
Table of Contents
সাম্প্ৰতিক পৰিস্থিতিত ক্ৰিপ্ট’ মাৰ্কেটৰ প্ৰচলন চলিছে৷ ই আগবঢ়োৱা উচ্চ মুনাফাৰ সৈতে, বহুতো লোকে ক্ৰিপ্ট’কাৰেন্সীৰ প্ৰতি বহু লোক আগ্ৰহী হৈছে৷ ক্ৰিপ্ট’কাৰেন্সী ট্ৰেডিং এ CFD একাউণ্টৰ সহায়ত ক্ৰিপ্ট’ৰ মূল্যৰ সালসলনি বা ক্ৰিপ্ট’ বিনিময়সমূহৰ জড়িয়তে ক্ৰয় আৰু বিক্ৰীৰ অনুমান কৰে৷ ক্ৰিপ্ট’কাৰেন্সী উদ্যোগটো অতি অস্থিৰ৷ এই অস্থিৰতাৰ বাবেই ইয়াক প্ৰায়ে ষ্টক মাৰ্কেটৰ সৈতে তুলনা কৰা হয়৷ মানুহে সাধাৰণতে এই দুটাৰ মাজত বিভ্ৰান্ত হয়৷
কিন্তু চিন্তা নকৰিব, কিয়নো আমি আপোনাৰ কথা চিন্তা কৰিছো! ষ্টক মাৰ্কেট আৰু ক্ৰিপ্ট’ মাৰ্কেটৰ মাজৰ পাৰ্থক্য সম্পৰ্কে এয়া হ’ল এক বিতং নিৰ্দেশাৱলী, গতিকে পিছত যেতিয়া আপোনাক যিকোনো ব্যক্তিয়ে ক্ৰিপ্ট’ সম্পৰ্কে বক্তৃতা দিবলৈ আৰম্ভ কৰিব, তেতিয়া তেওঁক জনাবলৈ আপোনাৰ হাতত কিছু তথ্য উপলব্ধ থাকিব৷ পঢ়ক!
ক্ৰিপ্ট’ মাৰ্কেট কি?
আহক আপোনাক একেবাৰে মৌলিক বিষয়বস্তুসমূহৰ পৰা আৰম্ভ কৰো৷ বজাৰ হ’ল এখন ঠাই যত সামগ্ৰীবোৰৰ বেহা, ক্ৰয় আৰু বিক্ৰী কৰা হয়৷ গতিকে এইটো এটা সাধাৰণ জ্ঞান যে ক্ৰিপ্ট’ মাৰ্কেট এখন বজাৰ যত ক্ৰিপ্ট’কাৰেন্সীৰ বেহা কৰা হয়৷ তথাপিও, তাত এটা কথা আছে৷ সেইবোৰৰ কোনো কায়িক অবয়ব নায়৷ সেইবোৰ কেৱল আপোনাৰ স্ক্ৰীণত বিদ্যমান থাকে আৰু ব্লকচেইনত কাম কৰে৷
ক্ৰিপ্ট’ নেটৱৰ্কসমূহ বিকেন্দ্ৰীভূত কৰা হয়, তাৰ অৰ্থ হ’ল সেইবোৰ কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বা সমৰ্থিত নহয়৷ তাৰ পৰিবৰ্তে, সেইবোৰ কম্পিউটাৰবোৰৰ নেটৱাৰ্কত চলে৷
তথাপিও, ক্ৰিপ্ট’কাৰেন্সীসমূহ ক্ৰিপ্ট’কাৰেন্সী বিনিময়সমূহৰ জড়িয়তে ক্ৰয় কৰিব আৰু বিক্ৰী কৰিব পাৰি৷ সেইবোৰ আনকি ‘ৱালেটচ’ ত সঞ্চয় কৰিব পাৰি, যি দুটাৰ উভয়ৰে আপুনি WazirX ত লাভ কৰিব পাৰে৷ পৰম্পৰাগত কাৰেঞ্চীসমূহৰ বিপৰীতে, ক্ৰিপ্ট’কাৰেন্সীসমূহ ব্লকচেইনত সঞ্চিত এক মালিকীস্বত্ব অংশীদ্বাৰত্বৰ ডিজিটেল ৰেকৰ্ড হিচাপে বৰ্তি থাকে৷ যেতিয়া এজন ব্যৱহাৰকাৰীয়ে আন এজন ব্যৱহাৰকাৰীলৈ ক্ৰিপ্ট’কাৰেন্সী মুদ্ৰা প্ৰেৰণ কৰিব বিচাৰে, তেওঁলোকে এইটো তেওঁলোকৰ ডিজিটেল ৱালেটত প্ৰেৰণ কৰে৷ যেতিয়ালৈ মাইনিং প্ৰক্ৰিয়াৰ মাজৰেৰে যেতিয়ালৈ ব্লকচেইন ত নিশ্চিত নোহোৱালৈ আৰু বৃদ্ধি নোহোৱালৈ লেনদেনটো নিৰ্দিষ্ট বুলি ধৰি লোৱা নহয়৷ এই প্ৰক্ৰিয়াটো নতুন ক্ৰিপ্ট’কাৰেন্সী টোকেনসমূহ সৃষ্টি কৰিবলৈও ব্যৱহাৰ কৰা হয়৷ যিহেতু আমি ব্লকচেইন বহুবাৰ উল্লেখ কৰিছো, আপোনাৰ এটা সচৰাচৰ প্ৰশ্ন মনলৈ আহিব পাৰে যে, এই ব্লকচেইন প্ৰকৃততে কি? বাৰু, আপুনি শিশু অৱস্থাত খোজকাঢ়িবলৈ লওঁতে খেলা লেগো ব্লকবোৰ মনত আছেনে? আপুনি সেইবোৰ সংযুক্ত কৰি কিদৰে স্তম্ভবোৰ নিৰ্মাণ কৰিছিল?
ব্লকচেইনেও প্ৰায় একেটা কামকে কৰে৷ কেৱল এই পৰিস্থিতিত, লেগ’ ব্লকবোৰ ডাটা ব্লকেৰে সালসলনি কৰা হয়৷ ব্লকচেইনৰ কামবোৰ হ’ল ‘ব্লকবোৰৰ’ লেনদেন নথিভুক্ত কৰি, চেইনডালৰ সন্মুখভাগত নতুন ব্লক যোগ কৰা৷
এইটো কোৱাটো উচিত যে ক্ৰিপ্ট’কাৰেন্সী অপৰাধীসকল আৰু টকা বেআইনীভাৱে লেনদেন কৰা সকলৰ বাবে বুলি থকা পূৰ্বৰ ধাৰণাটোৰ পৰা বহু আঁতৰি আহিছে৷ আজি এইটো অনুমান কৰা হয় যে ক্ৰিপ্ট’কাৰেন্সীয়ে হয়টো গেমিং উদ্যোগটো, মিডিয়া, আৰু আনকি স্বাস্থ্যসেৱাটো আমোল পৰিবৰ্তন আনিব পাৰে৷
তথাপিও, ক্ৰিপ্ট’ মাৰ্কেটখন ষ্টক মাৰ্কেটতকৈ বহুত পৃথক৷ যদি আপুনি ক্ৰিপ্ট’ মাৰ্কেটখনত নতুন কিন্তু ষ্টকত বহুত পূৰণি, তেন্তে এই ক্ষেত্ৰখনত আগুৱাই যোৱাটো কঠিন হ’ব পাৰে৷ ষ্টক আৰু ক্ৰিপ্ট’ৰ মাজত সকলোতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল সেইবোৰ কিদৰে মূল্য নিৰ্ধাৰণ কৰা হয়৷ ষ্টকবোৰ বৈধ কোম্পানীৰ দ্বাৰা সমৰ্থিত যিয়ে এক মুনাফা প্ৰদান কৰিব বুলি আশা কৰা যায়৷ সেইবোৰৰ মূল্যাংকনৰ অংশ হিচাপে তেওঁলোকৰ কায়িক সম্পত্তি অন্তৰ্ভুক্ত কৰে৷ দৰাচলতে, যদি আপোনাৰ সংখ্যাৰ জ্ঞান ভাল, আপুনি গণিত ব্যৱহাৰ কৰি ষ্টকবোৰৰ মূল্য সঠিক হৈছে নে নাই যুক্তিসংগতভাৱে অনুমান কৰিব পাৰিব৷
অন্যহাতে, ক্ৰিপ্ট’কাৰেন্সীসমূহ, বেছিভাগ ক্ষেত্ৰতে সম্পত্তিৰ দ্বাৰা সমৰ্থিত নহয়৷ সেইবোৰৰ বেছিভাগেই প্ৰচাৰৰ ওপৰত ভিত্তি কৰি অনুমান কৰি হয়, যদিওবা কিছুমানৰ কাৰ্য্যক্ষমতাৰ ওপৰত ভিত্তি কৰি মূল্যৰ উত্তৰণ হয়৷ ফলস্বৰূপে, এইটো হ’ল বিষয়বস্তুকেন্দ্ৰিক মূল্যাংকন৷ সেয়েহে, এটা নিৰ্দিষ্ট কাৰেঞ্চী মূল্য সঠিক হয় নে নহয় এইটো সদায়ে অনুমান কৰাটো সহজ নহয়৷
ষ্টক মাৰ্কেট আৰু ক্ৰিপ্ট’ মাৰ্কেটৰ মাজত পাৰ্থক্য৷
ওপৰত উল্লেখ কৰা মূল্যাংকনৰ পাৰ্থক্যৰ উপৰিও, দুয়োখন মাৰ্কেটৰ মাজত আন কেইবাটাও পাৰ্থক্য আছে৷ আহক সেইবোৰ আলোচনা কৰো৷
#1 বিকেন্দ্ৰীকৃত আৰু কেন্দ্ৰীভূত বিনিময়
আগতে উল্লেখ কৰাৰ দৰে, ক্ৰিপ্ট’কাৰেন্সীসমূহ বিকেন্দ্ৰীভূত কৰী হয়, আনহাতে ষ্টকবোৰ কেন্দ্ৰীভূত গাঁথনিৰ অধীনত থাকে৷ এইটোই ফলস্বৰূপে বুজাই যে ক্ৰিপ্ট’ৰ কাৰ্য্যপ্ৰণালীসমূহ আৰু লেনদেনসমূহ কোনো কেন্দ্ৰীয় সংস্থা বা অন্য কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়৷ এই বিকেন্দ্ৰীকৰণে ক্ৰিপ্ট’ ব্যৱহাৰকাৰীসকলক অত্যন্ত স্বচ্ছতা আৰু নিয়ন্ত্ৰণ প্ৰদান কৰে৷ তথাপিও, ষ্টকসমূহ আৰু ক্ৰিপ্ট’ৰ পৰা লাভ কৰা মুনাফাসমূহ কৰৰ বিষয়বস্তু৷
এই অনিয়ন্ত্ৰিত প্ৰকৃতিৰ এটা অসুবিধা হ’ল ক্ৰিপ্ট’ মাৰ্কেটখনত প্ৰবঞ্চনাৰ বাবে সম্ভাৱণা অধিক৷ কুশাসন আৰু প্ৰবঞ্চনা প্ৰতিৰোধ কৰাৰ বাবে ভাৰতত ষ্টক বিনিময় মাৰ্কেটখন কেন্দ্ৰীভুত নিয়মৰ অধীনত কাম কৰে৷ ইয়াক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া (RBI) আৰু চিকিউৰিটিচ এণ্ড এক্সঞ্জ বৰ্ড অফ ইণ্ডিয়া (SEBI) ৰ দ্বাৰা নিয়ন্ত্ৰিত৷
#2 অস্থিৰতা
ষ্টকবোৰ আৰু ক্ৰিপ্ট’কাৰেন্সী কেতিয়াবা একেসমান বুলি গণ্য কৰা হয় কাৰণ উভয়ে মাৰ্কেট পৰিবৰ্তনৰ বিষয়বস্তু৷ তথাপিও, সেইবোৰৰ অস্থিৰতা বহুত পৃথক হয়৷ ক্ৰিপ্ট’ বিনিময় এক অত্যন্ত লাক্ষজনক বেহাৰ বিকল্প কাৰণ ই ইয়াৰ বিকশিত মাৰ্কেটত বিপদাশংকাৰ সৈতে আৱৰি আছে৷
ইয়ে ক্ৰিপ্ট’ মাৰ্কেটখন অত্যন্ত অস্থিৰ কৰি তোলে আৰু ফলস্বৰূপে ক্ষিপ্ৰ আৰু উচ্চ মুনাফাৰ এক উৎস৷ ইয়াৰ তুলনাত, ষ্টক মাৰ্কেটখন অতিকে স্থিৰ, আনকি কিছু অৰ্থত প্ৰচলিত, আৰু বিভিন্ন ব্যৱসায়িক বিকল্পও প্ৰদান কৰে৷ এক ষ্টক মাৰ্কেটত মুনাফাৰ অনুমান কৰাটো তুলনামূলকভাৱে সৰল৷
#3 লাভ নিয়ন্ত্ৰণক কাৰকসমূহ
ষ্টক মাৰ্কেট আৰু ক্ৰিপ্ট’ মাৰ্কেট উভয়ে চাহিদা আৰু যোগানৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ তথাপিও, এই চাহিদা আৰু যোগানক প্ৰভাৱিত কৰা মূল কাৰকসমূহ পৃথক হয়৷ ষ্টক মাৰ্কেটৰ বাবে, এইটো ৰাজনৈতিক সিদ্ধান্তবোৰ, ষ্টকটো যিটো কোম্পানীৰ হয় সেই কোম্পানীৰ বিষয়ে বাতৰি, প্ৰকৃতিক দুৰ্যোগ, আদিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷
অন্যহাতে, ক্ৰিপ্ট’ৰ মূল্য সাধাৰণতে ই সৃষ্টি কৰাৰ প্ৰচাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ আৰু আহক আমি আপোনাক এটা উচিত সতৰ্কবাণী প্ৰদান কৰো, এইটো হয়টো ইলন মাষ্কৰ টুইটৰ দৰে তুচ্ছ কিবা এটাও হ’ব পাৰে৷ কেতিয়াবা ক্ৰিপ্ট’কাৰেন্সীৰ মূল্যৰ তাৰতম্য ক্ৰিপ্ট’কাৰেন্সীৰ কাৰ্য্যক্ষমতাৰ ওপৰতটো নিৰ্ভৰ কৰে৷
সামৰণি
স্বাভাৱিকতে, মানুহে তেওঁলোকৰ সম্পত্তি গঢ়াৰ বাবে তেওঁলোকৰ টকা এটা ভাল উৎসত বিনিয়োগ কৰিব বিচাৰে৷ সকলো ধৰণৰ বিনিয়োগৰ বিকল্পবোৰ এক নিৰ্দিষ্ট প্ৰকাৰৰ বিপদাশংকাৰ সৈতে আহে৷ তথাপিও, সকলো বিনিয়োগ অস্থিৰতাৰ ক্ষেত্ৰত পৃথক হয়, আৰু কিছুমানে অতি সহজে নিজকে সুৰক্ষিত কৰিব পাৰে বহৎ অৰ্থনৈতিক আঘাতসমূহৰ পৰা৷
এইটো কাৰণতে, 21তম শতিকাত, ক্ৰিপ্ট’কাৰেন্সী আৰু ষ্টক মাৰ্কেট বিনিয়োগৰ শীৰ্ষতম পছন্দ হিচাপে আত্মপ্ৰকাশ কৰিছে৷ এইটোই ক্ৰিপ্ট’ মাৰ্কেট বানাম ষ্টক মাৰ্কেটৰ মাজত এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ সেইবোৰৰ বিপদাশংকাৰ সম্ভাৱণাৰ ওপৰত নিৰ্ভৰ কৰি, কোনোৱে দুয়োটাৰে যিকোনো এটাত, বা আনকি দুয়োটাতে বিনিয়োগ কৰিব পাৰে৷ আপুনি বহুতো জনপ্ৰিয় ক্ৰিপ্ট’ বিনিময়সমূহ বিবেচনা কৰি সহজতে সুৰক্ষিতভাৱে ক্ৰিপ্ট’কাৰেন্সীত বিনিয়োগ কৰিব পাৰে, WazirX সেইবোৰৰ ভিতৰৰে এটা.
তাৰোপৰি পঢ়ক:
ভাৰতীয় ক্ৰিপ্ট’কাৰেন্সী মাৰ্কেট – 2021 ত কি আশা কৰিব পাৰি?
দিনটোৰ ট্ৰেডিংৰ বাবে ভাৰতত উত্তম ক্ৰিপ্ট’কাৰেন্সীসমূহ (2021)
ক্ৰিপ্ট’ মাৰ্জিন ট্ৰেডিংৰ বাবে এক গাইড: সংজ্ঞা, ভাল আৰু বেয়াবোৰ
