Skip to main content

ভাৰতত এপেকইন কেনেকৈ কিনিব (How to Buy ApeCoin in India)

By মে’ 9, 2022জুন 20th, 20226 minute read
How to buy Ape coin in india

বৰ্তমান ক্ৰিপ্ট’ৱৰ্ল্ডত মেমে কইন আৰু NFT দুটা আটাইতকৈ চৰ্চিত বিষয়। সম্ভৱতঃ বৰ্ড এপ য়াট ক্লাৱ (BAYC) বৰ্তমান সমগ্ৰ বিশ্বৰে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ NFT সংগ্ৰহ। এই বিখ্যাত Web3 প্ৰজেক্টৰ আঁৰৰ দলটোৱে এপ্ৰিল’2021 চনত আৰম্ভ হোৱাৰে পৰা মিউটেন্ট এপ য়াট ক্লাৱক(MAYC) সন্নিৱিষ্ট কৰি কিছুমান আটাইতকৈ মূল্যবান NFT সংগ্ৰহ সফলতাৰে একত্ৰিত কৰিছে। 

বৰ্ড এপ য়াট ক্লাৱৰ বিপুল জনপ্ৰিয়তাৰ বাবে ইয়াৰ পৰিচালনা টোকন,এপেকইন, 2022ৰ মাৰ্চ মাহত আৰম্ভ কৰাৰে পৰা $3.37 বিলিয়নৰ এক বজাৰ মুলধনৰে এক আটাইতকৈ জনপ্ৰিয় ক্ৰিপ্ট’কাৰেন্সী হিচাপে পৰিগণিত হৈছে। ই মিউটেন্ট এপ য়াট ক্লাৱ (MAYC) আৰু অন্য NFT সংগ্ৰহক অন্তৰ্ভূক্ত কৰি সকলো ধৰণৰ কমিউনিটি সম্বন্ধীয় সেৱা BAYC ইকোছিচটেমক প্ৰদান কৰে। APE DAO পৰিচালনত এপেকইনে ইন্ধন যোগায়- DAO বিশেষকৈ BAYC/এপেকইন ইকোছিচটেমৰ বিষয়বোৰ চোৱাচিতা কৰিবলৈ বনোৱা হৈছে। 

BAYC আৰু MAYC-ৰ ক্ষেত্ৰত দুয়োবিধে সিঁহতৰ আকৰ্ষণীয় এপ কাৰ্টুনৰ ওপৰিও বিশেষ ধৰণৰ সুবিধা প্ৰদান কৰাৰ দ্বাৰা NFT বিশ্বত ধুমুহাৰ সৃষ্টি কৰিছিল আৰু এতিয়া বহুতে NFT প্ৰজেক্টত আটাইতকৈ শ্ৰেষ্ঠ ৰূপে বিবেচনা কৰে। প্ৰিছ হিলটন, স্নুপ ড’গ, জিমি ফল্লন, আদিৰ দৰে বহুতো চেলিব্ৰিটি BAYCৰ অনুৰাগী আৰু বৰ্ড এপ NFTৰ গৰাকী। 

BAYC সৃষ্টিৰ আঁৰৰ য়ুগা লেবছে শেহতীয়াকৈ এই বছৰৰ মাৰ্চ মাহত লাৰ্ভা লেবছৰ পৰা দুটা জনপ্ৰিয় NFT প্ৰ’জেক্ট, মীবিটছ (Meebits), আৰু ক্ৰিপ্টোপাংকছ( CryptoPunks) লাভ কৰিছে। য়ুগা লেবছ BAYCৰ সফলতাৰ আঁৰৰ চালক শক্তি, আৰু তেওঁলোকে একেখন চালিৰ তলত ক্ৰিপ্ট’ বিশ্বৰ দুটা আটাইতকৈ জনপ্ৰিয় কনচেপ্ট NFT আৰু মেমে কইন একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে। কইনবেছে BAYC আৰু MAYCৰ ভিত্তিত টুগা লেবছৰ সৈতে অংশীদাৰিত্ব কৰি ইয়াৰ তৃতীয়-অংশৰ মভি ছিৰিজ ডা ডেগেন ট্ৰিল’জি (The Degen Trilogy) লৈ আহিছে। 

Get WazirX News First

* indicates required

এপেকইন কি?

এপেকইন ব’ৰ্ড এপ য়াট ক্লাৱ কমিউনিটিৰ পৰিচালিত আৰু ব্যৱহাৰিক টোকেন। সাধাৰণ ভাষাত, এপেকইনে এপ ইকোছিচটেমক শক্তি প্ৰদান কৰে। এপেকইন ERC-20 টোকেনৰ এক প্ৰকাৰ। ই ইথেৰিয়াম ব্লকচেইনৰ ওপৰত ভিত্তি কৰি গঢ়া এক ধৰণৰ-ইয়াৰ-নিজা ক্ৰিপ্ট’কাৰেন্সী। 

এপ ক্ৰিপ্ট’ মাৰ্চ 2022 চনত য়ুগা লেবছৰ এটা বিকাশ গোটৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। আৰম্ভ কৰাৰ পিছত, ব’ৰ্ড এপ য়াট ক্লাৱ(BAYC), মিউটেন্ট এপ য়াট ক্লাৱ(MAYC), আৰু অন্য সকলো সংশ্লিষ্ট NFT সংগ্ৰহে 18 মাৰ্চত এক এয়াৰড্ৰ’পৰ যোগেদি এপেকইন লাভ কৰিলে। এপেকইনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে কয়, এপেকইন($APE) আৰম্ভ কৰা হৈছে, web3ৰ আগশাৰীত এক বিকেন্দ্ৰীকৃত কমিউনিটিক গঢ়াত শক্তিশালী কৰিবলৈ ব্যৱহাৰ কৰা কালচাৰ, গেমিং,আৰু কমাৰ্চৰ এটা টোকেন”। 

ব’ৰ্ড এপ য়াট ক্লাব ব্ৰেণ্ডৰ বিপুল জনপ্ৰিয়তাৰ বাবে, এই এয়াৰড্ৰ’প NFT কমিউনিটিৰ মাজত এক আটাইতকৈ সতৰ্কতামূলক ব্যৱস্থা। এপেকইন DAOৰ দ্বাৰা এপেকইন আৰম্ভ কৰা হৈছিল। ই সকলো এপ হোল্ডাৰৰ দ্বাৰা গঠিত এক নতুন পৰিচালন কমিটি। ইয়াৰ উদ্দেশ্য কমিউনিটি প্ৰস্তাৱনা সংগ্ৰহ কৰা, যাৰ টোকেন হোল্ডাৰে পিছত ভোট দিব পাৰে। এপেকইনৰ যোগান 1 বিলিয়নলৈ সীমিত কৰা হৈছে। এপ ফাউণ্ডেচনে দৈনন্দিন DAO প্ৰশাসন, প্ৰস্তাৱনা ব্যৱস্থাপনা পৰিচালনা কৰে, আৰু “অন্য কাৰ্য্য যিবোৰে DAO কমিউনিটিৰ ধাৰণাবোৰ বাস্তৱত পৰিণত কৰিবলৈ প্ৰয়োজন হোৱা সমৰ্থন কৰাটো নিশ্চিত কৰে ই এপেকইন DAO’ৰ আইনী ফাউণ্ডেচন ৰূপে সেৱা আগবঢ়ায়। এপেকইন DAOৰ ব’ৰ্ড সদস্যসকল কিছুমান বিশেষ প্ৰস্তাৱনা চোৱাৰ বাবে দায়বদ্ধ হয়। এই ব’ৰ্ড 5জন উচ্চ প্ৰ’ফাইলৰ ক্ৰিপ্ট’বিশেষজ্ঞৰ দ্বাৰা গঠিত: 

  • ৰেডিট কো-ফাউণ্ডাৰ এলেক্সিছ অহিনিয়াম (Reddit co-founder Alexis Ohanian)
  • হেড অৱ FTX’ৰ ভেঞ্চাৰ এণ্ড গেমিং আৰ্মি য়ু (Head of FTX’s venture and gaming arm Amy Wu) 
  • মাৰিয় বাজৱা অৱ ছাউণ্ড ভেঞ্চাৰ (MaariaBajwa of Sound Ventures) 
  • এনিমোকা ব্ৰেণ্ড’ছ য়ট চিউ (Animoca Brands’ Yat Siu) 
  • ডিন ষ্টেইনবেক অৱ হ’ৰিজন লেব (Dean Steinbeck of Horizen Labs) 

বৰ্ড মেম্বাৰৰ কাৰ্য্যকাল 6মাহ, আৰু তেওঁলোকে ভৱিষ্যতে বৰ্ড মেম্বাৰৰ ভোটাৰ অধিকাৰ ৰাখে।

এপেকইনে কেনেকৈ কাম কৰে?

এপেকইন DAO এক বিকেন্দ্ৰীকৃত স্বায়ত্বশাসিত সংস্থা(DAO) য’ত সকলো এপ টোকেন হোল্ডাৰে পৰিচালন বিষয়ত ভোট দিব পাৰে। এপ ইকোছিচটেমত ফাণ্ড নিৰ্ধাৰণ কৰা, পৰিচালন নীতি প্ৰতিষ্ঠা কৰা, প্ৰ’জেক্ট আৰু অংশীদাৰিত্ব বাছনি কৰা, আৰু বহুতো কাৰ্য কৰাৰ অধিকাৰ তেওঁলোকৰ থাকে। প্ৰস্তাৱনাৰ ওপৰত DAO সদস্যসকলে ভোটদিয়াৰ পাছত, এপ ফাউণ্ডেচনে কমিউনিটিৰ নেতৃত্ব বহন কৰা পৰিচালন সিদ্ধান্ত বহন কৰে। এপেকইনে ইয়াৰ ব্লকচেইনত লেনদেনবোৰ বৈধ্য কৰিবলৈ প্ৰুফ-অৱ-ৱৰ্ক (PoW) ঐক্যমত প্ৰয়োগ কৰে। 

এপ ইকোছিচটেমত অবিৰতভাৱে এপেকইন DAO প্ৰদান কৰিবলৈ এই টোকেনবোৰ বিতৰণ কৰা হয়।  সকলো এপেকইনৰ 62% এপ ইকোছিচটেম ফাণ্ডত আবণ্টন দিয়া হয়, যিবোৰে এপেকইন DAO সদস্যসকলে ভোট দিব লগা সকলো কমিউনিটি-চালিত কাৰ্য্যৰ সমৰ্থন কৰিব। এপেকইনে এপেকইন ইকোছিচটেমত বিশেষ গেম আৰু সেৱা উপলব্ধ কৰাত অনুমোদন প্ৰদান কৰিব। এনিমোকা ব্ৰেণ্ডৰ দ্বাৰা তৈয়াৰ কৰা এ প্লে-টু-আৰ্ণ মোবাইল গেম বেঞ্জি বানানাছত প্লেয়াৰৰ বাবে পুৰস্কাৰ হিচাপে এপেকইন ব্যৱহাৰ কৰা হয়। বেঞ্জি বানানাছে এখন মেম্বাৰশ্বিপ পাছ (‘Benji Pass’) প্ৰদান কৰে, এটা NFT যিয়ে ইয়াৰ গৰাকীক বেঞ্জি বানানাছ খেলোঁতে বিশেষ টোকেন অৰ্জন কৰিবলৈ আৰু এপেকইনৰ বাবে সেই টোকেনবোৰ সলনি কৰাৰ বাবে অনুমতি প্ৰদান কৰে। সময়ৰ লগে লগে এপেকইনৰ অধিক ব্যৱহাৰ আশা কৰা হৈছে। 

ভাৰতত কেনেকৈ এপেকইন কিনিব?

আপুনি ভাৰতৰ আটাইতকৈ বিশ্বাসী ক্ৰিপ্ট’কাৰেন্সী এক্সেঞ্জ, WazirX যোগেদি ভাৰতত এপেকইন কিনিব পাৰে , তাৰ বাবে তলৰ সৰল পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিব: 

#1 WazirXত ছাইনআপ 

আৰম্ভণিৰ বাবে,ইয়াত ক্লিক কৰাৰ দ্বাৰা WazirXত এটা একাউণ্ট বনাওক বা আমাৰ ক্ৰিপ্ট’ ট্ৰেডিং এপ ডাউনলোড কৰক। 

Sign Up on WazirX

#2 প্ৰয়োজনীয় বিৱৰণ পূৰণ কৰক

আপোনাৰ ইমেইল ঠিকনা লিখক আৰু এটা সুৰক্ষিত পাছৱৰ্ড বাছনি কৰক। 

Put in your email address and choose a secure password.

#3 ইমেইল প্ৰমাণীকৰণ আৰু একাউণ্ট ছিকিউৰিটি ছেটআপ 

পৰৱৰ্তী, আপোনাৰ ইনবক্সত লাভ কৰা ভেৰিফিকেচন লিংকত ক্লিক কৰাৰ দ্বাৰা আপোনাৰ ইমেইল ঠিকনা প্ৰমাণীত কৰক। তাৰপাছত, আপোনাৰ একাউণ্টৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আপোনাৰ দুটা বিকল্প আছে,অথেনটিকেটৰ এপ আৰু মোবাইল SMS- তলৰ ছবিত দেখুওৱাৰ দৰে। 

মনত ৰাখিব অথেনটিকেচন এপ মোবাইল SMS তকৈ অধিক সুৰক্ষিত কাৰণ ইয়াত ৰিছিপ্টচন দেৰি হোৱা বা SIM কাৰ্ড হেকিং হোৱাৰ আশংকা থাকে। 

Email Verification and Account Security Setup

#4 আপোনাৰ দেশ বাছনি কৰক আৰু KYC সম্পূৰ্ণ কৰক

আপোনাৰ দেশ বাছনি কৰাৰ পাছত,KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। আপোনাৰ KYC সম্পূৰ্ণ নকৰাকৈ,আপুনি নেটৱৰ্কৰ পৰা নেটৱৰ্কত ট্ৰেড কৰিব বা WazirX এপত ফাণ্ড উইথড্ৰ কৰিব নোৱাৰিব। আপোনাৰ KYC সম্পূৰ্ণ কৰিবলৈ, আপুনি তলৰ বিৱৰণবোৰ জমা দিয়াটো আৱশ্যক হয়:

  • আপোনাৰ আধাৰ বা অন্য কোনো আইডি প্ৰুফত থকা অনুসৰি আপোনাৰ সম্পুৰ্ণ নাম। 
  • আপোনাৰ আধাৰ বা অন্য কোনো আইডি প্ৰুফত থকা অনুসৰি আপোনাৰ জন্ম তাৰিখ। 
  • আপোনাৰ আধাৰ বা অন্য কোনো আইডি প্ৰুফত থকা অনুসৰি আপোনাৰ ঠিকনা 
  • নথিপত্ৰৰ একোখন স্কেন কৰা কপি 
  • প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ আপোনাৰ এখন ছেল্ফি

আৰু আপুনি আপোনাৰ একাউণ্ট বনোৱা শেষ কৰিলে! 24 ঘন্টাৰ পৰা 48 ঘন্টাৰ ভিতৰত সাধাৰণতে একাউণ্টটো বৈধ্য হ’ব। 

#5 আপোনাৰ WazirX একাউণ্টলৈ ফাণ্ড ট্ৰেন্সফাৰ 

আপোনাৰ বেংক একাউণ্টটো আপোনাৰ WazirX একাউণ্টত লিংক কৰাৰ পাছত, আপুনি আপোনাৰ WazirX wallet-ত ফাণ্ড জমা কৰিব পাৰিব। প্লেটফৰ্মত IMPS, UPI, RTGS, আৰু NEFT ব্যৱহাৰ কৰি INRৰ জমা গ্ৰহণ কৰা হ’ব। আপুনি নিজৰ WazirX একাউণ্ট নূন্যতম 100 টকাৰে আৰম্ভ কৰিব পাৰিব, আৰু ইয়াৰ কোনো সৰ্বাধিক সীমা নাই। 

ফাণ্ড জমা কৰিবলৈ, আপোনাৰ WazirX একাউণ্টত লগইন কৰিব আৰু তলৰ ছবিত দেখুওৱাৰ দৰে “ফাণ্ডছ” বাছনি কৰিব। তাৰপাছত “টকা(INR),” বাছনি কৰিব আৰু পাছত “জমা”ত ক্লিক কৰিব। 

#6 WazirXত এপেকইন কিনক 

আপুনি WazirX ৰ যোগেদি INR ব্যৱহাৰ কৰি এপেকইন কিনিব পাৰিব। ইয়াৰ পৰা APEত INR নিৰিখ পৰীক্ষা কৰক। এতিয়া, আপোনাৰ WazirX একাউণ্টত লগইন কৰক আৰু “Exchange” বিকল্পৰ পৰা INR বাছনি কৰক। স্ক্ৰীণৰ সোঁফালে, আপুনি মূল্যৰ তালিকা, অৰ্ডাৰ বুক ডাটা, আৰু এখন অৰ্ডাৰ ইনপুট প্ৰ-পত্ৰ দেখা পাব। 

ক্ৰয় অৰ্ডাৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ নিশ্চিত ভাৰতত এপেকইন ক্ৰিপ্ট’ মূল্য চাওক। “Buy ApeCoin.” ত ক্লিক কৰক। তলৰ ছবিত দেখুওৱা এখন BTC অৰ্ডাৰৰ দৰেই প্ৰ-পত্ৰখন দেখা যাব। 

ই অৰ্ডাৰ বহন কৰিবলৈ কিছুসময় ল’ব। কিন্তু যেতিয়াই অৰ্ডাৰ কাৰ্য্যকৰী হ’ব, আপুনি আপোনাৰ WazirX ৱালেটৰ ক্ৰয় কৰা আপোনাৰ এপেকইনৰ কইনবোৰ লাভ কৰিব। 

Buy ApeCoin on WazirX

এপেকইনৰ ভৱিষ্যত

এপেকইনৰ বৰ্তমান এপDAO-ত সদস্যতাৰ বাহিৰেও সীমিত কাৰ্য্যাকলাপ আছে, যিবোৰে এপেকইন টোকেনৰ পৰিচালনা চোৱাচিতা কৰে। অৱশ্যে, ভৱিষ্যত ৰ’ডমেপে প্ৰকাশ কৰে যে টোকেন হোল্ডাৰৰ বাবে ইয়াত কিছুমান উপযোগিতা থাকিব, বিশেষকৈ যেতিয়া ভিত্তিস্বৰূপ NFTৰ সৈতে সংযুক্ত কৰা হ’ব।

এপেকইন DAO-এ লাহে লাহে প্ৰস্তাৱ আৰু ভোটিং ব্যৱস্থাপনাক কমিউনিটিৰে দ্বাৰা নিৰূপিত এটা ৰূপত এক সম্পূৰ্ণ, অন-চেইন প্লেটফৰ্মত একত্ৰীকৃত কৰিব। DAO এ ইয়াক এনেধৰণে সম্পন্ন কৰিব: 

  • কোম্পানীৰ নিয়োগ কৰা ব্যক্তিৰ স্থানত প্ৰশাসন, প্ৰ’জেক্ট মেনেজমেন্ট, আৰু পৰিৱৰ্তনমুলক কাৰ্য্য পৰিচালন কৰিবলৈ DAO সদস্যক কামত লগোৱা হ’ব। 
  • এক কমিউনিটি কৰ্ণধাৰ সমিতিক গঠন কৰা হ’ব 
  • অন-চেইন ভোটিং কাৰ্য্যকৰী কৰা হ’ব 
  • DAO’ৰ ব’ৰ্ড অৱ ডাইৰেক্টৰৰ নিৰ্বাচিত সদস্যৰ বাবে বাৰ্ষিক ভোটিং (প্ৰাৰম্ভিক ব’ৰ্ড 6 মাহৰ এক চমু সময়ৰ বাবে স্থাপন কৰা হয়) 

বৰ্তমান ক্ৰিপ্ট’ বিশ্বত এপেকইনৰ ৰেংক 27 , তথাপিও লিখাৰ সময়ত এক ক্ৰিপ্টোৰ মূল্য $19.67, 2022 ৰ শেষত এপেকইন  $50-$60-ত উপনীত হ’ব বুলি আশা কৰা হৈছে। সেয়েহে এপৰ INR নিৰিখ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। এপেকইনৰ আঁৰৰ টীমে নিৰন্তৰ এপ ক্ৰিপ্টো ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত কাম কৰি আছে। এপৰ অতিমাত্ৰা প্ৰচাৰৰ বাবে, ইয়াৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে  1,305%তকৈ অধিক বৃদ্ধি হৈছে । আনকি দীৰ্ঘম্যাদী ক্ষেত্ৰতো, BAYC ৰ অধিক জনপ্ৰিয়তাৰ বাবে এপেকইনত লাভৰ আশা কৰা হৈছে। BAYC ইকোছিচটেমৰ বৃদ্ধিৰ লগে লগে এপ ক্ৰিপ্টোৰ চাহিদাও বৃদ্ধি হ’ব।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply