Skip to main content

দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে ভাৰতত বিবেচনা কৰিবলগা শীৰ্ষ ৪ টা ক্ৰিপ্ট’কাৰেন্সী (Top 4 Cryptocurrencies To Consider In India For Long Term Investments)

By এপ্ৰিল 26, 2022মে’ 28th, 20225 minute read
Top Cryptocurrency To Consider For Long Term Investments - WazirX

বিঃদ্ৰঃ এই ব্লগটো এগৰাকী বাহিৰৰ ব্লগাৰে লিখিছে। এই পোষ্টত প্ৰকাশ কৰা দৃষ্টিভঙ্গী আৰু মতামতসমূহ একমাত্ৰ লেখকৰ নিজস্ব।

ক্ৰিপ্ট’কাৰেন্সীয়ে নিশ্চিতভাৱে ভাৰতত জোৱাৰ আনিছে, আৰু তাক কোনো ৰখাব নোৱাৰে৷ সকলোৱে হ্ৰস্বম্যাদী লাভ বা দীঘলীয়া সময় ধৰি ৰাখিবলৈ ক্ৰিপ্ট’ত জড়িত হৈ পৰিছে, তাৰোপৰি ইয়াক প্ৰধান ধাৰালৈ অনাৰ বাবে জোৰ দিছে৷ তাৰ লগতে, ক্ৰিপ্ট’কাৰেন্সী মাৰ্কেটত কৰ আইন প্ৰৱৰ্তনৰ সৈতে, দেশত ক্ৰিপ্ট’ৰ ভৱিষ্যত সম্পৰ্কে দ্বিধা এতিয়া কিছু স্পষ্ট হৈছে। ক্ৰিপ্ট’ ইয়াত থাকি যাব আৰু এটা খুব ভাল বিনিয়োগৰ বিকল্প।

যদিও হ্ৰস্বম্যাদী ক্ৰিপ্ট’ ব্যৱসায়ীসকলে দ্ৰুত লাভ কৰিছে, এক দীৰ্ঘম্যাদী ক্ৰিপ্ট’কাৰেন্সী বিনিয়োগ ৰণনীতি অধিক উন্নত বুলি গণ্য কৰা হয়।  ইয়াৰ কাৰণ হৈছে ক্ৰিপ্ট’ সম্পদবোৰে সাধাৰণতে সময়ৰ সৈতে চক্ৰ আৰু যৌগ অনুসৰণ কৰে, যাৰ ফলত মূল্য বৃদ্ধি হয়। আৰু ক্ৰিপ্ট’ বজাৰে আগবঢ়োৱা অস্থিৰতাৰ অত্যাধিক আঘাত স্বত্বেও, বৃহৎ লাভৰ সম্ভাৱনাই অনেক বিনিয়োগকাৰীক প্ৰলোভিত কৰিছে।

যদি আপুনি দীৰ্ঘম্যাদী সময়ৰ বাবে ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ কৰিবলৈ বিবেচনা কৰি আছে আৰু আপুনি সৰ্বশ্ৰেষ্ঠ দীৰ্ঘম্যাদী ক্ৰিপ্ট’ পৰ্টফলিঅ’ৰ বাবে কোনটো শীৰ্ষ ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ কৰিব লাগে সেই বিষয়ে বিভ্ৰান্ত হৈছে তেনেহ’লে আমি আপোনাক সহায় কৰিম। গতিকে যিসকলে ভাবি আছে যে দীঘলীয়া সময়ৰ বিনিয়োগৰ কৌশলৰ বাবে ভাৰতত কোনটো ক্ৰিপ্ট’ কিনিব লাগিব, এয়া হ’ল শীৰ্ষৰ ৪ টা বাছনিঃ

১. বিটকইন (BTC)

বিটকইন, প্ৰথম আৰু সবাতোকৈ জনাজাত ক্ৰিপ্ট’কাৰেন্সী, যিটো নিসন্দেহে দীঘলীয়া সময়ৰ ক্ৰিপ্ট’ বিনিয়োগৰ বাবে উত্তম বাছনি৷ বিটকইনৰ জনপ্ৰিয়তাৰ আঁৰৰ মূল কাৰণটো হ’ল বিনিয়োগকাৰীসকলে বিশ্বাস কৰে যে সময়ৰ সৈতে ক্ৰিপ্ট’কাৰেন্সীয়ে সমাদৰ লাভ কৰিব ইয়াৰ সীমিত ২১ মিলিয়ন যোগানৰ বাবে৷ এইটো লক্ষণীয়ভাৱে ফিয়েট কাৰেন্সীসমূহ যেনে ডলাৰ বা পাউণ্ডৰ পৰিপন্থী, যিবোৰৰ যোগানৰ কোনো সীমা নাথাকে৷ সৰহসংখ্যক বিনিয়োগকাৰীয়ে এইটোও বিশ্বাস কৰে যে ফিয়েট কাৰেন্সী দুৰ্বল হ’লেও, বিটকইনৰ মূল্য অব্যাহত থাকিব৷

এগৰাকী ব্যক্তি বা ব্যক্তিসমূহৰ দলৰ দ্বাৰা ২০০৯ ত সৃষ্টি কৰা ছাটোছি নাকামতো ছদ্মনাম ব্যৱহাৰ কৰা, বিটকইন (BTC) হ’ল প্ৰথম ক্ৰিপ্ট’কাৰেন্সী আৰু প্ৰায়ে ইয়াক ডিজিটেল সোণ হিচাপে অভিহিত কৰা হয়৷ BTC এটা প্ৰভাৱশালী ক্ৰিপ্ট’ ও, আৰু কাৰণ নোহোৱাকৈও নহয়ঃ ত্ৰিপ্ট’ খণ্ডৰ গতিপথৰ চিহ্নৰ গুৰিধৰোতা হিচাপে- ইয়াৰ মূল্য, মাৰ্কেটৰ মূলধন, আৰু পৰিমাণ সকলোবোৰ আন যিকোনো ক্ৰিপ্ট’তকৈ তাৎপৰ্য্যপূৰ্ণভাৱে অধিক। যদিওবা বিভিন্ন হাজাৰ হাজাৰ ক্ৰিপ্ট’কাৰেন্সী বজাৰত উপলব্ধ, তথাপিও ক্ৰিপ্ট’কাৰেন্সী মাৰ্কেট মূলধনৰ প্ৰায় ৪০% বিটকইনৰ ওপৰত আছে৷ এইটোই ইয়াক ২০২২ ৰ সৰ্বশ্ৰেষ্ঠ দীৰ্ঘম্যাদী ক্ৰিপ্ট’ বিনিয়োগসমূহৰ বাবে এক লাভজনক হিচাপে উপযুক্ত কৰি তোলে৷ 

Get WazirX News First

* indicates required

এক দশকতকৈও অধিক আগতে প্ৰতিটো কইনত $০.০০০৮ ৰ পৰা $০.০৮ লৈ, নৱেম্বৰ ২০২১ ত বিটকইনৰ মূল্য সৰ্বকালৰ সৰ্বাধিক প্ৰায় $৬৯০০০ স্পৰ্শ কৰিছিল৷ যদিও বিটকইনৰ অস্থিৰতা আটাইতকৈ গুৰুত্বপূৰ্ণ বিপদাশংকাৰ কাৰকসমূহৰ এটা, তথাপিও এই অস্থিৰতাৰ বাবে বৃহৎ লাভৰ সম্ভাৱনাই ইয়াক ইমান জনপ্ৰিয় কৰি তুলিছে৷ বহুতো বিশ্লেষকে মোটামুটিভাৱে অনুমান কৰিছে যে BTC ৰ মূল্য ২০২২ ত বৃদ্ধি পাই থাকিব, সৰ্বাধিক $৮০০০০ বা $১০০০০০ পৰ্যন্ত হ’ব, তাৰ পিছত ২০২৫ লৈ $২৫০০০০ আৰু এই দশকৰ শেষলৈ এক বৃহৎ $৫ মিলিয়ন প্ৰতি বিটকইনলৈ মূল্য হ’ব৷

২. ইথেৰিয়াম (ETH)

বিটকইনৰ পিছতেই দ্বিতীয়টো, মূল্য আৰু মাৰ্কেট মূলধন উভয়তে, ইথেৰিয়াম হ’ল বহুতৰে বাবে আন এটা খুব বেছিকৈ পছন্দ কৰা ক্ৰিপ্ট’ বিনিয়োগ। এক জনপ্ৰিয়ভাৱে প্ৰচাৰিত ক্ৰিপ্ট’ সম্পদ হোৱাৰ উপৰিও, ইথেৰিয়াম ইয়াৰ বৈপ্লৱিক নেটৱৰ্কৰ বাবেও বিখ্যাত যিয়ে বিকাশকসকলক ইয়াৰ ERC-২০ সমৰ্থনযোগ্য মানৰ নেটৱৰ্কৰ জড়িয়তে ক্ৰিপ্ট’কাৰেন্সী তৈয়াৰ কৰাৰ সুবিধা প্ৰদান কৰে৷ বিভিন্ন ক্ৰিপ্ট’কাৰেন্সীসমূহৰ বাবে এক প্লেটফৰ্ম প্ৰদান কৰাৰ উপৰিও, ইথেৰিয়ামে বিকেন্দ্ৰীভূত স্মাৰ্ট চুক্তি কাৰ্য্যকৰীকৰণো প্ৰদান কৰে৷ DeFi (বিকেন্দ্ৰীভূত অৰ্থ) আৰু NFT (ন’ন-ফাংগিবোল টোকেন) সমূহ হৈছে আন ধাৰণাবোৰ যিয়ে বিগত বছৰবোৰত ইথেৰিয়ামৰ মূল্য বৃদ্ধি কৰিছে। 

ইথেৰিয়াম ২০২১ চনৰ শেষৰ ফালে সৰ্বকালৰ সৰ্বাধিক $৪৮০০ স্পৰ্শ কৰিছিল আৰু ২০২২ চনত $৩৬০০ ৰ সীমাত আৰম্ভ কৰিছিল। ইথেৰিয়ামে যোৱা বছৰত ১৬০% এক বৃদ্ধিৰ ৰেকৰ্ড কৰিছিল আৰু এই বছৰত $৬৫০০ স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে। এইটোই কিউৰেট কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ দীৰ্ঘম্যাদী ক্ৰিপ্ট’ পৰ্টফলিঅ’ৰ ইয়াক এক বাধ্যতামূলক সম্পদ কৰি তোলে৷

আগতে আলোচনা কৰাৰ দৰে, ইথেৰিয়ামে ২০২১ চনত NFT আচম্বিতে শ্ৰীবৃদ্ধি হোৱাত প্ৰধান মাধ্যম হিচাপে কাম কৰিছিল৷ এইটোৱে ইয়াক ইতিমধ্যে বিশ্বব্যাপী বিনিয়োগকাৰীসকলৰ বাবে এক বিনিয়োগৰ বিকল্প হিচাপে তৈয়াৰ কৰি তুলিছে। ইয়াৰ লগতে, ২০২২ চন ইথেৰিয়াম সমাজত এক বিশেষ স্থান দখল কৰিছে। এইটোই সেইটো বছৰ যেতিয়া ইথেৰিয়ামে ইয়াৰ আটাইতকৈ প্ৰত্যাশিত ETH2 উন্নীতকৰণ মুকলি কৰিব বুলি আশা কৰা হৈছে। এইটোই ইয়াৰ গতি আৰু দক্ষতা উন্নত কৰিব আৰু নেটৱৰ্কে সন্মুখীন হোৱা পৰিমাপ্য প্ৰত্যাহ্বানসমূহ সমাধা কৰিব। বিশ্লেষকসকলে অনুমান কৰিছে যে সফল উন্নীতকৰণৰ পিছত ইথেৰিয়ামৰ মূল্য আৰু বৃদ্ধি পাব। 

৩. কাৰ্ডেনো (ADA)

২০১৫ ত ইথেৰিয়ামৰ সহ-প্ৰতিষ্ঠাপক চাৰ্লচ হস্কিনছনৰ দ্বাৰা বিকশিত, কাৰ্ডেনো হৈছে এক মুক্ত-উৎস আৰু বিকেন্দ্ৰীভূত ৰাজহুৱা ব্লকচেইন প্লেটফৰ্ম  যাক মনত ৰখা হৈছে প্ৰুফ-অফ-ষ্টেক বৈধতা আগতীয়াকৈ গ্ৰহণ বাবে৷ শেহতীয়া সময়ৰ ইয়াৰ বজাৰ বৃদ্ধি আৰু ইয়াৰ শক্তি-কাৰ্য্যদক্ষ প্ৰক্ৰিয়াসমূহ শলাগ ল’বলগীয়া যিবোৰক বিটকইনতকৈ অধিক পৰিৱেশ-অনুকূল বুলি গণ্য কৰা হয়, কাৰ্ডেনো (ADA) ই বিভিন্ন প্ৰকাৰৰ বিনিয়োগকাৰীক আকৰ্ষিত কৰিছে৷

ADA কাৰ্ডেনোৰ এক আভ্যন্তৰীণ ক্ৰিপ্ট’কাৰেন্সী, যিয়ে পিয়েৰ-টু-পিয়েৰ লেনদেনৰ সুবিধা প্ৰদান কৰে৷ যদিও ADA ই বিটকইন বা ইথেৰিয়ামৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰে, ২০২১ চনত ADA অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে৷ ADA ছেপ্টেম্বৰ ২০২১ চনত সৰ্বকালৰ সৰ্বোচ্চ উচ্চতা স্পৰ্শ কৰাৰ বাবে ১৪০০০% লৈ বৃদ্ধি হৈছিল। গতিকে, যদি আপুনি ২০২২ চনত ভাৰতত দীঘলীয়া সময়ৰ বাবে কোনটো ক্ৰিপ্ট’ কিনিব লাগে বুলি অনুমান কৰি আছে, ADA হৈছে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ৷ 

কাৰ্ডেনো হৈছে NFT স্থানত জনপ্ৰিয় ক্ৰিপ্ট’সমূহৰ এটা আৰু ২০২২ চনত উদ্যোগটোত ইয়াৰ স্থিতি আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে৷ এইটো যোৱা বছৰ ADA নেটৱাৰ্কে স্বাক্ষৰ কৰা মুখ্য অংশীদাৰসকলৰ পৰিপক্কতাৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’ব৷  অৰ্থনীতি পূৰ্বানুমান সংস্থা অনুসৰি, ADA ২০২২ চনত $৭.৭০, ২০২৩ চনত $৮.৯৩, আৰু ২০২৫ চনৰ শেষলৈ $১৫ লৈ পাব বুলি আশা কৰা হৈছে৷ 

৪. বাইনেন্স কইন (BNB)

বাইনেন্স কইন হৈছে আটাইতকৈ জনপ্ৰিয় ক্ৰিপ্ট’ বিনিয়োগসমূহৰ এটা থলুৱা ক্ৰিপ্ট’ টোকেন, বাইনেন্স৷ প্লেটফৰ্মত বাইনেন্স গ্ৰাহকসকলৰ দ্বাৰা BNB মাচুলসমূহ আৰু বাণিজ্যৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়। যোৱা বছৰৰ পৰা, BNB এ মাৰ্কেট মূলধনৰ দ্বাৰা শীৰ্ষৰ ৫ টা ক্ৰিপ্ট’কাৰেন্সীৰ স্থানত এটা স্থায়ী স্থান দখল কৰিছে৷ ই যোৱা কিছু মাহৰ পৰা বজাৰ মূলধনৰ ক্ষেত্ৰত তৃতীয়/চতুৰ্থ স্থানত প্ৰভাৱশালীভাৱে বহি আছে। এইটোই ইয়াক ২০২২ ৰ দীঘলীয়া ক্ৰিপ্ট’ বিনিয়োগসমূহৰ ভিতৰত এটা অন্যতম শ্ৰেষ্ঠ কৰি তোলে৷ 

BNB ২০১৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু বৰ্তমান ERC20, ইথেৰিয়ামত চলি আছে। কইন ফ্ৰেমৱৰ্কটো দক্ষতাপূৰ্ণভাৱে ডিজাইন কৰা হৈছে আৰু শক্তিশালী তথা সঠিক এলগ’ৰিথমৰ দ্বাৰা সমৰ্থিত৷ প্লেটফৰ্মত মাচুলসমূহ পৰিশোধ কৰাৰ লগতে, বাইনেন্সৰ দ্বাৰা বিভিন্ন জনপ্ৰিয় সেৱাসমূহ আৰু সামগ্ৰীসমূহ প্ৰাপ্ত কৰিবলৈ BNB ব্যৱহাৰ কৰিব পাৰি, যেনে বাইনেন্স স্মাৰ্ট চেইন (BSC), ট্ৰাষ্ট ৱালেট, বাইনেন্স ৰিচাৰ্চ, আৰু বাইনেন্স একাডেমী। এই সেৱাসমূহৰ জনপ্ৰিয়তাই অনাগত বছৰবোৰত BNB ৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দিশে দেখুৱাই আছে।

BNB ২০২১ চনত সৰ্বকালৰ শীৰ্ষ প্ৰায় $৬৯০ স্পৰ্শ কৰিছিল৷  Capital.comৰ মতে, কইনটো ২০২৪ চনৰ ভিতৰত $৮২০ লৈ, ২০২৬ চনত $২৩০০ লৈ আৰু ২০৩০ চনত $১১০০০ লৈ হ’ব।

WazirX ৰ সৈতে ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ কৰক

আপুনি ক্ৰিপ্ট’ ৰ এজন শিকাৰু হওক বা এজন অভিজ্ঞ বিনিয়োগকাৰী হওক, যদি আপুনি ২০২২ চনত শ্ৰেষ্ঠ দীৰ্ঘম্যাদী ক্ৰিপ্ট’ বিনিয়োগৰ বিষয়ে চিন্তা কৰি আছে, তেনেহ’লে WazirX আপোনাৰ বাবে সঠিক ঠাই। ভাৰতৰ শ্ৰেষ্ঠ আৰু আটাইতকৈ বিশ্বাসযোগ্যসমূহৰ এটা হ’ল ক্ৰিপ্ট’ বিনিময়বোৰ, WazirX ৰ ২৫০+ ৰ ওপৰত ক্ৰিপ্ট’কাৰেন্সী আছে, যাৰ ভিতৰত আছে BTCETHADA, আৰু BNBৰ, দৰে আগশাৰীৰ ক্ৰিপ্ট’কাৰেন্সী, তথা অত্যন্ত চিত্তাকৰ্ষক সুৰক্ষা বৈশিষ্ট্যসমূহ আৰু KYC প্ৰক্ৰিয়াৰ সৈতে অতি ক্ষিপ্ৰ লেনদেনত সহায় কৰে।
WazirX ৰ সৈতে ট্রেডিং আৰম্ভ কৰিবলৈ, ইয়াতক্লিক কৰি এক্সচেঞ্জ সাক্ষাৎ কৰক।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।
Shashank

Shashank is an ETH maximalist who bought his first crypto in 2013. He's also a digital marketing entrepreneur, a cosmology enthusiast, and DJ.

Leave a Reply