Skip to main content

ভাৰতত কেনেদৰে এটা ক্ৰিপ্ট’ চাকৰি প্ৰাপ্ত কৰিব পাৰি (How to Get a Crypto Job in India)

By ডিচেম্বৰ 1, 2021মে’ 12th, 20224 minute read

যোৱা বছৰৰ মহামাৰীৰ মাজত ভাৰতৰ চহৰীয়া নিবনুৱাৰ সংখ্যা প্ৰায় 20% লৈ বৃদ্ধি পাইছে।বন্ধ হৈ যোৱা দোকান, কাৰ্যালয়, শ্ৰমিকৰ কামৰ অভাৱ আদিয়ে এনে সংখ্যাত অৰিহণা যোগাইছিল।অৱশ্যে যিটোৱে এইসংখ্যাবৃদ্ধিৰ অৱদানকাৰীৰ তালিকাত স্থান পোৱা নাছিল সেয়া হৈছে ক্ৰিপ্ট’ৰ বজাৰ।

প্ৰায় প্ৰতি তিনি মাহত বজাৰৰ বৃদ্ধি হোৱাৰ সৈতে ক্ৰিপ্ট’ৰ বজাৰ অতি কমসংখ্যক খণ্ডসমূহৰ ভিতৰত এটা আছিল যিবোৰ ক্ষতিগ্ৰস্ত হোৱা নাছিল।ইয়াৰ পৰিৱৰ্তে ই বিশ্বব্যাপী বৃদ্ধিও পাইছিল।যেতিয়া উদ্যোগ এটাই দ্ৰুত ব্যৱসায়িক সফলতা লাভ কৰে তেতিয়া চাহিদা বৃদ্ধি হোৱাৰ ফলত অধিক নিযুক্তি অৰ্থাৎ চাকৰিৰ সৃষ্টি হয়।

ক্ৰিপ্ট’ত কেৰিয়াৰে ভাৰতত যথেষ্ট সফলতা আৰু বিকাশ দেখিছে।যদি আপুনি ভাৰতত এটা ক্ৰিপ্ট’ কেৰিয়াৰ বিচাৰি আছে তেনেহ’লে এই পোষ্টটো চাকৰি এটা বিচাৰি পোৱাৰ আগতে আপোনাৰ বাবে অন্তিম উপায় হব।চাকৰিৰ প্ৰকাৰৰ পৰা আপুনি কেনেদৰে এটা চাকৰি পাব পাৰে, আমি ভাৰতত এটা ক্ৰিপ্ট’ চাকৰি বিচাৰি উলিওৱা আৰু সেইটো পোৱাৰ ব্যৱস্থাৰ বিষয়ে সকলো বোৰ সামৰি লম।

ক্ৰিপ্ট’ৰ পৃথিৱীত চাকৰিৰ প্ৰকাৰ 

ক্ৰিপ্ট’ৰ দুনীয়াত কেৰিয়াৰৰ অনন্য বিশেষ বৈশিষ্ট্য হৈছে যে সেইবোৰ যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ।ক্ৰিপ্ট’ চাকৰিৰ বাবে আবেদন কৰিবলৈ আপুনি এজন প্ৰযুক্তিবিদ হ’ব নালাগে।

ডাটা বিজ্ঞানী 

এই মুহূৰ্তত ক্ৰিপ্ট’ উদ্যোগত আটাইতকৈ চাহিদা থকা চাকৰিবোৰৰ ভিতৰত এটা হৈছে এজন ডাটা বিজ্ঞানীৰ ভূমিকা।

ডাটা বিজ্ঞানীসকলে বিশাল ফিল্টাৰ নোহোৱা ডাটাৰ পৰা কাৰ্যকৰী অন্তৰ্দৃষ্টিৰ সৃষ্টি কৰে আৰু ক্ৰমাগতভাৱে সমাধানসমূহ বিকশিত কৰে।কেইবাটাও সঁজুলি আৰু দক্ষতা যেনে যন্ত্ৰ শিক্ষণে এনে অন্তৰ্দৃষ্টি প্ৰাপ্ত কৰাত সহায় কৰে।

Get WazirX News First

* indicates required

আপুনি অন্তিম শাৰীটোত ধৈৰ্য্য সংযোগ কৰিব বিচাৰিব পাৰে।

এবাৰ আহৰণ কৰাৰ পিছত এই অন্তৰ্দৃষ্টিবোৰ অংশীদাৰসকললৈ প্ৰেৰণ কৰা হয় যিবোৰে প্ৰতিষ্ঠানবোৰক নিৰ্ণায়ক সিদ্ধান্ত লোৱাত সহায় কৰে।

ব্লকচেইন ডেভেলপাৰ 

ব্লকচেইনৰ বিকাশত দুটা বিশিষ্ট ভূমিকা আছে।

ব্লকচেইন ছফ্টৱেৰ ডেভেলপাৰ আৰু ক’ৰ ব্লকচেইন ডেভেলপাৰ আছে আৰু দুয়োটা শ্ৰেণীৰে ভিন ভিন পৃথক ভূমিকা আছে। 

ক’ৰ ব্লকচেইন ডেভেলপাৰ এটা ব্লকচেইন প্ৰণালীৰ আৰ্কিটেকচাৰ আৰু সুৰক্ষা বিকাশৰ বাবে দায়বদ্ধ। 

আনহাতে এজন ছফ্টৱেৰ ডেভেলপাৰে বিকেন্দ্ৰিকৃত এপ্লিকেচন/স্মাৰ্ট কনট্ৰেক্টৰ সৃষ্টি কৰে, তত্বাৱধান কৰে আৰু নিশ্চিত কৰে যাতে সেইবোৰে নিজৰ অভিপ্ৰায় অনুসৰি কাম কৰে।যদি আপুনি ব্লকচেইন ডেভেলপাৰ হিচাপে আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে তেনেহ’লে ভাৰতৰ ক্ৰিপ্ট’ এক্সচেঞ্জসমূহৰ ভিতৰত এটা WazirX-ত সেই ভূমিকাৰ বাবে চাকৰি মুকলি আছে।

এই চাকৰিটোৰ বাবে আপোনাক প্ৰয়োজন হ’ব পৰা কেইটামান দক্ষতা ইয়াত দিয়া হৈছে:

  • ক্ৰিপ্ট’গ্ৰাফী
  • স্মাৰ্ট কনট্ৰেক্ট আৰু ডাটা ষ্ট্ৰাকচাৰৰ জ্ঞান
  • ব্লকচেইনৰ আৰ্কিটেকচাৰৰ জ্ঞান
  • ৱেব ডেভেলপমেণ্ট

ক্ৰিপ্ট’ মাৰ্কেট এনালিষ্ট 

সংস্থাসমূহে ক্ৰিপ্ট’ দক্ষতা থকা পেছাদাৰীসকলক নিয়োগ কৰাত ক্ৰমান্বয়ে অগ্ৰাধিকাৰ দি আছে।ব্যৱসায় এটাৰ কাৰ্যকলাপ উন্নত কৰাৰ বাবে ক্ৰিপ্ট’ ক্ষেত্ৰত দক্ষতা থকা লোকসকলৰ ভাল চাহিদা আছে।

ক্ৰিপ্ট’ এনালিষ্টসকলে মাত্ৰ সেইটোকেই কৰে।তেওঁলোক বিশ্লেষণ, অন্তৰ্দৃষ্টি প্ৰদান, গৱেষণা, ভৱিষ্যতবাণী কৰা, বজাৰৰ প্ৰৱণতা, চাহিদা, মূল্য আৰু আন বহুতো বস্তু নিৰীক্ষণ কৰাৰ বাবে দায়বদ্ধ।এজন ক্ৰিপ্ট’ ডাটা বিজ্ঞানীৰ কামৰ সৈতে অধিক সাদৃশ্য আছে কিন্তু একে নহয়। 

চাকৰিটোত কৌশল আৰু সঠিক বিচাৰ ব্যৱহাৰ কৰি গ্ৰাহক আৰু বিনিয়োগকাৰীসকলক বিনিয়োগৰ নিৰ্দেশনা আৰু বিনিয়োগৰ সুযোগৰ পৰামৰ্শ দিয়াৰ দৰে সামৰ্থ্যৰ প্ৰয়োজন। 

কাষ্টমাৰ চাপ’ৰ্ট এক্সিকিউটিভ

ভাল কাষ্টমাৰ চাপ’ৰ্টৰ অবিহনে কোনো ব্যৱসায়ে সফলতা অৰ্জন কৰিব নোৱাৰে।প্ৰতিদিনে অধিক ব্যৱহাৰকাৰীৰ সৈতে এক বৰ্ধিত উদ্যোগ হিচাপে এইটো স্বাভাৱিক যে কাষ্টমাৰ চাপ’ৰ্টত এটা ভূমিকাৰ যথেষ্ট প্ৰয়োজন।

আমি জানো যে ক্ৰিপ্ট’ এক্সচেঞ্জবোৰে একেলগে হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ সৈতে অনলাইনত কাম কৰে।এই অগণন ব্যৱহাৰকাৰীক পৰিচালনা আৰু তেওঁলোকৰ প্ৰশ্নসমূহৰ সমাধান কৰাটো এই কামটোৰ মৌলিক বিষয়।

একেদৰে, এই ভূমিকাত সম্পৰ্ক চম্ভালিবলৈ আৰু গঢ়ি তুলিবলৈ, সম্প্ৰদায়ৰ সৈতে জড়িত হ’বলৈ আৰু দৰ্শকক জ্ঞান প্ৰদান কৰিবলৈ অনুষ্ঠান আয়োজন কৰাৰ বাবে দক্ষতাৰ প্ৰয়োজন। 

সামগ্ৰিকভাৱে নিয়োগ কৰা কৰ্মচাৰীয়ে নিশ্চিত কৰিব যে যিকোনো সন্দেহ সমাধান কৰাৰ সময়ত গ্ৰাহকৰ এক ভাল অভিজ্ঞতা হয়। WazirX -ৰ দৰে ক্ৰিপ্ট’ এক্সচেঞ্জে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলৰ সুখৰ কথা বিবেচনা কৰিছে আৰু কাষ্টমাৰ চাপ’ৰ্টৰ বাবে তেওঁলোকৰ ওচৰত বৰ্তমান চাকৰি আছে। 

ক্ৰিপ্ট’ মাৰ্কেটিং

মাৰ্কেটিং যিকোনো ব্যৱসায়ৰ আৰম্ভণিৰ মুহূৰ্তৰ পৰাই আৰু তাৰ পিছত ইয়াৰ সমগ্ৰ জীৱনচক্ৰৰ বাবে এক উৎকৃষ্ট অংগ।মাৰ্কেটিঙে কেৱল উপভোক্তাৰ আধাৰ সম্প্ৰসাৰিত কৰা আৰু সামগ্ৰীসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাতে সহায় নকৰে, লগতে ই প্ৰতিযোগিতাৰ মোকাবিলা কৰা আৰু সামগ্ৰী আৰু সেৱা উন্নত কৰাৰ এক সঁজুলি হিচাপেও কাম কৰে। 

ক্ৰিপ্ট’ৰ ক্ষেত্ৰত ইয়াৰ সকলো ৰূপ আৰু ভূমিকাত মাৰ্কেটিং আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে কিয়নো উদ্যোগটো এতিয়াও শিশু অৱস্থাত আছে আৰু গ্ৰাহকৰ অতিমাত্ৰা প্ৰচাৰ আৰু মনোযোগৰ প্ৰয়োজন।

উদাহৰণ স্বৰূপে বিপণনকাৰীসকলে তেওঁলোকৰ বজাৰ আগবঢ়াই নিবলৈ প্ৰচাৰ-অভিযান ডিজাইন কৰিব পাৰে আৰু নিৰ্দিষ্ট ক্ৰিপ্ট’ সামগ্ৰী যেনে NFT, ETF আদিৰ আনুষ্ঠানিক আৰম্ভণি কৰাত সহায় কৰিব পাৰে।সাম্ভাব্য ব্যৱহাৰকাৰী চিনাক্ত কৰি আৰু প্ৰৱণতা নিৰীক্ষণ কৰি বিপণনকাৰীসকলে লাভ আৰু বজাৰৰ অংশ সৰ্বাধিক কৰাৰ বাবে ৰণনীতি বিকশিত কৰিব পাৰে।

ফাইনেন্স এক্সিকিউটিভ

প্ৰচুৰ প্ৰযুক্তি-মুখী নোহোৱা কেইটামান চাকৰিৰ ভিতৰত এটা হোৱা বাবে বিত্তীয় ক্ষেত্ৰখনত বিভিন্ন কাম আছে যাৰ বাবে আপুনি আবেদন কৰিব পাৰে।

তাৰ ভিতৰত কেইটামান হৈছে:

  • ইনভেষ্টমেণ্ট এনালিষ্ট 
  • ৰিস্ক এনালিষ্ট 
  • ভেঞ্চাৰ কেপিটেল এনালিষ্ট
  • ফাইনেন্স ৰিচাৰ্চ ইঞ্জিনিয়াৰ
  • বিজিনেচ ডেভেলপমেণ্ট মেনেজাৰ 

ক্ৰিপ্ট’ত বিনিয়োগ কৰিলে বিপদাশংকাথাকে আৰু বিত্তীয় বিশেষজ্ঞসকলতকৈ কোনেও ইয়াক ব্যৱসায়িক প্ৰতিষ্ঠানবোৰক ভালদৰে বুজাব নোৱাৰে।নিজে ক্ৰিপ্ট’ত বিনিয়োগ কৰাই হওঁক বা বিনিয়োগকাৰীসকলক পৰামৰ্শ দিয়াই হওঁক, এই ক্ৰিপ্ট’ চাকৰিৰ ক্ষেত্ৰৰ বাবে পৰিসৰটো ভালদৰে বিস্তৃত। 

ওপৰৰ তালিকাখনো সম্পূৰ্ণ নহয় আৰু বিশ্বাস কৰক ক্ৰিপ্ট’ত বিত্তীয় চাকৰিৰ বিষয়ে অন্বেষণ কৰিবলৈ আৰু বহুতো বাকী আছে। 

ভাৰতত ক্ৰিপ্ট’ চাকৰি এটা কেনেদৰে প্ৰাপ্ত কৰিব পাৰি? 

ভাৰতত এটা ক্ৰিপ্ট’ চাকৰি বিচাৰি পোৱাটো অতি সহজ কাম।ইণ্টাৰনেটক ধন্যবাদ, Google, LinkedIn বা অন্যান্য কেৰিয়াৰ প্লেটফৰ্ম যেনে naukri.com ত এটা সৰল অনুসন্ধান ভাৰতীয়সকলৰ বাবে কামত আহিব পাৰে।আপুনি Angel-ৰ দৰে অধিক বিশেষ প্লেটফৰ্মতো পৰীক্ষা কৰিব চাব পাৰে য’ত ষ্টাৰ্টআপবোৰে প্ৰায়ে লাভজনক চাকৰিৰ তথ্য তালিকাভুক্ত কৰে।

ক্ৰিপ্ট’ উদ্যোগৰ বাবে কাম কৰাৰ আন এটা লাভালাভ হ’ল সাধাৰণতে প্ৰতিষ্ঠিত উদ্যোগৰ তুলনাত দক্ষতা বা অৰ্হতা সম্পৰ্কে নমনীয়তা।ক্ৰিপ্ট’ উদ্যোগটো কেৱল মাত্ৰ 12 বছৰ ধৰি আছে আৰু ই এতিয়াও বাঢ়ি আছে।

আপোনাৰ নিয়োগকাৰীসকলে তেওঁলোকৰ চাকৰিৰ বিৱৰণৰ সৈতে সম্পূৰ্ণৰূপে খাপ খোৱা কৰ্মচাৰী বিচাৰি নাপাব পাৰে।খুব বেছি তেওঁলোক সম্ভৱতঃ এই ক্ষেত্ৰতো অনভিজ্ঞ আছিল কিন্তু শেষত শিকিছিল আৰু সফল হৈছিল।যেতিয়ালৈকে আপোনাৰ মনোভাৱ ভাল হৈ থাকিব আৰু প্ৰতিদিনে শিকাৰ আগ্ৰহ থাকিব, ক্ৰিপ্ট’কাৰেন্সীত চাকৰি এটা আপোনাৰ হাতৰ পৰা বেছি দূৰত নাথাকিব।যদি আপুনি উদ্যোগটোত আবেদন কৰিবলৈ গৈ আছে তেন্তে এই দুটা গুণ অতি আৱশ্যক।যদি আপুনি নাজানে যে এখন বেলেন্স শ্বীট কি হয় তেন্তে আপুনি বিত্ত বিভাগত চাকৰি পোৱাৰ আশা কৰিব নোৱাৰে। 

উপসংহাৰ

সামৰণি মাৰিবলৈ, বৰ্তমান ভাৰতত যথেষ্ট ক্ৰিপ্ট’ৰ চাকৰি আছে।লগতে বহুতো পদত প্ৰ’গ্ৰামিং বা ক’ডিং দক্ষতাৰ প্ৰয়োজন নহয়।যেতিয়াৰ পৰা এই নতুন উদ্যোগটোৰ উদ্ভৱ হৈছে তেতিয়াৰ পৰা ই নানান সুযোগ সৃষ্টি কৰি আহিছে।ক্ৰিপ্ট’ বিশেষজ্ঞ হোৱাটো অত্যাৱশ্যকীয় নহয়।অৱশ্যে যদি আপুনি আপোনাৰ ক্ষেত্ৰৰ মৌলিক বিষয়সমূহৰ জ্ঞান ৰাখে তেন্তে ই সৰ্বশ্ৰেষ্ঠ হ’ব। 

সামগ্ৰিকভাৱে যদি আপুনি ব্লকচেইন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী আৰু অৱদান আগবঢ়াব পাৰে তেনে ফাৰ্মবোৰে যিকোনো উপযুক্ত ভূমিকাৰ বাবে আপোনাক দ্ৰুততাৰে নিয়োগ কৰিব পাৰে। 

ক্ৰিপ্ট’ চাকৰিৰ সৰ্বশ্ৰেষ্ঠ অংশটো হ’ল যে ইয়াৰ শৈক্ষিক পৃষ্ঠভূমিৰ সৈতে বেছি সীমা নাই কিন্তু তাৰ পৰিৱৰ্তে আপুনি কিমান ভাল প্ৰদৰ্শন কৰিব পাৰে সেইটোহে গুৰুত্বপূৰ্ণ।আপুনি কোনটো ক্ৰিপ্ট’ চাকৰিৰ বাবে আবেদন কৰিছে? তলৰ মন্তব্যবোৰত আমাক জনাওক! 

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply