Skip to main content

WazirX ৰেফাৰেল প্ৰ’গ্ৰাম – অংশগ্ৰহণ, বিৰূপন কৰা আৰু নিয়মসমূহ (WazirX Referral Program – Participation, Tracking & Rules)

By অক্টোবৰ 23, 2021মে’ 17th, 20225 minute read
Praveen R

শেহতীয়া তথ্য: 15 আগষ্ট 2021-ৰ পৰা কাৰ্যকৰী, আমি WRX-ত ৰেফাৰেল কমিচন পৰিশোধ কৰিম!

আমি প্ৰকৃততে উৎসাহিত যে আপুনি ৰেফাৰেল প্ৰ’গ্ৰামটোৰ এটা অংশ হ’বলৈ আৰু আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গ আটাইৰে সৈতে WazirX-ৰ বিষয়ে কথাবোৰ বিয়পাই দিবলৈ বিচাৰিছে৷ তলৰ লিখনীটোৱে আপোনাক প্ৰ’গৰামটোৰ সবিশেষ বুজাত সহায় কৰিব৷ আমি যিমান সম্ভৱ স্বচ্চ কৰি ৰাখিবলৈ আৰু প্ৰ’গ্ৰামটোক সহজ -সৰল কৰি ৰাখিবলৈ চেষ্টা কৰিছো যাতে আপুনি যিকোনো চৰ্তাৱলীৰ বিষয়ে চিন্তিত হোৱাৰ পৰিৱৰ্তে অধিক পুৰস্কাৰ অৰ্জন কৰাত মনোনিৱেশ কৰিব পাৰে৷ 

WazirX ৰেফাৰেল প্ৰ’গ্ৰাম কি?

WazirX ৰেফাৰেল প্ৰ’গ্ৰাম হৈছে WazirX-ত আপোনাৰ বন্ধুবৰ্গই কৰা প্ৰতিটো ট্ৰেডত 50% কমিছন উপাৰ্জন কৰিবলৈ আপোনাৰ বাবে এটা সুৱৰ্ণ সুযোগ৷ ই হৈছে WazirX-লৈ অধিক ব্যৱহাৰকাৰী অনাত সহায় কৰাত আপোনাৰ প্ৰয়াসৰ বাবে আৰু ভাৰতত ক্ৰিপ্ট’ বিপ্লৱৰ এটা অংশ হোৱাৰ বাবে আপোনাৰ পুৰস্কৃত কৰাৰ আমাৰ ধৰণ৷ ই সম্ভৱতঃ ভাৰতত বৰ্তমান আটাইতকৈ বেছি সন্তোষজনক ক্ৰিপ্ট’ ৰেফাৰেল প্ৰ’গ্ৰাম৷

ই কেনেদৰে কাম কৰে –

  1. আপোনাৰ লিংক শ্বেয়াৰ কৰক – আপোনাৰ ৰেফাৰেল লিংক আপোনাৰ বন্ধুবৰ্গৰ সৈতে ইমেইল, সামাজিক মাধ্যম বা আন কোনো উপায়েৰে শ্বেয়াৰ কৰক
  2. চাইন আপ – আপোনাৰ বন্ধুসকলে WazirX-ত চাইন আপ কৰিবলৈ আপোনাৰ লিংক ব্যৱহাৰ কৰে আৰু WazirX-ত তেওঁলোকৰ প্ৰথম ট্ৰেড কৰে৷
  3. পুৰস্কৃত হওক – আপুনি প্ৰতিগৰাকী বন্ধুৰ ট্ৰেডিং ফীজত 50% কমিছন উপাৰ্জন কৰক! আনকি আপুনি টোপনিত থাকোতেও! আপুনি আৰু আপোনাৰ বন্ধুবৰ্গৰ প্ৰতিগৰাকী 25 WRX ৰে পুৰস্কৃত হ’ব৷

সঘনে কৰা প্ৰশ্ন

কোনটো ক্ৰিপ্ট’ত মই মোৰ কমিছন উপাৰ্জন কৰিব পাৰিম?

আপোনাৰ বন্ধুৱে কোনখন মাৰ্কেটত ট্ৰেড কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি WRX-ত কমিছন লাভ কৰিব৷

Get WazirX News First

* indicates required

এই ট্ৰেড কমিছন প্ৰ’গ্ৰামত মই কিমান উপাৰ্জন কৰিব পাৰিম?

