবছাইটবোৰ প্ৰায়ে ভালদৰে ডিজাইন কৰা হয় আৰু বৈধতাৰ অনুভূতি সৃষ্টি কৰিব পাৰে যাৰ ফলত ব্যক্তিসকলে তেওঁলোকৰ ক্ৰিপ্ট’বোৰ দ্ৰুততাৰে আৰু কোনো দ্বিধা নোহোৱাকৈ স্থানান্তৰ কৰে।

সাধাৰণতে এনে ৱেবছাইটবোৰত বিনিয়োগৰ বিভিন্ন স্তৰ থাকে, বিনিয়োগ অধিক হ’লে, লাভ অধিক হয়। ৱেবছাইটবোৰ বিশ্বাসযোগ্য দেখুৱাবলৈ ভুৱা প্ৰশংসাপত্ৰ আৰু ক্ৰিপ্ট’কাৰেন্সী জাৰ্গন ব্যৱহাৰ কৰা হয়, কিন্তু ব্যৱহাৰকাৰীসকলে বুজিব লাগিব যে অবিশ্বাস্য গেৰাণ্টিযুক্ত মুনাফাৰ এনে ডাঙৰ দাবী বোৰ কেৱল মিছা হয়। এই ৱেবছাইটবোৰে আনকি আপোনাৰ ধন বৃদ্ধি হোৱাৰ ধাৰণাও প্ৰদান কৰিব পাৰে। যেতিয়া আপুনি আপোনাৰ কথিত লাভ উলিয়াই লবলৈ চেষ্টা কৰে তেতিয়া আপোনাক আৰু অধিক ক্ৰিপ্ট’ স্থানান্তৰ কৰিবলৈ ক’ব পাৰে– আৰু তাৰ বিনিময়ত আপুনি অৱশেষত একো নাপাব।

আপুনি লেনদেন কৰি থকা ৱেবছাইটটো বৈধ হয় নে নহয় সেয়া আপুনি জানিবলৈ কেইবাটাও উপায় আছে। উদাহৰণ স্বৰূপে, যদি URL বাৰত এটা তলাৰ চিহ্ন নাই তেনেহ’লে ই এক সূচক যে, ছাইটটো সুৰক্ষিত নহয়। লক্ষ্য ৰাখিবলগিয়া আন এটা কথা হৈছে যদি পৰিশোধ কৰোঁতে আপোনাক এটা ছাইটৰ পৰা আন এটা ছাইটলৈ স্থানান্তৰ কৰা হৈছে। পুনঃনিৰ্দেশিত লিংকটো এটা বৈধ ছাইট যেন লাগিব পাৰে; অৱশ্যে URL-ৰ সূক্ষ্ম পৰীক্ষাই ধৰা পেলাব যে ভুৱা URL-ত “O” আখৰৰ সলনি 0 নম্বৰটো থাকে। ফলস্বৰূপে নিশ্চিত কৰিব যাতে আপুনি আপোনাৰ ব্ৰাউজাৰত সঠিক URL প্ৰবিষ্ট কৰে আৰু ইয়াক দুবাৰ পৰীক্ষা কৰে।

ৰোমাঞ্চ কেলেংকাৰী

ৰোমাঞ্চ কেলেংকাৰী হৈছে এক প্ৰকাৰৰ কেলেংকাৰী যি মানুহক ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ কেলেংকাৰীলৈ আকৰ্ষিত কৰিবলৈ অনলাইন ডেটিং ব্যৱহাৰ কৰে। প্ৰবঞ্চকসকলে সাধাৰণতে ডেটিং এপ আৰু চ’চিয়েল মিডিয়াৰ জৰিয়তে ভুক্তভোগীৰ সংস্পৰ্শলৈ আহে। তাৰ পিছত তেওঁলোকে তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ আৰু তেওঁলোকৰ সম্পৰ্কটো সঁচা বুলি সৈমান কৰিবলৈ ভুক্তভোগীৰ বাবে এক সম্ভাৱ্য প্ৰেমৰ পাত্ৰ হিচাপে ভাও ধৰে। ভুক্তভোগীৰ সম্পূৰ্ণ বিশ্বাস অৰ্জন কৰাৰ পিছত প্ৰবঞ্চকসকলে ক্ৰিপ্ট’ বিশেষজ্ঞ হিচাপে ভাও ধৰে আৰু ভুক্তভোগীজনক তেওঁলোকলৈ ক্ৰিপ্ট’কাৰেন্সী প্ৰেৰণ কৰি বিনিয়োগ কৰিবলৈ প্ৰেৰিত কৰে। প্ৰবঞ্চকে আনকি ভুক্তভোগীয়ে অৱদান আগবঢ়োৱাৰ পিছত ভুক্তভোগীজনক কথিত একাউণ্টৰ পৰা সামান্য লাভ উলিয়াই নিবলৈকো সুবিধা প্ৰদান কৰে।

সফলতাৰে মুনাফা উলিয়াই লোৱাৰ পিছত প্ৰবঞ্চকে ভুক্তভোগীজনক অধিক পৰিমাণৰ ধন ব্যয় কৰিবলৈ কয় আৰু ভুক্তভোগীজনক “দ্ৰুততাৰে কাম কৰিবলৈ” অনুৰোধ কৰে। যেতিয়া ভুক্তভোগীজনে আকৌ এবাৰ পুঁজি উলিয়াবলৈ সাজু হয় তেতিয়া সমস্যাৰ উদ্ভৱ হ’বলৈ আৰম্ভ কৰে। পুঁজি কিয় উলিয়াব নোৱাৰি প্ৰবঞ্চকে তাৰ বিভিন্ন কাৰণ বৰ্ণনা কৰে আৰু ভুক্তভোগীয়ে পুঁজি স্থানান্তৰ কৰা বন্ধ কৰিলে ভাৰ্চুৱেল সম্পৰ্ক অৱশেষত সমাপ্ত হয়।

FTC-ৰ মতে কেইবাজনো লোকে উল্লেখ কৰিছে যে তেওঁলোকে নিজকে এটা দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকা বুলি ভুল কৰিছিল যেতিয়ালৈকে তেওঁলোকৰ প্ৰেমৰ পাত্ৰই এক আকৰ্ষণীয় ক্ৰিপ্ট’ সুযোগৰ বিষয়ে আলোচনা কৰা আৰম্ভ নকৰে, যিটোত তেওঁলোকে জড়িত হৈছিল। অক্টোবৰ 2020-ৰ পৰা,  ৰোমাঞ্চ কেলেংকাৰীত হেৰুওৱা ধনৰ প্ৰায় 20% ক্ৰিপ্ট’কাৰেন্সীলৈ স্থানান্তৰ কৰা হৈছে, এই অভিযোগবোৰৰ বহুতো অভিযোগ সেই ব্যক্তিসকলৰ পৰা আহিছে যিয়ে ভাবিছিল যে তেওঁলোকে বিনিয়োগ কৰিছে।

ৰোমাঞ্চ কেলেংকাৰীৰ বলি হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি কি কৰা উচিত সেয়া ইয়াত আলোচনা কৰা হৈছে। আপুনি কেৱল ইণ্টাৰনেটত লগ পোৱা কাৰোবাৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি কেতিয়াও ধন প্ৰেৰণ, ট্ৰেড বা বিনিয়োগ নকৰিব আৰু কেতিয়াও অচিনাকি লোকৰ সৈতে আপোনাৰ বিত্তীয় পৰিস্থিতিৰ বিষয়ে আলোচনা নকৰিব। নিশ্চিত কৰিব যাতে আপুনি একচেটিয়া বিনিয়োগৰ সম্ভাৱনা থকা বুলি দাবী কৰা আৰু আপোনাক যিমান সম্ভৱ সোনকালে কাম কৰিবলৈ হেঁচা দিয়া ব্যক্তিৰ ফান্দত নপৰে। আপুনি গেৰাণ্টি দিব পাৰে যে যদি এজন কলাৰ, প্ৰেমৰ পাত্ৰ, সংস্থা বা আন কোনোবাই আপোনাক তেওঁলোকৰ ৱালেটত ক্ৰিপ্ট’কাৰেন্সী প্ৰেৰণ কৰিবলৈ দাবী কৰে তেনেহ’লে এইটো এটা কেলেংকাৰী। লগতে, ইণ্টাৰনেটৰ যোগেৰে অচিনাকি লোকক সংবেদনশীল বা ব্যক্তিগত তথ্য প্ৰদান কৰাৰ পৰা বিৰত থাকিব।

চূড়ান্ত চিন্তাসমূহ

ফিছিং কেলেংকাৰী, বিনামূলীয়া উপহাৰৰ কেলেংকাৰী, ৰোমাঞ্চ কেলেংকাৰী, ৰাগ পুল, পাম্প আৰু ডাম্প – ইয়াক আপুনি যি বিচাৰে সেই নামেই দিয়ক; ক্ৰিপ্ট’ কেলেংকাৰী সকলোতে আছে। যদি আপুনি সাৱধান নহয় তেনেহ’লে আপুনি কাম কৰা সকলোবোৰ হেৰুৱাব পাৰে। 

ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগৰ সৈতে আৰম্ভ কৰাৰ আগতে নিশ্চিত কৰিব যাতে আপুনি অতিৰিক্ত সতৰ্ক হয় আৰু যদি কিবা সঠিক অনুভৱ নকৰে বা মিল নাখায় তেনেহ’লে আপোনাৰ চিন্তাৰ ওপৰত বিশ্বাস ৰাখক। WazirX য়ে কেতিয়াও ব্যৱহাৰকাৰীসকলক ক্ৰিপ্ট’ ৱালেটলৈ ধন প্ৰেৰণ কৰিবলৈ নকয়।

WazirX এক্সচেঞ্জ চাবলৈ, ইয়াত ক্লিক কৰক। 

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply