Skip to main content

ভাৰতত Shiba Inuকইন (SHIB) কেনেদৰে ক্ৰয় কৰিব লাগে (How To Buy Shiba Inu Coin (SHIB) In India)

By নৱেম্বৰ 1, 2021মে’ 12th, 20224 minute read
How-to-buy-Shibu-Inu-Coin-SHIB-in-India-WazirX

এটা মিম-আধাৰিত ক্ৰিপ্ট’-মুদ্ৰাত যোৱা সপ্তাহত অসাধাৰণ বৃদ্ধি দেখা গৈছিল।হয় আপুনি একেবাৰে ঠিকেই শুনিছে! মিম-আধাৰিত।ধৰি লোৱা হওক যে সহস্ৰাব্দৰ ধাৰণাবোৰে সঁচাকৈয়ে উদ্যোগটো নিয়ন্ত্ৰণ কৰি আছে।এনে পৰিৱৰ্তনসমূহৰ সৈতে বৰ্তমানৰ সময় হৈছে এই ক্ৰিপ্ট’কাৰেন্সী আৰু ইয়াৰ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰাৰ উপযুক্ত সময়। 

যদি আপুনি এতিয়াও অনুমান কৰিব পৰা নাই তেনেহলে জনাইছোঁ যে – আমি Shiba Inu কইনৰ বিষয়ে কথা পাতি আছো।Shiba টোকেন বুলিও জনাজাত এই ক্ৰিপ্ট’কাৰেন্সীৰ মূল্য 35% বৃদ্ধি পাইছে।এইটো Shiba Inuক ক্ৰিপ্ট’কাৰেন্সীৰ কইন বেচ তালিকাত যোগ দিয়াৰ ঠিক পিছতে ঘটিছিল। 

টোকেনটোক আনকি Dogecoin ৰ হত্যাকাৰী হিচাপেও প্ৰশংসা কৰা হৈছে আৰু বজাৰৰ মুঠ বিনিয়োগৰ বাবে শীৰ্ষ 100 টা কইনৰ ভিতৰত আছে।ইমান কম সময়ৰ ভিতৰতে ইমান উচ্চ গুৰুত্ব লাভ কৰাৰ বাবে এই কইনটোৰ বিৱৰণ, ইয়াৰ হাৰ আৰু ইয়াৰ প্ৰভাৱ বুজি পোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। 

Shiba Inu কইনসমূহ কি?

আহক আমি সম্পূৰ্ণ মৌলিক বিষয়বোৰেৰে আৰম্ভ কৰোঁ।Shiba টোকেন হৈছে 2020 চনৰ আগষ্টত Ryoshiনামৰ এজন অজ্ঞাত ব্যক্তিৰ দ্বাৰা সৃষ্টি কৰা এক বিকেন্দ্ৰিকৃত ক্ৰিপ্ট’কাৰেন্সী।

মুদ্ৰাৰ নামটো এটা জাপানী কুকুৰৰ প্ৰজাতি “Shiba Inu” ৰ ওপৰত আধাৰিত, যাৰ ছবি dogecoin ত চিহ্নত আছিল।Dogecoin আৰু Shiba Inuকইন দুয়োটাই কৌতুক হিচাপে আৰম্ভ কৰা হৈছিল কিন্তু আপুনি জানেনে? সহস্ৰাব্দৰ প্ৰজন্মই ইয়াক বহুদূৰলৈ প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল।

Shiba Inuহৈছে Ethereum ব্লকচেইনত সৃষ্টি কৰা এক ERC-20 অল্টকইন।টোকেনৰ শ্বেতপত্ৰত কোৱা হৈছে যে ইয়াৰ পৃথক পৃথক যোগানৰ সৈতে তিনিটা টোকেনৰ পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰাৰ অভিপ্ৰায় আছে।ShibaSwapত ব্যৱহৃত আন দুটা টোকেন হৈছে Leash আৰু Bone.Shiba Inuমুদ্ৰাটোৱে এটা কোৱাড্ৰিলিয়নৰ সম্পূৰ্ণ সংগ্ৰহৰ সৈতে ফাউণ্ডেচনৰ মুদ্ৰা হিচাপে কাম কৰে।টোকেনৰ লগত জড়িত দলটোৱে ShibaSwapনামৰ এক বিকেন্দ্ৰীকৃত বিনিময়ৰো সৃষ্টি কৰিছে যি ব্যৱহাৰকাৰীসকলক ডিগ(dig), হাৰি (hurry) আৰু ফেটচ্চ (fetch)কৰিবলৈ অনুমতি দিয়ে।এই শব্দবোৰ ক্ৰমান্বয়ে লিকুইডিটি, ষ্টেক কইন আৰু ৰিট্ৰিভ কইন বুজাবলৈ ব্যৱহাৰ কৰা হয়। 

Get WazirX News First

* indicates required

যদি আপোনাৰ ইতিমধ্যে এইটো স্পষ্ট হোৱা নাই তেনে জনাইছো, বেছিভাগ SHIBA পৰিভাষা কুকুৰৰ সৈতে সম্পৰ্কিত কিবা এটাৰ ওপৰত আধাৰিত।Elon Musk আৰু বহুতো মিম-উৎসাহী বিনিয়োগকাৰীৰ টুইটাৰ ফীডৰ সমূহলৈ ধন্যবাদ যাৰ বাবে ক্ৰিপ্ট’ বজাৰখন প্ৰায়ে কুকুৰ পোৱালীৰ কলৰ দৰে দেখা যায়।এই ক্ৰিপ্ট’কাৰেন্সীৰ ধাৰণা আৰু নামটোৰ দৰেই ইয়াৰ হাৰো আচৰিত কাৰণৰ ওপৰত নিৰ্ভৰ কৰে।উদাহৰণ স্বৰূপে যেতিয়া Elon Musk য়ে এটা Shibu Pup ৰ মালিক হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল তেতিয়া এই কইনৰ মূল্য 300% লৈ আকাশচুম্বী হৈছিল।একেদৰে 2021 চনৰ 13 মে তাৰিখে ৰাছিয়ান-কানাডিয়ান প্ৰগ্ৰামাৰ আৰু লেখক VitalikButerinয়ে ইণ্ডিয়া ক’ভিড-ক্ৰিপ্ট’ ৰিলিফ ফাণ্ডলৈ 50 ট্ৰিলিয়ন SHIBA টোকেন দান কৰিছিল। 

Shiba Inuকইন ইমান জনপ্ৰিয় কিয়?

Dogecoin ৰ পিছত জনপ্ৰিয়তা অৰ্জন কৰা বহুতো পেট কইনৰ ভিতৰত Shiba টোকেন অন্যতম।Dogecoin এটা পেৰডি মুদ্ৰা আছিল যিটো মানুহে কেনেকৈ ক্ৰিপ্ট’কাৰেন্সী সম্পূৰ্ণকৈ বুজি নোপোৱাকৈ ক্ৰিপ্ট’কাৰেন্সী ক্ৰয় কৰিছিল তাক প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰা হৈছিল।বহুতো বহুজাতিক কোম্পানীতকৈ অধিক মুঠ বিনিয়োগৰ সৈতে এইটো বিড়ম্বনাৰ বিষয় যে এই মুদ্ৰাৰ কেতিয়াও কোনো কাৰ্য্যকাৰিতা নাছিল।যদি সহজভাৱে কোৱা হয় তেনেহ’লে Shiba Inuকইনটোৱে সহস্ৰাব্দৰ ধাৰণা FOMO– কিবা এটাত অন্তৰ্ভুক্ত নোহোৱাৰ ভয়ৰ বাবে ইমান ভাল প্ৰদৰ্শন কৰি আহিছে।Dogecoin ৰ উত্থানৰ সময়ত অংশগ্ৰহণ কৰিব নোৱাৰা বিনিয়োগকাৰীসকলে এতিয়া পৰৱৰ্তী Dogecoin বিচাৰি আছে। 

কেৱল এইটোৱেই ক্ৰিপ্ট’কাৰেন্সীৰব্যাপক জনপ্ৰিয়তা লাভত সহায় কৰিছে।অৱশ্যে Dogecoin আৰু Shiba Inuকইনৰ মাজত এটা মুখ্য পাৰ্থক্য হ’ল ShibaSwapৰ উপস্থিতি।এক বিকেন্দ্ৰিকৃত এক্সচেঞ্জৰ উপস্থিতিয়ে SHIB ক Ethereum ৰ বিকেন্দ্ৰিকৃত বিত্তীয় পৰিস্থিতিতন্ত্ৰৰ এটা অংশ কৰি তোলে।ই ব্যৱহাৰকাৰীসকলক এক্সচেঞ্জৰ কিছুমান বৈশিষ্ট প্ৰাপ্ত কৰিবলৈ যেনে উৎপাদন আহৰণ কৰা আৰু টোকেন সলনি কৰাৰ সুবিধা প্ৰদান কৰে।এইবোৰ কাৰ্য্যকাৰিতাসমূহ আমাক Dogecoin ৰ দ্বাৰা অনুমোদিত কৰা হোৱা নাছিল। 

ভাৰতত Shiba Inuকইনৰ মূল্য কিমান?

25 অক্টোবৰ 2021 তাৰিখলৈকেSHIB-ৰ পৰা INR লৈ হাৰ হৈছে ₹0.003090 টকা ।এইটো মন কৰিবলগীয়া কথা যে Shiba Inuকইন এটা অত্যন্ত অস্থিৰ ক্ৰিপ্ট’কাৰেন্সী।

ভাৰতত Shiba Inuকইন ক্ৰয় কৰাৰ প্ৰক্ৰিয়া

Shiba Inuকইন তালিকাভুক্ত হৈ থকা বহুতো ভাৰতীয় এক্সচেঞ্জ প্লেটফৰ্ম নাই।ভাৰতীয় টকাত ব্যৱসায়ৰ বাবে ক্ৰিপ্ট’কাৰেন্সীবিধক তালিকাভুক্ত কৰাৰ বাবে WazirXআগশাৰীৰ হৈ পৰিছিল, ভাৰতত Shiba Inuৰ মূল্যপৰীক্ষা কৰক।এইটো ভাৰতৰ এক আগশাৰীৰ ট্রেডিং প্লেটফৰ্ম আৰু ইয়াত আপুনি WazirXএপব্যৱহাৰ কৰি কেনেদৰে SHIB ক্ৰয় কৰিব পাৰে সেয়া বৰ্ণনা কৰা হৈছে:

  1. এটা বৈধ ইমেইল ঠিকনা আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি ছাইন আপ কৰক।
wazirx signup

2. বৈধ নথিপত্ৰ যেনে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দাখিল কৰি KYC সম্পূৰ্ণ কৰক।

Wazirx app verification signup
Graphical user interface, application, websiteDescription automatically generated

3. আপোনাৰ বেংক একাউণ্ট লিংক কৰক বা আপোনাৰ WazirXএকাউণ্টত পুঁজি জমা কৰিবলৈ বিভিন্ন জমা পদ্ধতিৰ পৰা বাছনি কৰক।

wazirx app adding fund

4.কুইক বাইৰ পৰা বা ক্ৰয়/বিক্ৰী বিকল্পৰ জৰিয়তে Shiba Inuক্ৰয় কৰক 

buy shiba inu india wazirx app

5. আপোনাৰ অৰ্ডাৰ দিয়ক। অৰ্ডাৰটোৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ক্ৰিপ্ট’টো আপোনাৰ WazirXৱালেটত প্ৰতিফলিত হ’ব!

ভাৰতত Shiba Inuকইনৰ ভৱিষ্যত 

যদিও সাম্প্ৰতিক পৰিস্থিতিটো ভয়ংকৰ তথাপি SHIB টোকেনৰ বাবে ইতিবাচক খবৰ আছে।কিছুমান বিশ্লেষকৰ মতে পৰৱৰ্তী তিনি মাহত Shiba Inuকইনটোৱে ইয়াৰ মূল্য 30% বৃদ্ধি হোৱা দেখিবলৈ সাজু হৈছে আৰু অহা বছৰৰ আৰম্ভণিলৈ মূল্য এনেকুৱা হ’ব যে যদি আপুনি আজি বিনিয়োগ কৰে তেনেহ’লে আপুনি 90% মুনাফা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে। 

Fallen wedge পেটাৰ্ণৰ পৰা ওলাই অহাৰ সৈতেShiba Inuকইনে দেখুৱাইছে যে কিছু তীব্ৰ গতি ইয়াৰ ওচৰে পাজৰে আছে।লগতে Shiba টোকেনে শেহতীয়াকৈ কিছুমান উল্লেখনীয় হাৰ দেখুৱাইছে। এই পৰিসংখ্যালৈ লক্ষ্য কৰি SHIB-য়ে এক আশাবাদী ভৱিষ্যতৰ প্ৰতিশ্ৰুতি দিয়ে। 

উপসংহাৰ 

বৰ্তমানে Shiba Inuকইনটোৱে আগতে বিনিয়োগৰ পৰা বাদ পৰি যোৱা যিকোনো লোককবিনিয়োগৰ সুবিধা দিবলৈ এক বৰ্ধিত সময় আগবঢ়াইছে।এক বিশ্লেষণত Fxstreet.com য়ে উল্লেখ কৰা অনুসৰি এনে পৰিৱেশত সৰু-সুৰা হ্ৰস্বম্যাদী সংশোধন স্বাভাৱিক কিয়নো Shiba Inuৰ মূল্যই চিহ্নিত অৰ্থনৈতিক মুদ্ৰাস্ফীতি দেখুৱাইছে।বিনিয়োগকাৰীসকলে ইয়াত অংশগ্ৰহণ কৰিবলৈ আৰু পিছত লাভালাভ অর্জন কৰিবলৈ এই বৰ্তমানৰ কুলডাউনৰ সুযোগ ল’ব পাৰে।যিহেতু এইটো স্পষ্ট হৈ পৰিছে যে Shiba Inuকইনে আৰু বহুতো মুনাফা আগবঢ়াবলৈ বাকী আছে।

দায়লুপ্তি: ক্ৰিপ্ট’কাৰেন্সী আইনী নিবিদা নহয় আৰু বৰ্তমান অনিয়ন্ত্ৰিত পৰ্যায়ত আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি ক্ৰিপ্ট’কাৰেন্সীৰ ব্যৱসায় কৰোঁতে পৰ্যাপ্ত পৰিমাণৰ বিপদাশংকা মূল্যায়ন কৰিব, কিয়নো এইবিলাকৰ মূল্য প্ৰায়েই উচ্চ হাৰত অস্থিৰভাৱে উঠা-নমা কৰি থাকে। এই অংশত প্ৰদান কৰা তথ্যই কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ বা WazirXৰ আনুষ্ঠানিক স্থিতিৰ প্ৰতিনিধিত্ব নকৰে। WazirX-এ যিকোনো সময়তে আৰু আগতীয়া জাননী অবিহনেই, যিকোনো কাৰণত এই ব্লগ প’ষ্টটো সংশোধন বা পৰিৱৰ্তন কৰাৰ অধিকাৰ, একমাত্ৰ নিজা বিবেচনাত সংৰক্ষিত কৰি ৰাখিছে।

Leave a Reply