আপুনি যিমান বিছাৰে সিমান৷ উপাৰ্জন প্ৰকৃততে অসীমিত! আপুনি আপোনাৰ বন্ধুবৰ্গৰ প্ৰতিটো ট্ৰেডত আমি আদায় লোৱা ধনৰ 50% লাভ কৰিব৷ আপুনি ৰেফাৰ কৰা বন্ধুসকলে যিমানে ট্ৰেড কৰিব, সিমান বেছি আপুনি উপাৰ্জন কৰিব৷ গতিকে আপোনাৰ বন্ধুক প্ৰতিদিনে অধিক ট্ৰেড কৰাত সহায় কৰক আৰু আপুনি প্ৰতিদিনে অধিক কমিছন উপাৰ্জন কৰিব পাৰিব!

(আমি ভৱিষ্যতে ৰেফাৰেল প্ৰ’গ্ৰামৰ নীতিসমূহ ঠিক কৰাৰ বা সলনি কৰাৰ অধিকাৰ আৰক্ষণ কৰিছো)

মই কেনেদৰে মোৰ ৰেফাৰেল কোড ব্যৱহাৰ কৰি WazirX-লৈ এগৰাকী বন্ধুক ৰেফাৰ কৰিব পাৰোঁ?

আপুনি এবাৰ চাইনআপ কৰাৰ পিছত, আপুনি ৰেফাৰেল স্ক্ৰীণলৈ গৈ আপোনাৰ একক ৰেফাৰেল/ইনভাইট লিংকৰ প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰে৷ আপুনি মাত্ৰ ইয়াক কপি কৰি আৰু ইয়াক সকলোতে শ্বেয়াৰ কৰি বা কোনো এটা শ্বেয়াৰ কৰা বিকল্প যেনে টেলিগ্ৰাম, টুইটাৰ, ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰ কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে আপোনাৰ ৰেফাৰেল/ইনভাইট লিংক শ্বেয়াৰ কৰিব পাৰে৷

Graphical user interface, chart, bar chartDescription automatically generated

যেতিয়া আপোনাৰ বন্ধুৱে এই লিংকত ক্লিক কৰে আৰু ৱেবৰ জৰিয়তে বা এপ চাইনআপ কৰাৰ সময়ত ৰেপাৰেল কোড প্ৰদান কৰি এটা WazirX একাউন্টৰ বাবে চাইনআপ কৰে, আপুনি ৰেফাৰেলৰ বাবে এটা পুৰস্কাৰ হিচাপে ট্ৰেডিং কমিছন আৰু WRX কইন উপাৰ্জন কৰিবলৈ উপযুক্ত হৈ পৰিব৷

কেতিয়া কমিছন মোৰ একাউণ্টলৈ ক্ৰেডিট কৰা হ’ব?

এদিনত উপাৰ্জন কৰা সকলোবোৰ আপোনাৰ একাউন্টত প্ৰতি 24 ঘণ্টাত ক্ৰেডিট কৰা হয়৷ সাধাৰণতে একেবাৰে পুৱাৰ ভাগত৷

WRX কইন সমূহ চাইন আপ কৰাৰ 30 দিনৰ ভিতৰত 100 USDT মূল্যৰ ট্ৰেড আপুনি আৰু আপোনাৰ বন্ধুৱে সম্পূৰ্ণ কৰাৰ লগে লগে ক্ৰেডিট কৰা হয়৷ 

মই কেনেদৰে মোৰ কমিছন আৰু মই ৰেফাৰ কৰা বন্ধুসকলক নিৰূপন কৰিব পাৰোঁ?

যেতিয়া আপুনি ৰেফাৰেল স্ক্ৰীণলৈ যায়, আপুনি তলত দিয়াবোৰ দেখা পাব –

  • ৰেফাৰ কৰা মুঠ বন্ধু – এয়া হৈছে বন্ধুসকলৰ মুঠ সংখ্যা যি আপোনাৰ ৰেফাৰেল লিংকত ক্লিক কৰিছে আৰু WazirX-ত সফলভাৱে চাইনআপ কৰিছে৷
  • উপাৰ্জন কৰা মুঠ কমিছন – এয়া হৈছে আপুনি আপোনাৰ সকলো বন্ধুৰ সকলোবোৰ ট্ৰেডৰ পৰা উপাৰ্জন কৰা মুঠ কমিছন৷ এই মানটো আপোনাৰ ক্ৰিপ্ট’ ৰেফাৰেল সমূহে উপাৰ্জন কৰা শেহতীয়া INR মূল্য গণনা কৰি INR-ত প্ৰকাশ কৰা হয়৷
  • আপোনাৰ কমিছনৰ হাৰ – এয়া হৈছে যিটো হাৰত আপুনি কমিছন উপাৰ্জন কৰে৷
  • কমিছনৰ ইতিহাস – ই হৈছে আপুনি শেহতীয়াকৈ উপাৰ্জন কৰা কমিছন সমূহৰ এখন তালিকা৷
  • ৰেফাৰ কৰা বন্ধু – এয়া হৈছে বন্ধুসকলৰ এখন তালিকা যি আপোনাৰ ৰেফাৰেল লিংক ব্যৱহাৰ কৰিছে আৰু সফলভাৱে চাইন আপ কৰিছে৷

সুৰক্ষাজনিত কাৰণত, আমি কোন বন্ধুৱে আপোনাৰ ৰেফাৰেল লিংক ব্যৱহাৰ কৰিছে তাৰ বিষয়ে ব্যক্তিগত চিনাক্তকৰণীয় সবিশেষ ভাগ-বতৰা নকৰো৷

আপোনাৰ ওচৰত কোনো পৰামৰ্শ আছে নে যি মোক অধিক উপাৰ্জন কৰাত সহায় কৰিব?

  1. যিমান সম্ভৱ সিমান বন্ধুৰ সৈতে আপোনাৰ ইনভাইট লিংক শ্বেয়াৰ কৰক৷ যিমান অধিক বন্ধুৰে আপুনি শ্বেয়াৰ কৰিব, তেওঁলোকে সিমানে চাইন আপ কৰাৰ আশা থাকে৷ আপোনাৰ ইনভাইট লিংক শ্বেয়াৰ কৰিবলৈ সামাজিক মাধ্যম, চাট আৰু ইমেইল ব্যৱহাৰ কৰক৷
  2. আপোনাৰ বন্ধুবৰ্গক ক্ৰিপ্ট’ৰ বিষয়ে আৰু WazirX-ৰ দৰে এটা এক্সচেঞ্জত কিয় চাইন আপ কৰিব লাগে তাক লৈ উৎসাহী কৰি তোলক৷
  3. পোনপটীয়াকৈ চাইন আপ কৰাৰ পৰিৱৰ্তে আপোনাৰ ইনভাইট লিংকৰ সৈতে চাইন আপ কৰাৰ লাভৰ বিষয়ে আপোনাৰ বন্ধুসকলক জানিবলৈ দিয়ক
  4. আপোনাৰ বন্ধুসকলক তেওঁলোকে চাইন আপ কৰাৰ পিছত তেওঁলোকৰ নিজা ৰেফাৰেল লিংক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক৷ ই আপোনাৰ ওপৰত তেওঁলোকৰ বিশ্বাস গঢ়ি তুলিব৷
  5. WazirX-ত অধিক ট্ৰেড কৰিবলৈ আপোনাৰ বন্ধুসকলক কওক যাতে আপুনি প্ৰতিটো ট্ৰেডত অধিক উপাৰ্জন কৰিব পাৰে!

মই এগৰাকী বন্ধুলৈ ৰেফাৰ কৰিছিলো কিন্তু তেওঁ এতিয়াও পুৰস্কাৰৰ বাবে এতিয়াও যোগ্যতা অৰ্জন কৰা নাই৷

কিছুমান কাৰণ থাকে যাৰ বাবে যদিও আপুনি হয়তো সফলভাৱে এগৰাকী বন্ধুক ৰেফাৰ কৰিছে, কিন্তু সেই ৰেফাৰেল হিচাপত ধৰা নাযায় –

  • আপোনাৰ বন্ধুৱে আপোনাৰ ৰেফাৰেল লিংকত ক্লিক কৰিছে কিন্তু আপোনাৰ ৰেফাৰেল কোড প্ৰদান নকৰাকৈ এপটোৰ জৰিয়তে চাইন আপ কৰিছে৷
  • আপোনাৰ বন্ধুগৰাকীয়ে আপোনাৰ ৰেফাৰেল লিংকত ক্লিক কৰা নাই আৰু তাৰ সলনি পোনপটীয়াকৈ WazirX-ত চাইন আপ কৰিছে
  • আপোনাৰ বন্ধুগৰাকীয়ে আন এটা ৰেফাৰেল লিংকত ক্লিক কৰিছে আৰু সেই লিংকটোৰ সৈতে চাইন আপ কৰিছে৷
  • আপোনাৰ বন্ধুগৰাকীৰ KYC এতিয়াও ভেৰিফিকেচনত আছে বা অনুমোদন হোৱা নাই
  • আপোনাৰ বন্ধুগৰাকীয়ে WazirX-ত তেওঁৰ প্ৰথম সফল লেনদেন সম্পূৰ্ণ কৰা নাই৷ এটা লেনদেন সফল হ’বলৈ, কিনা বা বেচা চাইন আপ কৰাৰ 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব৷ 
  • আপুনি বা আপোনাৰ বন্ধুগৰাকীয়ে তলৰ নিয়মবোৰ মানি চলা নাই৷

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ নিয়ম

যেতিয়া আপুনি WazirX ৰেফাৰেল প্ৰ’গ্ৰামত অংশগ্ৰহণ কৰে অনুগ্ৰহ কৰি তলত দিয়া নিয়মবোৰ মানি চলিব৷ এইবোৰ সহজ কিন্তু গুৰুত্বপূৰ্ণ নিয়ম যি আমাক গোটেই সমুদায়টোৰ বাবে প্ৰ’গ্ৰামটো নিকা কৰি ৰখাত সহায় কৰে৷

  • যেতিয়া আপোনাৰ বন্ধুবৰ্গৰ সৈতে ৰেফাৰেল লিংক ভাগ-বতৰা কৰে পুৰস্কাৰ সমূহ ভুলকৈ উপস্থাপন নকৰিব৷
  • আমি অবিৰতভাৱে ভুৱা বা ডুপ্লিকেট একাউণ্ট চাই আছো৷ যদি আমি কিবা খাপ নোখোৱা দেখা পাওঁ আমি সেই একাউণ্টবোৰ অযোগ্য ঘোষণা কৰিম আৰু যদি আগতে কিবা পুৰস্কাৰ প্ৰদান কৰা হৈছে তাক উঠাই ল’ম৷

টোকা: যেতিয়া আমি এটা ভাল বিশ্বাসত এই প্ৰ’গ্ৰামটো চলাইছো, WazirX-য়ে কোনো আগতীয়া জাননী অবিহনেই ৰেফাৰেল প্ৰ’গ্ৰামত যিকোনো সাল-সলনি কৰাৰ অধিকাৰ আৰক্ষণ কৰে৷ আমি হয়তো পৰিৱৰ্তন হোৱা বজাৰৰ পৰিস্থিতি, নিৰাপত্তা বা প্ৰৱঞ্চনাৰ বিপদাশংকা বা আন কোনো কাৰণৰ প্ৰতি লক্ষ্য ৰাখি এনে সাল-সলনি কৰিব পাৰো৷ পুৰস্কাৰৰ যোগ্যতাৰ ওপৰত সিদ্ধান্ত WazirX-ৰ দ্বাৰা গ্ৰহণ কৰা হয় আৰু ই চূড়ান্ত আৰু বাধ্যতামূলক৷ ৰেফাৰেল প্ৰ’গ্ৰামত অংশগ্ৰহণ কৰাৰ দ্বাৰা আপুনি ওপৰৰ কথাবোৰ মানি লৈছে৷

যদি আপুনি কোনোবাই ৰেফাৰেল প্ৰ’গ্ৰামটোৰ অপব্যৱহাৰ কৰা গম পায়, আপুনি পোনপটীয়াকৈ আমাক যোগাযোগ কৰি জনাব পাৰে৷ আমি ইয়াক পৰ্যবেক্ষণ কৰিম আৰু ইয়াক ঠিক কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম৷

আমাক টুইটাৰত (@wazirxindia) অনুসৰণ কৰক আৰু WazirX টেলিগ্ৰাম চেনেলত (https://t.me/wazirx) WazirX-ৰ বিষয়ে শেহতীয়া তথ্য আৰু ঘোষণাসমূহৰ বাবে যোগদান কৰক৷

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply