Skip to main content

Crypto-ৰ কৰ আৰোপন (Taxation of Crypto)

By মাৰ্চ 23, 2021মে’ 10th, 20226 minute read
Taxation-of-crypto

টোকা: এই ব্লগটো এগৰাকী বাহ্যিক ব্লগাৰৰ দ্বাৰা লিখা হৈছে৷ এই পোষ্টটোত দৃষ্টিকোণ আৰু অভিমত সমূহ লিখকগৰাকীৰ সম্পূৰ্ণ নিজা৷

ভাৰতত ক্ৰিপ্ট’ৰ দৃশ্যাৱলী এতিয়াও ইয়াৰপ্ৰাৰম্ভিক অৱস্থাতে আছে৷ য’ত পলিচিমেকাৰসকলে এতিয়াও এই স্থানত কেনেদৰে নীতি সমূহ আনিব পাৰি তাক ধাৰণা কৰি আছে, ভাৰতীয় নাগৰিকসকলে ক্ৰিপ্ট’ত বিনিয়োগ কৰাত স্পষ্ট আগ্ৰহ প্ৰদৰ্সন কৰি আহিছে, যিহেতু ব্যৱহাৰকাৰীৰ সংখ্যাৰ পৰা ইয়াক পৰিস্কাৰকৈ দেখা পায়৷

“ভাৰতত 10 মিলিয়ন আনুমানিক ক্ৰিপ্ট’কাৰেন্সী ব্যৱহাৰকাৰী আছে আৰু গোলকীয়ভাৱে ই 100 মিলিয়ন হ’ব

বিজনেছ লাইন (মাৰ্চ 2021)

Get WazirX News First

* indicates required

বিত্তীয় বিল 2022 য়ে বিত্তীয় বৰ্ষ 2022-23 ৰ পৰা ’ডিজিটেল সম্পদত’ কৰ আৰোপ কৰিবলৈ প্ৰস্তাৱনা আগবঢ়াইছে৷ ই বিত্তীয় বৰ্ষ 2022-23 ৰ আগতে ক্ৰিপ্ট’ৰ ওপৰত কৰ আৰোপৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি কৰি তুলিছে৷ গতিকে, নিয়ামক ক্ষেত্ৰত কোনো স্পষ্টতা নহালৈকে, ক্ৰিপ্ট’ত কেনেদৰে কৰ আৰোপ কৰা হ’ব পাৰে? কৰ আৰোপৰ দিশটোৰ গভীৰতালৈ ডুব মৰাৰ আগতে, দেশখনত ক্ৰিপ্ট’ক কেনেদৰে চোৱা হয় পৰ্যবেক্ষণ কৰো আহক৷

ক্ৰিপ্ট’ৰ ধাৰণা

আজি, বহুলোকে ক্ৰিপ্ট’ক বিনিয়োগৰ বাবে এটা বিকাশক্ষম সম্পদৰ শ্ৰেণী হিচাপে চায়৷ শ্ৰীযুত অনুৰাগ সিং ঠাকুৰেও (তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়) কৈছে  যেক্ৰিপ্ট’কাৰেন্সী/সম্পদসমূহৰ বদলিৰ ফলত হোৱা লাভ উপাৰ্জনৰ শীৰ্ষৰ অধীনত, একেখিনি ধাৰণ কৰাৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি, কৰৰ সাপেক্ষ হয়৷

কৰ আইনে কি কয়?

কৰ 2 প্ৰকাৰৰ হ’ব পাৰে: প্ৰত্যক্ষ শআৰু পৰোক্ষ৷ প্ৰত্যক্ষ কৰ আৰোপৰ বাবে, আটাইতকৈ প্ৰাসংগিক আইন হৈছে আয় কৰ আইন, 1961৷ পৰোক্ষ কৰ আৰোপৰ বাবে, বিস্তৃত নীতিসমূহ হৈছে কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (CGST) আইন, 2017, আৰু ইয়াৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অনুৰূপ৷

ইয়াক বিশদভাৱে বিশ্লেষণ কৰো আহক:

আয় কৰ আইনৰ তুলনাত ক্ৰিপ্ট’

আহক আমি বিত্তীয় বৰ্ষ 2022-23 ৰ আগৰ আৰু বিত্তীয় বৰ্ষ 2022-23 ৰ পিছৰ সময়ৰ তুলনাত ক্ৰিপ্ট’ৰ কৰ আৰোপনক বিভক্ত কৰো৷

বিত্তীয় বৰ্ষ 2022-23 ৰ আগত (বিত্তীয় বৰ্ষ 2021-22ৰ বাবে):

যিকোনো লোক যি ভাৰতীয় কৰ আৰোপ অধ্যয়ন কৰিছে, তেওঁ আপোনাক কব পাৰিব যে আয়ৰ পাঁচটা শীৰ্ষ তাকে, যি হৈছে দৰ্মহা, গৃহ সম্পদ, ব্যৱসায় (বা বৃত্তি), মূলধন লাভ, আৰু অন্যান্য উৎস৷ মন কৰিব যে বিত্তীয় বিল 2022 প্ৰকাশৰ আগতে, কৰ আইনৰ কতো ’ক্ৰিপ্ট’ বা ’ক্ৰিপ্ট’কাৰেন্সী’ শব্দ ব্যৱহাৰ কৰা হোৱা নাছিল৷ যিহেতু বেছিভাগ লোকে ক্ৰিপ্ট’ক বিনিয়োগৰ দৃষ্টিৰে চাইছিল, প্ৰথমে আয় কৰ আইনৰ মূলধন লাভৰ দৃষ্টিকোণ বিশ্লেষণ কৰো আহক৷

মূলধন লাভ:

মূলধন লাভৰ ধন আদায় অংশ, আয়-কৰ আইন, 1961ৰ বিধি 45 য়ে, এটা ’মূলধন সম্পদৰ’ৰ বদলিৰ পৰা উদ্ভৱ হোৱা লাভ বা আয়ৰ ওপৰত এটা কৰ আৰোপ কৰে৷ ’মূলধন সম্পদ’ শব্দটোৰ সংজ্ঞাত, বিধি 2(14) য়ে, উল্লেখ কৰে যে ইয়াত অন্তৰ্ভুক্ত থাকিব “এগৰাকী কৰদাতাৰ দ্বাৰা ধাৰণ কৰা যিকোনো প্ৰকাৰৰ সম্পদ, ই তেওঁৰ ব্যৱসায় বা বৃত্তিৰ সৈতে সংযুক্ত হওক বা নহওক“৷ যিহেতু ই ধন আদায়ৰ চৰ্তাৱলীক পূৰ্ণ কৰা যেন লাগে, কৰ গণনাৰ সৈতে আগবাঢ়ো আহক৷

মূলধন লাভৰ গণনা সাধাৰণতে তলৰ শাৰীবোৰৰ সৈতে হয়:

বিক্ৰী বিবেচনা
(-)বিক্ৰীৰ সন্দৰ্ভত সম্পূৰ্ণৰূপে ব্যয়
মুঠ বিক্ৰী বিবেচনা
(-)(সূচীবদ্ধ) অধিগ্ৰহণৰ ব্যয়
(-)(সূচীবদ্ধ) বিকাশৰ ব্যয়
মূলধন লাভ

বিক্ৰীৰ সন্দৰ্ভত ব্যয় সাধাৰণতে দালালীৰ প্ৰকৃতিৰ হয়, যদি, ক্ৰিপ্ট’ এক্সচেঞ্জৰ দ্বাৰা আৰোপ কৰা হয়৷ ক্ৰিপ্ট’ৰ ক্ষেত্ৰত বিকাশৰ কোনো ব্যয় থাকিব নোৱাৰে৷ সূচীতকৰণ লাভ তেতিয়া উপলব্ধ হয় যেতিয়া হোল্ডিং পিৰিয়ড 3 বছৰতকৈ অধিক হয় (দীৰ্ঘ-ম্যাদ)৷ হ্ৰস্ব-ম্যাদী মূলধন লাভৰ কৰ প্ৰযোজ্য শ্লেব হাৰত ধন আদায়ৰ যোগ্য, য’ত দীৰ্ঘ-ম্যাদী মূলধন লাভৰ কৰ 20% ৰ নিৰ্ধাৰিত হাৰত ধন আদায়ৰ যোগ্য৷

যদি আপুনি ক্ৰিপ্ট’ ক্ৰয় কৰাৰ পৰিৱৰ্তে মাইন কৰে কি হয়? তাত অধিগ্ৰহণৰ এটা পৰিস্কাৰ নিৰ্ধাৰণযোগ্য ব্যয় আছে নে? লাভজনকভাৱে ক্ৰিপ্ট’ মাইন কৰাটোত নিশ্চিতভাৱে উপযুক্ত হাৰ্ডৱেৰ, বিদ্যুত যোগান, আৰু আন ব্যয়ৰ প্ৰয়োজন হয়৷ এই ব্যয় সমূহ অধিগ্ৰহণৰ ব্যয় হিচাপে গ্ৰহণ কৰিব পাৰিনে? আপুনি এনে ব্যয় সমূহ সঠিকভাৱে গণনা কৰিব পাৰেনে? যদি আমি চিআইটি ভি.বি.চি. শ্ৰীনিবাস চেট্টী (1981)ত মাননীয় উচ্চতম ন্যায়ালয়ৰ যুক্তি ব্যৱহাৰ কৰো, সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে বিধি 48(মূলধন লাভৰ গণনাৰ বাবে) উপবন্ধ সমূহ প্ৰয়োগ কৰা সম্ভৱ যদি অধিগ্ৰহণৰ ব্যয় সঠিকভাৱে নিৰ্ণয়যোগ্য হয়৷ যিহেতু ক্ৰিপ্ট’ মাইন কৰাৰ ক্ষেত্ৰত সঠিকভাৱে অধিগ্ৰহণৰ ব্যয় নিশ্চিত কৰা সম্ভৱ নহয়, ই মূলধন লাভ কৰলৈ ধন আদায়যোগ্য হ’ব নোৱাৰে৷

ব্যৱসায়:

আগতে উল্লেখ কৰাৰ দৰে, ক্ৰিপ্ট’ক লাভজনকভাৱে মাইন কৰিবলৈ, প্ৰয়োজনীয় আন্তঃগাঠনিটোত এটা বৈশিষ্ট্যপূৰ্ণ বিনিয়োগ প্ৰয়োজনীয়৷ যদি আপুনি এনে এটা বিনোয়োগৰ কৰ্মভাৰ লৈছে, ইয়াক এনেদৰে কব পাৰি নে যে আপুনি ধাৰণ কৰা ক্ৰিপ্ট’ মাথোন বিনিয়োগৰ এটা প্ৰকাৰ? ই আমাক দ্বিতীয় দৃষ্টিকোণলৈ লৈ যায় অৰ্থাৎ, কৰদাতাসকল ক্ৰিপ্ট’ ক্ৰয় আৰু বিক্ৰীৰ (মাইনিংক ধৰি) ব্যৱসায়ত নিয়োজিত হৈছে৷ এনে ব্যৱসায়ৰ পৰা লাভ ’ ব্যৱসায় বা বৃত্তিৰ পৰা লাভ আৰু আয়’ৰ অধীনত ধন আদায়যোগ্য, আৰু গণনাটো তুলনামূলকভাৱে পোনপটীয়া – ক্ৰিপ্ট’ক আপোনাৰ ইনভেন্টৰী হিচাপে মানি চলক আৰু আইনৰ প্ৰাসংগিক সুবিধা অনুসৰি আপোনাৰ ব্যৱসায়ৰ মুঠ লাভ গণনা কৰক৷

আন উৎস সমূহ:

যদিও আপুনি আপোনাৰ ক্ৰিপ্ট’ পৰ্টফলিঅ’ক আপোনাৰ মূলধন সম্পদ বা আপোনাৰ ব্যৱসায় হিচাপে প্ৰত্যক্ষ নকৰে, ইয়াৰ পৰা আপুনি যি উপাৰ্জনেই লাভ নকৰে ই উপাৰ্জনৰ অৱশিষ্ট শীৰ্ষত কৰ আদায়যোগ্য হ’ব – ’ আন উৎস সমূহৰ পৰা উপাৰ্জন’৷ কৰটো প্ৰযোজ্য শ্লেব হাৰত কৰ আদায়যোগ্য হ’ব৷

বিত্তীয় বৰ্ষ 2022-23 ৰ পৰা:

বিত্তীয় বিল 2022 01.04.2022 ৰ পৰা প্ৰযোজ্য হোৱাকৈ ক্ৰিপ্ট’ৰে কৰ আৰোপনৰ সম্পৰ্কিত বিষয় সমূহ ঘোষণা কৰিছে৷ বিত্তীয় বিলত ক্ৰিপ্ট’-সম্পৰ্কিত আপডেটবোৰ তলত দিয়াৰ দৰে সংক্ষিপ্ত কৰিব পাৰি 

  • ই প্ৰথমে ’ভাৰ্চুৱেল ডিজিটেল সম্পদ’ শব্দটো ব্যৱহাৰ কৰিছে য’ত আমি সাধাৰণতে ক্ৰিপ্ট’ আৰু লগতে NFT মানে কি বুজো সেয়া অন্তৰ্ভুক্ৰ থাকে৷
  • ইয়াত বিধি 56(2) ৰ উদ্দেশ্যৰ বাবে ’সম্পত্তি’ৰ অৰ্থত ’ভাৰ্চুৱেল ডিজিটেল সম্পদ’ অন্তৰ্ভুক্ত থাকে যি আন উৎস সমূহৰ পৰা উপাৰ্জনৰ সৈতে লেনদেন কৰে৷
  • ই বিধি 115 BBH আৰু 115 BBI আগবঢ়াইছে যি এটা কৰ্তন হিচাপে মাত্ৰ ক্ৰয় মূল্যক অনুমতি প্ৰদান কৰি, ভাৰ্চুৱেল সম্পদৰ স্থানান্তৰৰ পৰা উপাৰ্জন কৰা আয়ৰ এটা নিৰ্দিষ্ট হাৰৰ কৰ আৰোপ কৰে৷ এই বিধিৰ অধীনত লোকচানৰ কোনো সূত্ৰপাত উপাৰ্জনৰ আন শীৰ্ষ সমূহৰ বিপৰীতে অনুমতিপ্ৰাপ্ত নহয়৷
  • বিধি 194Sৰ অন্তৰ্ভুক্তি যি ধন পৰিশোধৰ বাবে দায়বদ্ধ লোকজনৰ দ্বাৰা উৎসত @ 1% কৰ কৰ্তন বাধ্যতামূলক কৰে যদি ধন অতিক্ৰম কৰে:

Rs. 50,000 যেতিয়া পৰিশোধকৰ্তা এজন ’নিৰ্দিষ্ট লোক’

Rs. 10,000 আন ক্ষেত্ৰত

অৱশ্যে, ইয়াৰ ওপৰত অধিক স্পষ্টতা এতিয়াও আহিবলৈ বাকী আছে৷

GST আইনৰ তুলনাত ক্ৰিপ্ট’

CGST আইন, বিধি 9ৰ ধন আদায় বিধিয়ে, উল্লেখ কৰে যে কেন্দ্ৰীয় GST ’সামগ্ৰী’ বা ’সেৱা’ বা দুয়োটাৰ সকলো অন্তঃৰাজ্যিক ’যোগান’ সমূহৰ ওপৰত কৰ আৰোপিত হ’ব৷ এনেদৰে ক্ৰিপ্ট’ সম্পৰ্কিত বিনিময়কৰণ GST-ৰ পৰিসৰৰ ভিতৰত থাকিবলৈ, ই হয় ’সামগ্ৰী’ বা ’সেৱা’ৰ এটা যোগান হ’ব লাগিব৷ CGST আইনে বিধি 7 ৰ অধীনত ’যোগান’ৰ এটা সামগ্ৰিক সংজ্ঞা প্ৰদান কৰে, যি তলৰ কাৰক সমূহৰ ওপৰত নিৰ্ভৰ কৰে:

  • এটা ’যোগান’ থাকিব লাগিব (ইয়াত বিক্ৰী, বদলি, লাইচেঞ্চ, বিনিময়, ভাৰা, লীজ, ইত্যাদি অন্তৰ্ভুক্ত থাকে)
  • এখন চুক্তি তাকিব লাগিব ( মৌখিক, লিখিত, অলিখিত, অনুমেয় হ’ব পাৰে)
  • এটা বিবেচনাৰ বাবে
  • এগৰাকী লোকৰ দ্বাৰা
  • সময়খিনিত বা ব্যৱসায়ৰ বৃদ্ধিত

ক্ৰিপ্ট’ ক্ৰয় আৰু বিক্ৰীৰ কাৰ্যই ওপৰত উলেখ কৰা সকলোবোৰ চৰ্তাৱলী মানি চলিব লাগিব৷ দেখা পাবলৈ কি বাকী ৰয় সেয়া হৈছে ক্ৰিপ্ট’ হয় ’ সামগ্ৰী’ বা ’সেৱা’ হ’ব লাগিব৷ আইনখনত “সামগ্ৰী“ শব্দৰ সংজ্ঞাত অন্তৰ্ভুক্ত থাকে: “….টকা আৰু আমানতৰ বাদে যিকোনো প্ৰকাৰৰ চলমান সম্পদ…“ আৰু সেৱাৰ সংজ্ঞাত অন্তৰ্ভুক্ত থাকে: “সামগ্ৰী, টকা, আৰু আমানতৰ বাদে যিকোনো…“এনেদৰে, ক্ৰিপ্ট’ক CGST আইন, 2017 ঋ অধীনত ’সেৱাৰ’ সংজ্ঞাৰ অধীনত সাঙুৰি লব পাৰি৷

ওপৰৰ ওপৰত ভিত্তি কৰি, এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে ক্ৰিপ্ট’ লেনদেন সমূহ GST ৰ প্ৰতি দায়বদ্ধ৷ প্ৰযোজ্য কৰৰ হাৰ সেৱাৰ বাব্য ব্যৱহৃত 18% অৱশিষ্ট কৰৰ হাৰ হ’ব৷ অৱশ্যে, এগৰাকী লোক GST ৰ অধীনত তেতিয়াহে পঞ্জীয়ন কৰিবলৈ যোগ্য হ’ব যদি তেওঁৰ মুঠ টাৰ্ণঅভাৰে 20 লাখ অতিক্ৰম কৰে৷

ক্ৰিপ্ট’ মাইনিংৰ প্ৰশ্ন বাকী আছে৷ ক্ৰিপ্ট’ মাইনিং হৈছে জটিল সাংকেতিক সমীকৰণবোৰ সমাধান কৰাৰ প্ৰক্ৰিয়া যি এটা ক্ৰিপ্ট’ লেনদেনৰ ব্লকচেইন নেটৱৰ্কলৈ প্ৰমাণীকৰণ আৰু প্ৰৱেশলৈ লৈ যায়৷ মাইনিংৰ বিষয়ে অধিক তথ্য ইয়াত লাভ কৰিব পৰা যায়৷

গতিকে ইয়াত, আপুনি ক্ৰিপ্ট’ মাইনিংৰ সেৱা আগবঢ়াইছে আৰু লগতে একেখিনিৰ বাবে ব্লকচেইন নেটৱৰ্কৰ দ্বাৰা পুৰস্কৃতও হৈছে৷ ইয়াক GST -ৰ প্ৰতি ধন আদায়যোগ্য সেৱাৰ এটা বহিৰ্মুখী যোগান হিচাপে চাব পাৰি৷ ইয়াৰ বাবে ধন বিশ্চিত ভাৱে ’ইন কাইণ্ড’ (ক্ৰিপ্ট’), আৰু আইনখন এনে ঘটনা সমূহত যোগানৰ মান গণনা কৰিবলৈ প্ৰক্ৰিয়া সমূহ আগবঢ়াই দিছে৷

আগলৈ

এইটো একেবাৰে নিশ্চিত যে #IndiaWantsCrypto৷ আগলৈ পথটোৱে সম্ভৱতঃ ইয়াৰ কৰ আৰোপনৰ সম্পৰ্কত আইনখনত অলপ অধিক স্পষ্টতা আগবঢ়াব৷ ক্ৰিপ্ট’ৰ ৰাজহুৱা ধাৰণাক বিনিয়োগৰ এটা মাধ্যম হিচাপে প্ৰদান কৰি, যদি একে দৃষ্টিকোণ আয়-কৰ আইনৰ অধীনত গ্ৰহণ কৰা হয়, ই হয়তো ইয়াৰ নিজা কৰৰ বিষেষ হাৰৰ সৈতে এটা মূলধন সম্পদ হিচাপে গণ্য কৰা হ’ব৷ একেদৰে, GST আইনৰ অধীনত, যদি ক্ৰিপ্ট’ক আন আমানত সমূহ যেনে শ্বেয়াৰ, ডিবেঞ্চাৰ, ইত্যাদিৰ সৈতে সমান মূল্যত গণ্য কৰিব পাৰি, ই ক্ৰিপ্ট’ৰ মাথোন ক্ৰয় আৰু বিক্ৰীৰ পৰিসৰলৈ GST ৰ পৰিসৰৰ পৰা বাহিৰত ৰাখিব পাৰি৷ বিত্তীয় বিল, 2022, যেতিয়া কথাবোৰ নিশ্চিতভাৱে কিছু পৰৰিমাণে বেছি পৰিস্কাৰ কৰি তুলিছে, তথাপি ক্ৰিপ্ট’ৰ অধীনত বিশেষ ঘটনাৰ কৰ আৰোপন যেনে ষ্টেকিং, ফৰ্কিং, ক্ৰিপ্ট’ত বেতন প্ৰদান, বুনিয়াদী পণ্য সামগ্ৰীৰ বাবে বিনিময়ৰ মাধ্যম হিচাপে ক্ৰিপ্ট’ৰ ব্যৱহাৰ, ইত্যাদিৰ সন্দৰ্ভত অনিশ্চয়তা এৰি যায়৷

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply