Skip to main content

আপোনাৰ প্ৰথম NFT প্ৰস্তুত কৰাৰ আগতে আপুনি জানিবলগীয়া 5 টা কথা (5 Things You Should Know Before Minting Your First NFTs)

By আগষ্ট 26, 2021মে’ 2nd, 20226 minute read
5-Things-You-Should-Know-before-minting-your-first-NFTs-WazirX

আপুনি শেহতীয়া ব্লকচেইন উন্মাদনা, NFT (নন-ফাঞ্জিবল টোকেন)ৰ প্ৰতি প্ৰচণ্ড অত্যুৎসাহী হৈছে নেকি? ক্ৰিপ্ট’কিটিছৰ পৰা টুইটাৰৰ প্ৰতিষ্ঠাপক জেক ডৰ্চেলৈকে, তেওঁৰ প্ৰথম টুইটটো অটোগ্ৰাফ সহ বিক্ৰী কৰালৈকে, NFTয়ে ব্লকচেইনৰ ওপৰত সম্পত্তিৰ অস্তিত্ব লিপিবদ্ধ কৰাত বহুদূৰ আগবাঢ়িছে। কেতিয়াবা নহয় কেতিয়াবা সকলোৱে ডিজিটেল ভাৱে আৰ্ট বিক্ৰী কৰাৰ এক দ্ৰুত আৰু সহজ উপায় হিচাপে NFT আৰ্টৰ আকৰ্ষণীয় পৃথিৱীৰ বিষয়ে শুনিছে নিশ্চয়। আৰু লগতে নিশ্চয় ভাবিছে – এই NFT কি হয়? বা\আপুনি নিজে এটা তৈয়াৰ কৰিব পাৰিবনে? বা NFT কেনেকৈ কিনিব? 

আপুনি এনে কৰাৰ আগতে, আপোনাৰ আৰ্টক অ-বিনিমেয় টোকেনত নিজেই সলনি কৰাৰ আগতে আপুনি জানিবলগীয়া 5 টা কথা ইয়াত দিয়া হৈছে। 

#1 NFT এটাই কি অধিকাৰ প্ৰদান কৰে?

আপুনি প্ৰকৃততে আপোনাৰ প্ৰথম NFT প্ৰস্তুত কৰাৰ আগতে NFT কি আৰু আপুনি NFT-ৰ গৰাকী হোৱাৰ পৰা আপোনাৰ প্ৰকৃততে কি লাভ হব সেইটো বুজি লোৱাটো বিচক্ষণতা হ’ব। NFT এটাৰ মালিকীস্বত্বই স্বাভাৱিকতে কপিৰাইট আনিব নোৱাৰে।  তেনেহ’লে NFTবোৰ কেৱল মালিকীস্বত্বৰ অধিকাৰ যহোৱাৰ বাবে নেকি? নহয়, অস্কাৰ গঞ্জালেজ, এজন চিএনইটি প্ৰতিবেদকে এই বিষয়ে লোকচক্ষুলৈ আনিছে, “টোকেনৰ গৰাকীৰ ওচৰত যি আছে সেয়া হৈছে এক ৰেকৰ্ড আৰু এক হেছ কোড যি নিৰ্দিষ্ট ডিজিটেল সম্পদৰ সৈতে সম্পৰ্কিত অদ্বিতীয় টোকেনৰ মালিকীস্বত্ব প্ৰদৰ্শন কৰে।” সহজভাৱে ক’বলৈ গ’লে, ইণ্টাৰনেটত যিকোনো লোকে ইয়াক ডাউনলোড কৰিব পাৰে আৰু কোনো কপিৰাইট উলংঘনৰ বিষয় উত্থাপন নকৰাকৈ তেওঁলোকৰ সামাজিক মাধ্যমত ব্যৱহাৰ কৰিব পাৰে, কিন্তু কেৱল মালিকেহে NFT বিক্ৰী কৰিব পাৰে। 

Nyan Cat নামৰ এটা এনিমেটেড GIF ৰ উদাহৰণ লওঁক যাক শেহতীয়াকৈ $5,90,000 ত বিক্ৰী কৰা হৈছিল। নিয়ান কেটৰ গৰাকীয়ে কেৱল নিয়ান কেট NFTৰ ওপৰত মালিকীস্বত্বৰ অধিকাৰ ৰাখে আৰু আন একো নাৰাখে, আনহাতে বৌদ্ধিক আৰু সৃজনশীল অধিকাৰ এতিয়াও ইয়াক নিৰ্মাণ কৰা শিল্পীৰ হাতত আছে। 

Get WazirX News First

* indicates required

নিয়ান কেট হৈছে এক সাধাৰণ উদাহৰণ য’ত শিল্পীজনে কামটোৰ মালিকীস্বত্ব বজাই ৰাখে (NFT-ৰ নহয়), আনহাতে NFT সংগ্ৰাহকজন মূল (ডিজিটেল) প্ৰতিলিপিৰ গৰাকী হয়। প্ৰতিটো NFT-ৰ নিজা চৰ্ত আৰু মালিকীস্বত্বৰ নিয়ম থাকিব পাৰে যিসমূহ ইয়াক প্ৰস্তুত কৰা ব্যক্তি/শিল্পীৰ দ্বাৰা লিখা হয়। ইয়াত উল্লেখ কৰিব লাগিব যে ব্লকচেইনৰ ওপৰত লিখা NFT এটাৰ পুনৰ বিক্ৰী ইতিহাসৰ সম্পূৰ্ণ ৰেকৰ্ড আছে। সেয়েহে NFT প্ৰস্তুত কৰা মূল শিল্পীজনে প্ৰতিবাৰ NFT পুনৰ বিক্ৰী কৰাৰ সময়ত স্বয়ংক্ৰিয়ভাৱে পুনৰ বিক্ৰী ৰয়েলটি প্ৰাপ্ত কৰে।    

#2 আপোনাৰ NFTত তৈয়াৰ আৰু বিক্ৰী কৰিব?

মিণ্টিং হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা এটা সামগ্ৰী, এটা আৰ্ট পিচ, GIF, টুইট বা আনকি এক অনন্য মুহূৰ্তক এটা টোকেন জাৰী কৰি ব্লকচেইনত (মুখ্যতঃ ইথেৰিয়ামত) প্ৰমাণীকৰণ কৰা হয়। টোকেনটো অ-বিনিমেয়যোগ্য, অৰ্থাৎ প্ৰতিলিপি কৰিব নোৱাৰি আৰু ইয়াত সামগ্ৰীবিধৰ ডিজিটেল ৰেকৰ্ড থাকে। বুজিবলৈ যথেষ্ট সৰল নহয়নে। কিন্তু আপোনাৰ NFT বোৰ ক’ত প্ৰস্তুত কৰিব? আপুনি আপোনাৰ কাম তৈয়াৰ কৰিবলৈ যোৱাৰ আগতে এইবোৰৰ পছন্দ সম্পৰ্কে আপুনি তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লাগিব:

  1. ব্লকচেইন: আপুনি আপোনাৰ NFT প্ৰস্তুত কৰিব বিচৰা ব্লকচেইনৰ বাছনিয়ে আপোনাৰ NFT খননৰ বাবে আপুনি পৰিশোধ কৰিব লগা গেছ মাচুল নিৰ্ধাৰণ কৰে। বেছিভাগ প্লেটফৰ্ম ইথেৰিয়াম নেটৱৰ্কত চলে য’ত নেটৱৰ্কৰ চাহিদা আৰু প্ৰতিটো লেনদেন পৰীক্ষা কৰাৰ বাবে প্ৰয়োজনীয় শক্তিৰ সৈতে ‘গেছ মাচুল’ উঠা-নমা হয়। 
  2. NFT বজাৰ: আজিৰ বেছিভাগ সুনামযুক্ত NFT প্লেটফৰ্মত NFT সৃষ্টিকৰ্তাসকলৰ বাবে এটা পৰীক্ষণ প্ৰক্ৰিয়া আছে য’ত শিল্পীসকলে তেওঁলোকৰ NFT প্ৰস্তুত কৰাৰ আগতে এটা আবেদন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে।Rarible আৰু Foundation ৰ দৰে প্লেটফৰ্মবোৰে এই আৰ্হিটোৰ ওপৰত কাম কৰে। আপুনি বিস্তৃত পৰীক্ষণ প্ৰক্ৰিয়া থকা সেই প্লেটফৰ্মসমূহ বিবেচনা কৰিব লাগিব যিয়ে যিকোনো লোকক অনুমতি দিয়া বজাৰৰ তুলনাত অধিক গুৰুতৰ সংগ্ৰাহকক আকৰ্ষিত কৰে। NFT বজাৰসমূহত এটা পৰিচয় প্ৰমাণীকৰণ প্ৰক্ৰিয়া থাকিলে সেইটোৱে তৈয়াৰ হোৱা টোকেনক অধিক পৰিমাণৰ সত্যতা প্ৰদান কৰে। যদিও কিছুমান বজাৰ আছে যেনে Nifty Gateway, Knoworigin, SuperRare, ইত্যাদি যিবোৰ কিউৰেট কৰা হয় আৰু ‘কেৱল আমন্ত্ৰণ’ৰ জৰিয়তেহে যোগদান কৰিব পাৰি। WazirX য়ে 31 মে’ত ভাৰতৰ প্ৰথম NFT বজাৰ মুকলি কৰে যি ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য অংশৰ শিল্পী আৰু সৃষ্টিকৰ্তাৰ বাবে ‘কেৱল আমন্ত্ৰণ’ৰ জৰিয়তে যোগদান নীতিৰ ওপৰত কাম কৰে। তৈয়াৰী প্ৰক্ৰিয়াটো WazirX-ৰ মূল কোম্পানী Binance ব্লকচেইনত সংঘটিত হয়, বিশ্লেষণ কৰে আৰু পিছত ইথেৰিয়াম ৰ দৰে আন ব্লকচেইনলৈ স্থানান্তৰ কৰিব পাৰি। বিক্ৰীটো মূলতঃ WRX টোকেনৰ জৰিয়তে হয় যিটো WazirX প্লেটফৰ্মৰ স্থানীয় মুদ্ৰা। 
  3. ব্যয়আপোনাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি এটা NFT প্লেটফৰ্ম বাছনি কৰিব পাৰে যি আপোনাক আপোনাৰ NFT আৰ্ট বিনামূলীয়াকৈ প্ৰস্তুত কৰিব দিয়ে কিন্তু ইয়াৰ বাবে ক্ৰেতাৰ পৰা গেছৰ মাচুল এক সংগঠিত উপায়েৰে আদায় কৰে। এই ধৰণৰ প্লেটফৰ্ম সেইসকল সৃষ্টিকৰ্তাৰ বাবে উপযুক্ত হ’ব পাৰে যিয়ে বৃহৎ সংখ্যক NFT প্ৰস্তুত কৰিব বিচাৰে। আনহাতে যদি সৃষ্টিকৰ্তাই কেৱল এটা ‘একক’ মাষ্টাৰ কপি প্ৰস্তুত কৰিবলৈ আগ্ৰহী হয় তেতিয়া তেওঁলোকে এক সময়ৰ আগতীয়া মাচুল লোৱা প্লেটফৰ্ম এটা পছন্দ কৰিব পাৰে।  

সৃষ্টিকৰ্তাসকলে এটা নিৰ্দিষ্ট ব্লকচেইন বা বজাৰৰ দ্বাৰা নিশ্চিত কৰা এক্সপ’জাৰৰ কথাও মনত ৰাখিব লাগে। কিয়নো আপুনি গেছ মাচুল বা ব্যয়ৰ ওপৰত কিছু ধন ৰাহি কৰিলেও যদি প্লেটফৰ্মটো জনপ্ৰিয় নহয় তেন্তে আপোনাক সঠিক দৰ্শকৰ পৰা বঞ্চিত কৰা হ’ব। 

#3 আপোনাৰ NFTবোৰ কেনেদৰে সুৰক্ষিত ৰাখিব?

NFT-ৰ প্ৰসাৰ বৰ্তমান এক নৱজাতক পৰ্যায়ত থকাৰ বাবে এতিয়াও কেইটামান সমস্যা যেনে ডাটা ব্যৱধান, চৌৰ্যবৃত্তি, প্ৰৱঞ্চনা, পৰিচয় চুৰি আদিত ভুগি আছে। কেইবাটাও উদাহৰণ আছে য’ত সৰু সৰু শিল্পীসকলৰ কামবোৰ ক্ষতিকাৰক খেলুৱৈসকলে সেইবোৰৰ পৰা লাভ কৰিবলৈ নকল কৰিছে। যদিও প্ৰমাণীকৰণ প্ৰক্ৰিয়া চলি আছে তথাপি ভাবুকি অব্যাহত আছে। এতিয়ালৈকে তালিকাভুক্ত কোনো NFT টোকেন নকল হ’লে কোনো নিৰ্ধাৰিত পৰম্পৰাগত বিচাৰ প্ৰস্তুত কৰা হোৱা নাই। আপোনাৰ NFT আঁতৰাই দিয়াটো কঠিন বা আনকি অসম্ভৱ হ’ব পাৰে। লগতে কোনোবা নকল কৰা মানুহক অনুসৰণ কৰা বা ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত কঠিন আৰু লোকচানদায়ক হ’ব পাৰে। তেনে ক্ষেত্ৰত তেতিয়া কি অৱকাশ উপলব্ধ?

Falcon Rappaport আৰু Berkman PLLC ৰ বৌদ্ধিক সম্পত্তি অনুশীলন গোটৰ অধ্যক্ষ মইচ ই. পেল্টজে ইয়াৰ উত্তৰ দিছে, আপুনি যিমান পৰিমাণে উলংঘনকাৰী এজনক চিনাক্ত কৰিব পাৰে আপোনাৰ কামৰ উলংঘনৰ প্ৰতিকাৰ কৰিবলৈ পৰম্পৰাগত IP নিয়ম প্ৰয়োগ কৰাটো তেতিয়াও সম্ভৱ হব পাৰে।” আপুনি আপোনাৰ কাম নকল কৰা কোনোবা এজনক দেখা পোৱাৰ পিছত লগে লগে NFT বিক্ৰী কৰা প্লেটফৰ্মৰ সৈতে যোগাযোগ কৰক। 

অন্যান্য সাৱধানতামূলক ব্যৱস্থাবোৰৰ ভিতৰত আছে হাৰ্ডৱেৰ ৱালেট বা অধিক সুৰক্ষিত বাহ্যিক হাৰ্ড ড্ৰাইভত বিনিয়োগ কৰা। আপোনাৰ ৱালেটৰ ঠিকনা আৰু চিড ফ্ৰেজ সুৰক্ষিত ৰাখিব আৰু যেতিয়াই ক্ৰিপ্ট’কাৰেন্সীত ট্রেডিং কৰে ভিপিএন ব্যৱহাৰ কৰিব।  

#4 NFTৰ অস্থিৰতাক কেনেদৰে প্ৰতিহত কৰিব?

NFTবোৰ অস্থিৰ সম্পদ শ্ৰেণীৰ অন্তৰ্ভুক্ত আৰু এতিয়াও শিশু অৱস্থাতে আছে। কোনো সন্দেহ নাই যে ফেব্ৰুৱাৰীত বজাৰখন 170 নিযুত ডলাৰ অতিক্ৰম কৰাৰ সময়ত NFTৰ উল্কাপিণ্ডৰ দৰে উত্থানত এই অস্থিৰতা স্পষ্ট। তিনি মাহৰ ভিতৰত মে’ মাহ শেষ হোৱাৰ লগে লগে আমি NFT বজাৰখন মাত্ৰ 19.4 নিযুত ডলাৰলৈ হ্ৰাস হোৱা দেখিছিলো। ফলস্বৰূপে উচ্চ মূল্যত NFT ক্ৰয় কৰা বিনিয়োগকাৰী সকলৰ সংগৃহীত ধনৰ পুঁজিত সামান্য পৰিমাণহে বাকী আছিল। সেয়েহে NFT প্ৰস্তুত কৰাটো কেৱল আপোনাৰ আৰ্ট বা কামক ডিজিটাইজ কৰাৰ বিষয়ে মাথো নহয়। এইটো সৃষ্টিকৰ্তাসকলৰৰ ফালৰ পৰা এটা সুচিত্ত সিদ্ধান্ত হ’ব লাগে। আপোনাৰ NFT বোৰ বজাৰৰ তাৰতম্যৰ পৰা সুৰক্ষিত ৰাখিবলৈ কিছুমান সুচিন্তিত বিবেচনা মনত ৰাখিব লাগিব:

  • NFT প্ৰস্তুত কৰাৰ পৰা আপুনি লাভ কৰা মুনাফা আপুনি ইয়াৰ বাবে দিয়া সময়, প্ৰচেষ্টা আৰু ধনৰ মূল্য হয়নে নাই বিশ্লেষণ কৰিবলৈ বিপদাশংকাৰ পৰা পুৰষ্কাৰৰ অনুপাত বিবেচনা কৰক। 
  • আপোনাৰ ব্যক্তিগত অৰ্থনীতি শক্তিশালী কৰিবলৈ আপোনাৰ কাম ক্ৰয় কৰিবলৈ আগ্ৰহী আপোনাৰ দৰ্শক বা অনুৰাগীসকলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলক। 
  • হতাশ নহৈ নেৰানেপেৰাকৈ লাগি থাকক আৰু কম সময়ৰ ভিতৰতে আপোনাক যিকোনো অপ্ৰত্যাশিত লাভৰ সৈতে পুৰস্কৃত কৰা NFT প্ৰস্তুত কৰাৰ কথা বিবেচনা নকৰিব।   

#5 NFTয়ে ব্যৱসায়ক কেনেদৰে প্ৰভাৱিত কৰে?

NFTবোৰৰ ডিজিটেল সামগ্ৰী বা শিল্পকৰ্ম বিক্ৰী কৰা ভৱিষ্যতৰ সঁজুলি হিচাপে মালিকীস্বত্বৰ অধিকাৰ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে। উদাহৰণ স্বৰূপে টপ শ্বটচ যিটো এনবিএ-ৰ সংগ্ৰহযোগ্য বস্তু, এনবিএ গেমৰ গুৰুত্বপূৰ্ণ হাইলাইটসমূহ যি অনুৰাগীসকলৰ মাজত যথেষ্ট জনপ্ৰিয়। আচৰিত হবলগীয়া কথা নহয় যে এটা লেব্ৰন জেমছৰ টপ শ্বট 200,000 ডলাৰতকৈও অধিক মূল্যত বিক্ৰী কৰা হৈছিল! আপুনি NFT-লৈ ব্যৱহাৰিকভাৱে যিকোনো বস্তু প্ৰস্তুত কৰিব পাৰে, যাৰ ভিতৰত আছে ছবি, ফটো, সংগ্ৰহযোগ্য বস্তু, GIF, গান, স্মৃতি, আৰু আনকি আপোনাৰ নিজৰ গেছীয় নিৰ্গমন। এনেদৰেই NFTৰ ব্যাখ্যা কৰা হৈছে! 

NFT বজাৰ ভৱিষ্যতে আশ্চৰ্যকৰ সম্ভাৱনাৰ সৈতে এটা সম্পূৰ্ণ নতুন স্থান। নতুন গৰাকীলৈ প্ৰকৃত সম্পদৰ অফ-চেইন প্ৰব্ৰজন বিবেচনা নকৰাকৈ NFT-য়ে যেতিয়া প্ৰকৃত সম্পদৰ সৈতে বান্ধি দিয়া হয় তেতিয়া অন-চেইন মালিকীস্বত্ব স্থানান্তৰ কৰাৰ এক নতুন উপায় প্ৰদান কৰে।  কইনটেলিগ্ৰাফে উদ্ধৃতি দিয়া অনুসৰি, NFT-য়ে “সেইবোৰক সুৰক্ষিত ৰাখি, অৱশেষত ক্ষতিপূৰণৰ বিপ্লৱ, সংৰক্ষণ, বৈধতা আৰু সম্পত্তিৰ সুৰক্ষাত বিপ্লৱ আনি‘ ‘মালিকীস্বত্বৰ টোকেনকৰণ’ সহজ কৰি তোলে।

মন কৰিবলগীয়া যে লেনদেনবোৰ বৈধ কৰাৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ গণনামূলক শক্তিৰ বাবে NFT-ৰ প্ৰস্তুতি এক পৰিৱেশ-অনুকূল প্ৰক্ৰিয়া নহয়। সেয়েহে সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ কামৰ ডিজিটাইজেচন প্ৰক্ৰিয়াই এৰি যাব পৰা কাৰ্বন ফুটপ্ৰিন্টৰ কথা বিবেচনা কৰিব লাগিব আৰু তাৰবাবে বিজ্ঞতাপূৰ্ণ বাছনি কৰিব লাগিব। লক্ষ্য অবিহনে বা কোনো অন্তৰ্নিহিত মূল্য নোহোৱাকৈ অনিয়মীয়াভাৱে NFT প্ৰস্তুত কৰিলে যথেষ্ট লাভ অবিহনে কেৱল পাৰিপাৰ্শ্বিক ব্যয়বৃদ্ধি কৰিব। 

আমি আশা কৰোঁ ওপৰোক্ত বিষয়বোৰ পঢ়ি আপুনি আপোনাৰ সিদ্ধান্তক কিছু পৰিমাণে চূড়ান্ত কৰাত সহায় কৰিব পাৰিছে। এজন সৃষ্টিকৰ্তাই তেওঁলোকৰ প্ৰথম NFT প্ৰস্তুত কৰাৰ আগতে আন কি কি কথা জানিব লাগিব বুলি আপুনি ভাবে সেই বিষয়ে তলত মন্তব্য কৰক।

অধিক পঢ়ক:

 WazirX NFT বজাৰত একাউণ্ট কেনেদৰে খুলিব লাগে?

NFTৰ বাবে এক নিৰ্দেশিকা

শীৰ্ষ 10 জন NFT শিল্পী যিসকলক আপুনি অনুসৰণ কৰা উচিত

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply